সূৰ্য্য থিয়েটাৰৰ নাট “মোৰ চকুলোৰে একাপ চাহ,এজন দৰ্শকৰ দৃষ্টিৰে – শৈলেন কুমাৰ

সূৰ্য্য থিয়েটাৰৰ নাট “মোৰ চকুলোৰে একাপ চাহ,এজন দৰ্শকৰ দৃষ্টিৰে

শৈলেন কুমাৰ, মিৰ্জা

যশস্বী নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ ৰচনা আৰু পৰিচালনাৰে সম্বৃদ্ধ সূৰ্য্য থিয়েটাৰৰ ২০২৫/২৬ বৰ্ষৰ এখনি মঞ্চ সফল নাট হৈছে “ মোৰ চকুলোৰে একাপ চাহ, ভ্ৰাম্যমাণ জগতৰ বলিষ্ঠ অভিনেতা মৃদুল ভুঞাৰ অভিনীত এই নাটখনক ইতিমধ্যে দৰ্শকে বিপুল সঁহাৰি জনাই আকোঁৱালি লোৱা পৰিলক্ষিত হৈছে ৷ শদিয়াৰ পৰা ধুবুৰী পৰ্যন্ত এই নাটখনৰ দুটা,তিনিটা দৰ্শনী এটি নিশাত চলিছে ৷ নাটখনৰ কাহিনীৰ পটভূমি এজন চাহ দোকানীৰ জীৱন সংগ্ৰামৰ ওপৰত আধাৰিত,চাহ দোকানীৰ চৰিত্ৰত অভিনয় কৰিছে মৃদুল ভূঞাই ৷ চাহ দোকানখন সম্বল কৰি লৈ চৰিত্ৰটোৱে আনৰ সপোন পূৰণ কৰি এটা সময়ত থমকি ৰৱ লগা হয় ৷ এজন ভায়েকৰ দায়িত্ব,এজন গিৰিয়েকৰ কৰ্তব্য পালন কৰিবলৈ গৈ যি ত্যাগ,বলিদান,সমৰ্পণ স্বীকাৰ কৰিব লগা হয় তাৰেই এক জলন্ত ছবি নাটখনৰ জৰিয়তে দৰ্শক সকলোক দেখুওৱা হৈছে ৷ এখন বাস্তৱধৰ্মী সামাজিক নাট য’ত এজন ব্যক্তিয়ে নিজৰ দায়িত্ব,কৰ্তব্য পালন কৰিবলৈ হ’লে কিমান দুখকষ্ট সহ্য কৰি ঘাটপ্ৰতিঘাটৰ মাজেৰে নিজৰ দুচকুৰ চকুলো মচি নিৰ্ভীকভাবে মেৰুদণ্ড পোনাই খোজ কাঢ়িব লাগে তাৰেই যেন এক বাৰ্তা প্ৰেৰণ কৰিছে ৷ নাট উপভোগ কৰি উঠি যেতিয়া এজন দৰ্শক হিচাপে অভিনেতা মৃদুল ভূঞাক হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সন্দৰ্ভত প্ৰশ্ন কৰা হ’ল তেতিয়া তেখেতে প্ৰথমে জুবিন গাৰ্গক গভীৰ শ্ৰদ্ধাঞ্জলি জনাই কয় জুবিন গাৰ্গৰ প্ৰকৃত সত্তা আমি ৰৈ ৰৈ বিনালে আৰু জয় জুবিন দাৰ মাজতে কৰবাত হেৰুৱালোঁ ৷ ভ্ৰাম্যমাণ জগতত জুবিন গাৰ্গৰ যি বৃহৎ অৱদান সেই ক্ষেত্ৰত ভ্ৰাম্যমাণ জগততৰ হোৱা ক্ষতি আৰু দুনাই পূৰাব পৰা নেযাৱ ৷