সেই দিনবোৰ
বাহাৰুল ইছলাম(শিক্ষক)
বালিজান, মৰিগাঁও
নয়নত ভাহে সেউজ সনা দলিচাবোৰ
কৰ্ণগোচৰ হয় আজিকোপতি
সপোনৰ লাহী পাহিবোৰ
যিবোৰ আছিল নীলিম আৰু সতেজ
আলসুৱা বচনে কঢ়িয়ায়
জীয়াই থকাৰ মাদকতা
নষ্টালজিয়া হৈ পৰোঁ বাৰে বাৰে।
জাওজাওকৈ নামি আহিছিল
সুখৰ বৃষ্টি
সেইবোৰত তিতি আত্মাহাৰা হৈছিল কত
কতজনে এলানি মালা ৰচিছিল সপোনৰ
আশাৰ বিৰিখে মিচিকি-মাচাক হাঁহিছিল
বন্ধু আছিল জোন, বেলি, তৰাবোৰ
অতিথি হৈ জোনবাইৰ বুকুত
কত খেলিছিল তিৰবিৰ তৰাবোৰৰ স’তে
কোনোবাজন আছিল মগ্ন
হিংসাৰ গৰাখহনীয়াক ৰোধ কৰি
সততাৰ নৌকা গঢ় দিয়াত।
পৰোপকাৰৰ জৰীডাল বৰ মজবুত আছিল
তাত অনেক মানুহ উঠে
ভ্ৰমি ফুৰে, আড্ডা দিয়ে
নিকা হৃদয়বোৰৰ বাৰেবৰণীয়া ছবিবোৰ
ভাহি উঠিছিল য’তে ত’তে,
সেইবোৰ হয়তো তাহানিকলীয়া হোজা আছিল
যিবোৰ আছিল আধুনিকতাৰ পৰশৰ পৰা বঞ্চিত।
উভতি চাও সেই দিনবোৰ
য’ত কুঁহিপাত আছিল
আজি তাত মৰহা বিৰিখে বিনাইছে
হালিজালি নাচি ফুৰা ফুলবোৰ
প্লাৱনত ভাহি গ’ল
হয়তো উভতি নহাৰ পণ লৈ,
নিভাঁজ মৰম-স্নেহবোৰ
শ্মাশান-কবৰে পঞ্জীয়ন কৰিলে কেতিয়াবাই
অট্টহাঁহিবোৰে মৌনব্ৰত পালিছে
অনবৰতে কৰ্ণগোচৰ হয়
মনুষ্যত্বৰ বিশাল পথাৰখনিৰ বিষাক্ত ৰোদন।
আজি সময়ৰ চোতালত বন্দী সৱে
কেৱল মাথোঁ সেতু আৰু সেতু
হত্যাৰ পৰা ধৰ্ষণলৈ
অন্যায়ৰ পৰা অত্যাচাৰলৈ
নিৰস হাঁহিৰ পৰা বিষাদৰ চকুলোলৈ
নৰকৰ বতাহত যেন উমলি-যামলিছে
আন্ধাৰৰ ৰজা-প্ৰজা সৱে।