সূৰ্য্যৰ অহাৰ বাটেৰে – ময়ূৰী বৰগোহাঁই

সূৰ্য্যৰ অহাৰ বাটেৰে

ময়ূৰী বৰগোহাঁই
নৱম শ্ৰেণী

সূৰ্য্যৰ সন্তান আজি
আকৌ উভতি আহিছে
অগ্নিযুগৰ ফিৰিঙতি হৈ
ডাচকেপিটেলৰ বাটেদি ।
দুহাতত লৈ পল ৰবচনৰ
প্ৰতিবাদৰ জুই আৰু
কাৰ্লমাৰ্ক্সৰ মানচিত্ৰ ।
অতবছৰে নিদ্ৰাৰ কোলাত থকা
মোৰ স্বদেশৰ জণগণে আজি
সাৰ পাই উঠিছে ।
স্বদেশৰ বুকুত সাম্যবাদৰ
পতাকা দিছে উৰোৱায় ।
আৰু মৃত ৰাজপথটোক কৈছে-
‘উঠা ৰাজপথ !
অগ্নিস্ফুলিঙ্গ হৈ উঠা ।
সূৰ্য্যৰ সন্তান আহিছে
ডাচকেপিটেলৰ বাটেদি ।’
স্বদেশত আজি আপোচৰ
ৰাজনীতিয়ে বিকিছে জনতাক ।
খিলঞ্জীয়া অসমীয়া জাতিৰ
গাদ্দাৰেৰে আজি ভৰি পৰিছে
দেশৰ ৰাজনীতি ।
পাহৰি পেলালে সিহঁতে তাহানিতে
জ্যোতি-বিষ্ণুৰ কন্ঠৰে নিগৰা
শ্ৰমিক-বণুৱাৰ শোষণৰ প্ৰাচীৰ ভাঙি
সাম্ৰাজ্যবাদ আৰু পুঁজিবাদৰ
পণ্য আন্তৰ্জাতিকতা
নাশি গোৱা গীতবোৰ ।
পাহৰি পেলালে সুধাকন্ঠৰ
কন্ঠৰে নিগৰা মানৱতাৰ জয়গান,
গণমুক্তিৰ বিপ্লৱী আহ্বান ।
সমাজ আজি দুষ্কৃতিমূলক
মানসিকতা,নিষ্ঠুৰতা, অহমিতা,
স্বেচ্ছাচাৰীতা,ধনতন্ত্ৰবাদী
সমাজ ব্যৱস্থাৰ কায়দা-কৌশলেৰে
ধনী-দুখীয়াৰ বৈষম্য
বিভাজনৰ প্ৰতিফলন ।
সেয়ে আজি সৰ্বহাৰা
স্বৈৰাতন্ত্ৰ তথা সাম্ৰাজ্যবাদী
অপশাসনৰ অৱসানৰ বাবে
জনতা উদ্বুদ্ধ হৈছে ।
স্বদেশত আজি
গণমুক্তিৰ বিপ্লৱী ঢৌ ।
সূৰ্য্যৰ সন্তান আজি
আকৌ উভতি আহিছে
“বাঞ্ছা বিজয়ী আত্মাৰ গৰাকী” হৈ
ডাচকেপিটেলৰ বাটেদি ।
তাহানিতে বিষ্ণুপ্ৰসাদ ৰাভাৰ
কাপ আৰু কন্ঠৰে নিগৰাৰ দৰে-
“সৰৱৰ বীজমন্ত্ৰ
গুপুত সাম্যৰ তন্ত্ৰ
আছে গুপ্তভাৱে
সেই হৃদয়কমলত
যাৰ হৃদয়ৰ পৰা
বয় সমতাৰ ধাৰা
সমানে সমানে ধুই
পৱিত্ৰ জলত ।