সূৰ্যাস্ত
অসীম জ্যোতি দাস
এটা যুগ শেষ হ’ল
এটা যুগ শেষ হ’ল….
এটা সূৰ্য অস্ত গ’ল
যিটো সূৰ্যৰ পোহৰ লৈ
এটা জাতি আছিল জিলিকি
সেই সূৰ্য আজি সাত সাগৰ তেৰ নদীৰ সিপাৰে অস্ত গ’ল !
বুঢ়া লুইতৰ বুকুৱেদি নামি আহিছিল সেই সূৰ্য,
আৰু দুয়োপাৰ বান্ধিছিল সুৰৰ ৰাগীৰে
আজি সেই সূৰ্য অস্ত গ’ল !
কোনো দিনে উদয় নোহোৱাৰ কথা দি
সেই সূৰ্য অস্ত গ’ল,
এটা যুগ শেষ হ’ল……
বুঢ়া লুইতৰ বুকুৱেদি নামি আহোঁতে
লগত আনিছিল সুৰৰ গাগৰি
মৌসনা মিঠা মাতে আই অসমীক দিছিল
আঁচল ভৰাই সুৰৰ ফুল ।
আজি সেই সূৰ্য নোহোৱা হ’ল,
অসমৰ সুৰৰ জগত আজি ৰ’দ হীন হ’ল
এটা যুগ শেষ হ’ল………
এখন নৈ শুকাই গ’ল
য’ত চিৰ প্ৰবাহিত হৈ আছিল,
শংকৰ-মাধৱৰ ঘোষা বৰগীত কীৰ্তনৰ সুৰ,
য’ত বিশ্বই শুনিছিল জ্যোতি বিষ্ণুৰ কালজয়ী সুৰ
সেই নৈয়েই শুকাই গ’ল !
এটা যুগ শেষ হ’ল
এটা যুগ শেষ হ’ল…………..