সেই ছোৱালীজনী- শতাব্দী শৰ্মা

Pc Women Chapter
সেই ছোৱালীজনী
বিদ্যামন্দিৰৰ অর্কমেনিয়া গছজোপাৰ তলত
                     ছোৱালীজনীৰ ভাবনাৰ সীমান্তত ,
এজাক পক্ষীৰ কাকলিৰ মাজত
                      পুথিভঁৰালৰ বাকৰিত ,
বতৰৰ বতৰা জনাৰ মন নাই
কথা পতাৰো আগ্ৰহ নাই ৷
অর্কমেনিয়া গছৰ পাতবোৰলৈ চাই
ছোৱালীজনীয়ে কি ভাবি পাই !!!!!
পক্ষীজাকৰ কাকলিয়েও
তাইৰ নীৰৱতা ভংগ কৰিব পৰা নাই ৷
পুথিভঁৰালৰ মহান সমুদ্ৰৰ
                 নিৰৱচ্ছিন্ন ছবি তাইৰ চকুত ভাহিছে ৷
সেই সমুদ্ৰ জানো সহজে
                  সাতুঁৰিব পাৰিব !!!!
অর্কমেনিয়া গছৰ ছাঁত বহি তাই
          মহান সমুদ্ৰৰূপী কিতাপৰ চিন্তাত
                         ডুব যায় ৷৷
শতাব্দী শৰ্মা

বি বি ৰোড, আমোলাপট্ৰী নগাওঁ