সূৰ্যৰ ৰং বগা নে ৰঙীন – বন্দিতা শৰ্মা কন্দলি

Pc youtube

সূৰ্যৰ ৰং বগা নে ৰঙীন

ছবি আঁকি আমি সকলোৱেই ভাল পাওঁ নহয়নে বাৰু! আটাইতকৈ ভাল পোৱা ছবিখন হৈছে “প্ৰাকৃতিক দৃশ্য”। প্ৰাকৃতিক দৃশ্যৰ অন্যতম হৈছে পাহাৰ আৰু বেলি। এই বেলিটো আঁকিবলৈ আটাইতকৈ সহজ।কিয়নো আকাশত থাকিলে গোলকৈ আঁকি ৰঙা ৰং দিওঁ আৰু পাহাৰৰ ফাকবোৰত দেখিলে অৰ্ধবৃত্ত আঁকি ৰঙা ৰং দি জ্যামিতিৰ ৰশ্মিৰ চিন অৰ্ধবৃত্ত ৰ গাত আঁকি দিলেই হৈ গ’ল। কিন্তু কথা হ’ল বেলিটো সঁচাকৈয়ে ৰঙানে বাৰু! মহাকাশ গৱেষণা সংস্থা নাছাৰ মহাকাশচাৰী স্কট কেলি আৰু আন বিজ্ঞানী সকলে কৈছে যে চিত্ৰকৰ সকলে অঁকা হালধীয়া,কমলা বা ৰঙা ৰং দিয়া সূৰ্যটোৰ প্ৰকৃত ৰং ধকধকীয়া বগাহে । বিজ্ঞানী সকলে মহাকাশৰ পৰা সূৰ্যৰ যি ৰূপ দেখা পাই তাত কোনো ৰং দেখা পোৱা নাযায় বুলি কৈছে।
এজাক বৰষুণৰ পাছত যদিহে সূৰ্যটো দিগন্তৰ ওচৰত থাকে তেতিয়া আকাশত ৰামধেনু দেখিবলৈ পাওঁ। এই ৰামধেনুত সাত ৰঙৰ মেলা দেখো। ৰামধেনুৰ ৰঙ কেইটা হৈছে বেঙুনীয়া,ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া,সুমথিৰা, আৰু ৰঙা। সূৰ্যৰ বগা ৰঙৰ মাজতেই এই সাতো ৰং সোমাই আছে। তোমালোকে ফুমাৰি চাবোন পানীৰ বুদ্ বুদ্ উঠালে বা চাৰ্ফ গুলিলে যি ফেন উঠে সেইবোৰ ৰং বিৰঙৰ হৈ পৰে, কিয় বুজি পাইছা চাগে। সূৰ্যৰ পৃষ্ঠভাগৰ উপাদান সমূহৰ ভিতৰত হাইড্ৰʼজেনৰ পৰিমাণ সকলোতকৈ বেছি, অৰ্থাৎ মুঠ আয়তনৰ ৯২% , লগতে হিলিয়াম আৰু কম পৰিমাণৰ লো,নিকেল, অক্সিজেন,কেলছিয়াম, ছিলিকন,মেগনেছিয়াম , কাৰ্বন, নিয়ন আৰু ক্ৰমিয়াম থাকে। পৃষ্ঠভাগৰ উষ্ণতা প্ৰায় 5500° c আৰু ইয়াৰ পৰা যি বগা পোহৰ (সৌৰ বৰ্ণালী) নিৰ্গত হয় সেই পোহৰ বায়ুমণ্ডলৰ মাজেদি আহোঁতে চুটি তৰঙ্গ দৈৰ্ঘৰ বেঙুনীয়া আৰু নীলা ৰশ্মি শোষণ হয় আৰু আমাৰ চকুত ধৰা পৰা হালধীয়া ৰশ্মিৰ তৰংগ ৰ কম্পনাংকই পৃথিৱী পৃষ্ঠ স্পৰ্শ কৰে। নীলা ৰঙৰ বিচ্ছুৰণৰ বাবেই আকাশ নীলা দেখি। ৰাতিপুৱা আৰু গধূলি সময়ত সূৰ্যটো হেলনীয়া অৱস্থাত থকা বাবে সূৰ্যৰ পোহৰে বেছি দূৰত্ব বায়ুমণ্ডলৰ মাজেৰে অতিক্ৰম কৰে বাবে অধিক পোহৰ তৰংগৰ বিচ্ছুৰণ ঘটে ফলত আমি আকাশখন হালধীয়াৰ পৰা ৰঙা পৰ্যন্ত দেখা পাওঁ। এনেদৰেই আকাশত ৰঙৰ মেলা হয় আৰু আমি আপোন পাহৰা হৈ পৰো।

বন্দিতা শৰ্মা কন্দলি
দেৰগাঁও