সৃষ্টিৰ অন্য এক নাম নাৰী
এখন সমাজ উন্নয়নৰ দিশত গতি কৰিবলৈ হ’লে নাৰীৰ ভূমিকা বহুত গুৰুত্বপূৰ্ণ। প্ৰত্যেক বছৰে ৮ মাৰ্চ তাৰিখে আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়। বিশ্বৰ প্ৰত্যেকখন দেশে ভিন ভিন উদ্দেশ্য আগত ৰাখি আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰে। নাৰী অবিহনে সমাজ এখনৰ কথা কল্পনাই কৰিব নোৱাৰি। প্ৰাচীন কালত নাৰীক পূজা কৰা হৈছিল। কিন্তু কালক্ৰমত বিভিন্ন কাৰণত নাৰীয়ে নিজৰ স্থান হেৰুৱাই। ভাৰতবৰ্ষৰ এতিয়াও বহুতো অঞ্চলত নাৰীক মাতৃৰ দৃষ্টিৰে চোৱাৰ লগতে পূজা কৰে। আনহাতে, আমাৰ অসমীয়া সমাজত নাৰীৰ সদায় এক উচ্চ স্থান আছে। যি দেশত নাৰীক সন্মান কৰা নহয় সেই দেশে কেতিয়াও সভ্যতা তথা উন্নয়নৰ মুখ নেদেখে। বৰ্তমান সময়ত সকলো দিশতে মহিলাই আকাংক্ষিত স্থান পাবলৈ সক্ষম হৈছে। যি দেশত নাৰীক সন্মান কৰা নাই সেই দেশৰ অৱস্থা আমি বিভিন্ন গন মাধ্যমত দেখিবলৈ পায়ে থাকো। প্ৰাচীন কালত পৃথিৱীৰ বহুতো দেশত মহিলাক ভোট দিবলৈ দিয়া হোৱা নাছিল। কেৱল সমাজৰ ধনীক শ্ৰেণী আৰু শিক্ষিত সমাজেহে ভোটদানৰ অধিকাৰ পাইছিল! আৰু সেই দেশবোৰত গণতন্ত্র কেতিয়াও শক্তিশালী হোৱা নাছিল।
সমাজখন উন্নয়নৰ দিশত আগুৱাই যাবলৈ হ’লে নাৰীক সমান মৰ্যাদা দিবই লাগিব। সৃষ্টিৰ অন্য এক নামেই হ’ল নাৰী। নাৰীয়ে যিদৰে সৃষ্টি কৰিব পাৰে, ঠিক তেনেদৰে ধ্বংসও কৰিব পাৰে। প্ৰাচীন কালত বহুতো পৰাক্ৰমী ৰজাই নাৰীৰ বাবেই নিজৰ লগতে ৰাজ্যৰ ধ্বংস মাতি আনিছিল। প্ৰাচীন কালৰ পৰা বৰ্তমানলৈ নাৰীৰ বাবে সৃষ্টি আৰু ধ্বংস হোৱা সকলো কথা আমি ইতিহাসৰ পাঠ লুটিয়াই চালে জানিব পাৰোঁ। শিশুৰ বৌদ্ধিক বিকাশ আৰু প্ৰতিভা প্ৰকাশৰ ক্ষেত্রটো এজনী নাৰীৰ প্ৰধান ভূমিকা থাকে। আজিৰ শিশু কাইলৈৰ দেশৰ নাগৰিক। অকল নাগৰিক হ’লেই নহ’ব সুনাগৰিকো হ’ব লাগিব। গতিকে শিশুক সুনাগৰিক কৰিবলৈ হ’লে মাক শিক্ষিত হ’বই লাগিব। শিশুৰ প্ৰথম শিক্ষক নিজৰ মাককে কোৱা হয়। বিদ্যালয়ত আনুষ্ঠানিক শিক্ষা গ্ৰহন কৰাৰ আগতে জীৱনৰ আদিপাঠ গ্ৰহন কৰে মাকৰ পৰা। মাকৰ সৎ চৰিত্রই শিশুৰ নৈতিক চৰিত্র গঠনত সহায়ক হয়। মাক চৰিত্রবান হ’লে শিশুৰ নৈতিক চৰিত্র ভাল হয়। আনহাতে, সেই নৈতিক চৰিত্রই ভৱিষ্যতে শিশুটোক সুনাগৰিক কৰি গঢ়ি তুলিব। গতিকে নাৰী যদি গুনী-জ্ঞানী হয় সমাজখন সৱল হয়। কিন্তু এতিয়াও আমাৰ ভাৰতবৰ্ষ তথা বহুতো উন্নত ৰাষ্ট্ৰত নাৰীৰ সবলীকৰণৰ প্ৰয়োজন আছে। নাৰী সবলীকৰণ হ’লেহে সমাজখন আগুৱাই যাব। কথাতেই কয় নাৰী শক্তি জাগ্ৰত হ’লে কোনো দুষ্কৃতিকাৰীয়ে বেছি দিন ক্ষমতাত থাকিব নোৱাৰে। সেয়া অসমৰ ইতিহাস চালেই আমি সকলো দেখা পাওঁ। মুলাগাভৰুৰ পৰা আদি কৰি কনকলতা বৰুৱালৈ। দুয়োজনীয়ে নিজ মাতৃভূমিৰ বাবে নিজকে বলিদান দিছিল। নাৰী শক্তি জাগি উঠাৰ বাবেই অসম মুলকৰ সকলো বীৰ যোদ্ধা যুদ্ধ আৰু আন্দোলনৰ বাবে আগুৱাই আহিছিল। নাৰী সবলীকৰণ হ’লেহে সমাজ এখন বা জাতি এটা শক্তিশালী হ’ব। জাতি শক্তিশালী হ’লেহে দেশ এখন শক্তিশালী হ’ব ! গতিকে সমাজৰ উন্নয়নৰ বাবে নাৰী শক্তি জাগ্ৰত তথা সবলীকৰণ হ’বই লাগিব।
কমলেশ কাঞ্চন,
দক্ষিণ কামৰূপ
দক্ষিণ কামৰূপ
