সূর্য-চন্দ্র থকালৈকে অগপ-বিজেপিৰ বন্ধুত্ব সদায় থাকিবঃঅমিত শ্বাহ
ৰঙিলী বাৰ্ত্তাসেৱা- নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ চৌদিশে নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। কলিয়াবৰৰ মিছা হাইস্কুল খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী সভাত এন ডি এ তথা অগপৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ নির্বাচনী সভাত তেওঁ আক্ৰমণৰ লক্ষ্য কৰি লয় বিৰোধী দল কংগ্ৰেছক। কংগ্ৰেছৰ বিৰুদ্ধে এটাৰ পিছত আন এটাকৈ গুৰুতৰ অভিযোগ উত্থাপন কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ অভিযোগ কৰে যে কংগ্ৰেছৰ শাসন কালত অসমে কেৱল উপেক্ষিত হৈ আছিল। তেওঁলোকৰ শাসন কালত অসমৰ গৌৰৱ তথা বিশ্ব প্রসিদ্ধ কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য অনুপ্ৰৱেশকাৰীৰ হাতত গতাই দিছিল। কাজিৰঙাত অনুপ্ৰৱেশকাৰীক বেদখল কৰাৰ সুযোগ দিছিল। যাৰ ফলত বন্য জীৱ-জন্তু আৰু পৰিৱেশৰ বৃহৎ ক্ষতি হয় বুলি উল্লেখ কৰি তেওঁ কয় যে আমাৰ চৰকাৰ অহাৰ পিছত পুনৰ কাজিৰঙাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা হৈছে। এতিয়া কাজিৰঙা সম্পূৰ্ণভাৱে সুৰক্ষিত। আমাৰ চৰকাৰে কেৱল কাজিৰঙাত বেদখল মুক্ত কৰাই নহয়, কাজিৰঙাক বিশ্বৰ পৰ্যটন মানচিত্ৰত এক নতুন মাত্রা প্রদান কৰিছে। ফলত দেশ-বিদেশৰ লাখ লাখ পর্যটকে কাজিৰঙা ভ্ৰমণ কৰিছে। ইয়াৰ ফলত স্থানীয় লোকসকলে কর্মসংস্থাপনৰ সুযোগ লাভ কৰিছে। তেওঁ অভিযোগ কৰি কয় যে কংগ্ৰেছে অসমৰ বিকাশৰ বাবে কেতিয়াও একো নকৰিলে।

তেওঁ ৰাহুল গান্ধীক তাচ্ছিল্য কৰি কয় যে তেওঁ আজি অসম ভ্রমণলৈ আহি ডাঙৰ ডাঙৰ ভাষণ আগবঢ়াইছে। তেওঁক মই প্রশ্ন কৰিছো তেওঁলোকৰ পোন্ধৰ বছৰীয়া শাসন কালত অসমৰ বাবে কি কৰা হৈছিল। কেন্দ্ৰত মনমোহন সিঙৰ চৰকাৰ আৰু অসমত কংগ্ৰেছ চৰকাৰ আছিল। অসমৰ বিকাশৰ বাবে সেই পোন্ধৰ বছৰত কি কৰা হ’ল বুলি প্ৰশ্ন কৰি কয় যে তেওঁলোকে কেবল অসমক দিছিল ১ লাখ ২৮ হাজাৰ কোটি টকা। আমাৰ নেতা নৰেন্দ্ৰ মোদীয়ে কেবল দহ বছৰতে ৯ লাখ ৭৮ হাজাৰ কোটি টকা আগবঢ়াইছেবুলি উল্লেখ কৰি কয় যে ৰাজ্যবাসীয়ে তৃতীয়বাৰৰ বাবে উন্নয়নৰ বাবে এন ডি এক সমর্থন আগবঢ়াব লাগে বুলি উল্লেখ কৰে। প্রণিধানযোগ্য যেবৃহস্পতিবাৰে কলিয়াবৰত নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে। কলিয়াবৰৰ মিছা হাইস্কুল খেলপথাৰত অনুষ্ঠিত নির্বাচনী সভাত এন ডি এ তথা অগপৰ প্রার্থী কেশৱ মহন্তৰ হৈ নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে। কলিয়াবৰত আয়োজন কৰা বিশাল নির্বাচনী সভাত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ, মাধৱদেৱক স্মৰণ কৰি কেন্দ্ৰীয় গৃহমন্ত্রীশ্বাহে ভাষণত ঘোষণা কৰে যে সূর্য-চন্দ্র থকালৈকে অগপ-বিজেপিৰ বন্ধুত্ব সদায় থাকিব। উন্নয়নৰ প্রসংগ উত্থাপন কৰি গৃহমন্ত্রী শ্বাহে কয় যে নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ দিনত দেশৰ অভূতপূর্ব উন্নয়ন হৈছে। অসমো পিছ পৰি থকা নাই। অসমত সকলো ঔৰতে উন্নয়ন হৈছে। এই উন্নয়নৰ ধাৰা বৰ্তাই ৰাখিবলৈ তৃতীয়বাৰৰ বাবে এন ডি এৰ চৰকাৰ প্ৰতিষ্ঠাৰ হেতুকে কলিয়াবৰত হাতীৰ ছবিত ভোট দিব লাগিব।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰসংগ উত্থাপন কৰি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে লগতে কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক অবৈধ বেদখলকাৰীৰ পৰা মুক্ত কৰা হ’ল। বিশ্বপ্রসিদ্ধ এশিঙীয়া গঁড় এতিয়া সুৰক্ষিত। কংগ্ৰেছৰ দিনত বিশ্ব প্রসিদ্ধ এশিঙীয়া গঁড় নিধনযজ্ঞ চলিছিল, কাজিৰঙাৰ ভূমি বেদখলকাৰীৰ হাতত অর্পণ কৰিছিল। ৰাহুল গান্ধীক ‘বাবা ৰাহুল’ বুলি সম্বোধন কৰি কংগ্ৰেছক সমালোচনা কৰি গৃহমন্ত্রী শ্বাহে কয় যে ২০০৪-১৪লৈ অসমত কংগ্ৰেছৰ চৰকাৰ আছিল। প্রধানমন্ত্রী মনমোহন সিং অসমৰ প্রতিনিধি হৈ অসমলৈ মাত্র ১২ হাজাৰ কোটি অনুদান দিছিল। বিপৰীতে মোদী চৰকাৰে ৯৭ হাজাৰ কোটি অসমৰ উন্নয়নৰ বাবে দিছে। নবেন্দ্র মোদীৰ চৰকাৰৰ দিনত ৯ খন চিকিৎসা মহাবিদ্যালয়, কেইবাখনো ইঞ্জিনিয়াৰিং মহাবিদ্যালয় স্থাপন কৰিলে। ব্ৰহ্মপুত্ৰৰ ওপৰত কেইবাখনো দলং নির্মাণ আৰু কেইবাখনো নিৰ্মাণৰত অৱস্থাত আছে। অমিত শ্বাহে লগতে কয় যে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি বিজেপিয়ে স্থাপন কৰিলে, ড° ভূপেন হাজৰিকা, গোপীনাথ বৰদলৈক বিজেপিয়ে ভাৰতৰত্ন প্রদান কৰিলে। বিজেপিৰ দিনতে অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ স্বীকৃতি পালে। কংগ্ৰেছে সদায় হিন্দু-মুছলমানৰ মাজত এক বিভেদৰ সৃষ্টি কৰি আহিছে। বিজেপিয়ে অসমৰ খিলঞ্জীয়া মুছলমানৰ বিৰোধিতা কেতিয়াও নকৰে। আনহাতে, নির্বাচনী প্ৰচাৰ সভাখনত তেওঁ লগতে কয় যে কেশৱ মহন্তৰ দৰে এজন নম্র, শান্ত আৰু ৰাইজৰ বাবে কাম কৰা মন্ত্রী আমাক প্ৰয়োজন। বিগত কার্যকালত কলিয়াবৰত বহু উন্নয়নমূলক কাম কৰিলে। সেয়ে আগন্তুক সময়ত বিজেপি-অগপ তথা মিত্রজোটৰ চৰকাৰ গঠন হ’ব।
