সৃষ্টিৰ  খনিকৰ অমৰ শিল্পী  জুবিন গাৰ্গ – নিবেদিতা হাজৰিকা

সৃষ্টিৰ  খনিকৰ অমৰ শিল্পী  জুবিন গাৰ্গ

নিবেদিতা হাজৰিকা,লখিমপুৰ

হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গ প্ৰতিজন অসমীয়াৰ হিয়াৰ আপোন আৰু গৌৰৱৰ প্ৰতীক।সংগীতৰ যাদুকৰ (Music magician)  , ‘অসমৰ আত্মাৰ কণ্ঠ ‘ পৰিচিত এই গৰাকী মহান শিল্পীৰ হাতত প্ৰতিটো গীতেই মূৰ্ত হৈ উঠিছিল, হৈ পৰিছিল অনন্য।  তেখেত আছিল সৃষ্টিৰ প্ৰতীক। বহুমুখী সৃষ্টিৰ অধিকাৰী এইজন শিল্পীৰ  প্ৰতিভা বিস্ময়কৰ। কালজয়ী সুৰৰ জালেৰে সকলোকে মোহিত কৰা শিল্পী গৰাকীৰ সংগীতৰ পথাৰখনত  যি দখল আছিল, যি প্ৰভাৱ বিস্তাৰ কৰিছিল সি আছিল  বিস্ময়কৰ। জনপ্ৰিয়তাৰ তুংগত আৰোহণ কৰা শিল্পী গৰাকী যে কেৱল এজন বিখ্যাত গায়কেই আছিল তেনে নহয়, তেখেত আছিল একেধাৰে এজন সফল সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ ,  চলচিত্ৰ নিৰ্মাতা, চলচিত্ৰ অভিনেতা, চিত্ৰনাট্যকাৰ । সংগীতৰ ক্ষেত্ৰখনত তেখেতৰ দখল আছিল বিস্তৃত।কণ্ঠৰ যাদুৰে সকলোকে মোহাচ্ছন্ন  কৰি ৰখা এইগৰাকী কিংবদন্তী শিল্পীয়ে অসমীয়া  সংগীত জগতত এক নতুন ধাৰা সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।তেখেতৰ গীতৰ গুণমুদ্ধ অসংখ্য।সৃষ্টিৰ মাজেৰে লক্ষ-লক্ষ লোকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। কণ্ঠত যাদু , শব্দৰ যাদুকৰী প্ৰয়োগ সকলো মিলি প্ৰতিটো  সৃষ্টি হৈ পৰিছিল অনন্য।

 ‘ সাংস্কৃতিক আইকণ’  এই বিভূষণেৰে বিভূষিত শিল্পী গৰাকী আছিল এক ঈশ্বৰ প্ৰদত্ত সুমধুৰ গীতৰ অধিকাৰী । অতি কম  সময়ৰ ভিতৰতে এই  মহান শিল্পী গৰাকী অসমৰ প্ৰতিখন ঘৰৰে এক চিনাকি নাম হৈ পৰিছিল আৰু লাহে-লাহে সেই নাম দশোদিশ বিয়পি পৰিছিল। তেখেতৰ কণ্ঠৰ  এক অনন্য সুৰ আৰু শক্তি  আছিল, যাৰ বাবে তেখেতে লক্ষধিক জনতাৰ  হৃদয়ত স্থান লভিবলৈ সক্ষম হৈছিল। এজন শিল্পীৰ বাবে ইয়াতকৈ ডাঙৰ হয়তো এক হ’ব নোৱাৰে।  সকলো সময়তে নতুন  সৃষ্টিৰ মাজত মগ্ন হৈ থাকি ভাল পোৱা জুবিন গাৰ্গৰ সৃষ্টিশীলতাৰ আঁৰত আছিল তেখেতৰ  অদম্য  ইচ্ছা, নতুন সৃষ্টিৰ হেঁপাহ, নিজস্ব প্ৰতিভা তথা  সংস্কৃতিৰ প্ৰতি থকা গভীৰ মৰম তথা প্ৰীতি, যিয়ে তেখেতক এজন বহু  প্ৰতিভাবান শিল্পী হিচাপে জনতাৰ আগত পৰিচয় কৰাইছিল, গঢ়ি তুলিছিল এজন প্ৰতিভাধৰ হিচাপে।তেখেতৰ সৃষ্টিৰ মূল চালিকা শক্তি আছিল তেখেতৰ নিজৰ অন্তৰৰ  প্ৰেৰণা তথা নিজ জাতি -মাটিৰ প্ৰতি থকা প্ৰেম।এই সমূহৰ উপৰিও তেখেতৰ  সৃষ্টিৰ আঁৰত আছিল তেখেতৰ ব্যক্তিগত অভিজ্ঞতা,  ভাবানুভূতি, দুখ-কষ্ট, আনন্দ ।এই সকলোবোৰ তেখেতে গীতৰ মাধ্যমত প্ৰকাশ কৰিছিল।এই সমূহৰ উপৰিও তেখেতৰ সৃষ্টিত  অসমৰ জাতীয় আবেগৰ এক গভীৰ প্ৰভাৱ পৰিছিল। শিল্পী গৰাকীৰঅসমীয়া সংস্কৃতিৰ প্ৰতি থকা   গভীৰ প্ৰেম  আৰু সমাজৰ  প্ৰতি থকা দায়বদ্ধতাৰ এক অনন্য সংমিশ্ৰণ আছিল  তেখেতৰ অপূৰ্ব আৰু অনন্য সৃষ্টিৰাজি। তেখেতৰ  গীত সমূহে দৰ্শন , আবেগ আৰু প্ৰতিবাদী মনোভাৱৰ এক  বিৰল সংমিশ্ৰণ ঘটাইছিল। উল্লেখ্য যে শিল্পী গৰাকীৰ অনবদ্য সৃষ্টিশীলতাই বিভিন্ন প্ৰজন্মক , ভিন্ন স্তৰৰ লোকক সংগীতৰ মোহেৰে বান্ধি ৰাখিছিল।তেখেতৰ অনন্য প্ৰতিভাধৰ গায়কী বা গায়নশৈলী তথা সুৰৰ  প্ৰতি থকা গভীৰ জ্ঞানে সাধাৰণ যেন লগা গীতটোও অপূৰ্ব, সমাদৃত কৰি তুলিছিল।সকলোৰে হৃদয় জিনিবলৈ সক্ষম হোৱা এই বিশেষ প্ৰতিভাধৰ শিল্পী গৰাকীয়ে তেখেতৰ গীত বা সৃষ্টিৰাজিৰ জৰিয়তে ভাৰতীয় সংস্কৃতিৰ বিভিন্ন দিশক স্পৰ্শ কৰি গৈছিল ।দুটা দশকৰো  অধিক কাল অসমীয়া সংগীত জগতৰ ভঁৰাল চহকী কৰা শিল্পী গৰাকী আছিল মাটিৰ মানুহ । এক যাদুকৰী কণ্ঠৰ অধিকাৰী  শিল্পী গৰাকীয়ে নিজ সৃষ্টিশীলতা বা নিজ কৰ্মদক্ষতাৰে বহু কেইটা দশক জুৰি কেৱল অসমৰ ৰাইজকে নহয়, সমগ্ৰ বিশ্বতে খলকনি ,আলোড়ন আৰু জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। তেখেতৰ বহু ভাষিক গীত, অসমীয়া ছবিৰ সংগীত, লোকগীত ,পপ ,ৰক আৰু  অন্যান্য সংগীতৰ সংমিশ্ৰণে সংগীত জগতক সমৃদ্ধ কৰিছিল।   নিজস্ব সৃষ্টিৰাজিৰে তথা স্বকীয় প্ৰকাশ ভংগীৰে জীৱন্ত কিংবদন্তীলৈ পৰিণত হৈছিল শিল্পী গৰাকী। ৪০ ৰো অধিক ভাষা- উপভাষাত কণ্ঠ নিগৰোৱা এই গৰাকী মহান শিল্পী সঁচাই সৃষ্টিৰ খনিকৰ। তুলনাবিহীন সেই সৃষ্টি। বিভিন্ন সংগীতৰ চানেকি , চলচিত্ৰ আৰু সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে অসমীয়া লোকক সংস্কৃতিৰ সৈতে একাত্ম কৰিবলৈ সক্ষম হোৱা শিল্পী জনেই হৈছে সৃষ্টিৰ খনিকৰ জুবিন গাৰ্গ। সীমাৰ পৰিধি অতিক্ৰমী  অতুলনীয় সৃষ্টিশীল দক্ষতা তথা প্ৰতিভাৰে অসমীয়া তথা ভাৰতীয় সংগীত জগতৰ এক ভোটা তৰা তথা জনপ্ৰিয় শিল্পী হিচাপে তেখেতে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল।

নিজস্ব দক্ষতাৰে   সংগীতৰ জগত খনত নিজৰ স্থান আৰু পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হোৱা বহু প্ৰতিভাৰ আকৰ   স্বৰূপ শিল্পী জুবিন গাৰ্গ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ  এক শক্তিশালী সাংস্কৃতিক প্ৰতীক, যিয়ে সৃষ্টিৰ  মাধ্যমেৰে  স্থানীয়  তথা জাতীয় পৰ্যায়তো জগত জিনি এক নতুন পৰিচয়  দাঙি ধৰিবলৈ সক্ষম হৈছিল। সুন্দৰ -সুন্দৰ সৃষ্টিৰাজিৰ জৰিয়তে অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰিবলৈ সক্ষম  হোৱা সৃষ্টিৰ খনিকৰ , সংগীতৰ কাৰিকৰ , প্ৰাণৰ শিল্পী গৰাকী সকলোৰে হৃদয়ত সজীৱ হৈ আছে আৰু আগলৈও থাকিব।  সুৰেৰে জগত জিনি, সুৰেৰে অজস্ৰ জনক মোহিত  কৰা শিল্পী গৰাকীৰ এই অনন্য প্ৰতিভা সঁচাই বিস্ময়কৰ।