‘‘সূৰ্যমূখী সময়’’ উন্মোচন

‘‘সূৰ্যমূখী সময়’’ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  অলপতে গোলাঘাট সাহিত্য সভা প্ৰেক্ষাগৃহত পলাশ বৰুৱাৰ সম্পাদনাত কিশোৰ কেন্দ্ৰিক চুটিগল্প সংকলন ‘সূৰ্যমূখী সময়’ উন্মোচন কৰা হয়। একুৰি গল্পৰে সমৃদ্ধ সংকলনটি উন্মোচন কৰে সৰুপথাৰ মহাবিদ্যালয় অধ্যক্ষ ডঃ প্ৰাপ্তি ঠাকুৰে। বিশিষ্ট ব্যক্তি হিচাপে সাৰুৱা বক্তব্য প্ৰদান কৰে শ্ৰী যুত ক্ষীৰোদ কুমাৰ গোস্বামী তথা লেখক, প্ৰবক্তা অসীম চুতীয়াদেৱে। অৰ্ধ শতাধিক গ্ৰন্থপ্ৰেমি ৰাইজৰ উপস্থিতিয়ে সভাখনৰ সৌস্থত বঢ়ায়। সোণিত হাজৰিকা, লেখিকা লোপামুদ্ৰা ভট্টাচৰ্য, মৃগাংক বৰুৱাৰ অনুভৱী বক্তব্যইয়ো ৰাইজৰ আপ্লুত কৰে।