সৃষ্টিজ্যোতি কলাকেন্দ্ৰৰ উদ্যোগত ৭ দিনীয়া বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠান

সৃষ্টিজ্যোতি কলাকেন্দ্ৰৰ উদ্যোগত ৭ দিনীয়া বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠান
বুলমণি বৰি, লখিমপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  অসমীয়া সমাজ জীৱনৰ প্ৰতিছবি ব’হাগ বিহু।এই ব’হাগতেই জাতিটোৱে বান্ধে সাতামপুৰুষীয়া ঐক্য শান্তি আৰু ভ্ৰাতৃত্ববোধৰ সোণালী এনাজৰী ।ঘাত প্ৰতিঘাট আঁতৰত ৰাখি জাতিটোৱে ন ৰূপত উজ্জীৱিত হৈ নিজৰ নিজৰ লোক সংস্কৃতিক অক্ষুণ্ণ ৰাখি জাতিয়ে সংস্কৃতিক টনকিয়াল কৰাই ব’হাগ বিহুৰ ধৰ্ম। ৰঙালীক আদৰিবলৈ অসমৰ চৌদিশে এতিয়া ঢোল পেঁপা গগনাৰ মাতত ৰজনজনাই উঠিছে।। লখিমপুৰ জিলাৰ খনাজান জ্ঞান সাগৰ একাডেমীৰ খেলপথাৰত সৃষ্টিজ্যোতি কলাকেন্দ্ৰৰ উদ্যোগত সীমা বড়া মজুমদাৰৰ নেতৃত্বত নৱ প্ৰজন্ম তথা উঠি অহা কণ কণ শিশুসকলক বিহুৰ প্ৰতি অধিক আগ্ৰহী কৰাৰ মানসেৰে সাত দিনীয়া বিহু কৰ্মশালাৰ আয়োজন কৰা হৈছিল। সঞ্চালক বিষেশ্বৰ গগৈ , সহকাৰী সঞ্চালক বিষ্ণুপ্ৰিয়া গোহাঁই। মুখ্য প্ৰশিক্ষক আছিল সুৰভি গগৈ।উক্ত কৰ্মশালাখনত খনাজানকে ধৰি বৃহত্তৰ পহুমৰা অঞ্চলৰ প্ৰায় ৫০ গৰাকী নাচনীয়ে অংশগ্ৰহণ কৰে। যোৱা ৪ এপ্ৰিল তাৰিখে উক্ত কৰ্মশালাখনৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হৈ যায়। সামৰণি অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰী উপেন দাসে বহুল ভাষণ প্ৰদান কৰে। তেখেতে কয় যে আজি নাচনীসকলে ন উদ্যমেৰে আহি বিহুৰ প্ৰশিক্ষণ লৈছে। হয়তো তেখেতলোকে বিভিন্ন মঞ্চত নিজক উপস্থাপন কৰিব। প্ৰতিযোগিতাই মানুহক নিজক চিনি পোৱাত সহায় কৰে। প্ৰতিযোগিতা অবিহনে নিজক নিৰূপণ কৰিব নোৱাৰি। নতুন প্ৰজন্মই বিহু নাচৰ কৌশল আয়ত্ব কৰাৰ লগতে বিহু বিষয়ক জ্ঞানখিনি আয়ত্ব কৰিলেই আমাৰ অসমীয়া জাতিটোৰ নিজস্ব সত্বা বৰ্তি থাকিব। যিহেতু বিহুয়েই ধৰি ৰাখিছে জাতিটোৰ মহত্ব। উল্লেখ্য যে উক্ত সামৰণি অনুষ্ঠানত ৭ দিনীয়া কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীক মানপত্ৰ প্ৰদান কৰে।