সুৰেন্দ্ৰ সংগীত মহাবিদ্যালয়ত ‘মোৰ মন পখী’ গীত উন্মোচন
ৰঙিলী বাৰ্ত্তাসেৱা- গণেশপাৰাস্থিত সুৰেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত উন্মোচন ‘মোৰ মন পখী’ শীৰ্ষক এটি নতুন অসমীয়া শ্ৰব্য গীত উন্মোচন কৰা হয়৷সুৰেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা ৰীণা দাস আৰু কস্তৰী কাশ্যপে আঁত ধৰা গীতটি উন্মোচন কৰে আৰ্যবিদ্যাপীঠ মহাবিদ্যালয়ৰ গণিত বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক সুশীল চন্দ্ৰ বৰঠাকুৰে৷ গীতটিত কণ্ঠ দান কৰিছে অসমৰ এগৰাকী জ্যেষ্ঠ অনাতাঁৰ শিল্পী লগতে সুৰেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা ৰীণা দাসে।গীতৰ সুৰ আৰু কথা ৰীণা দাসৰ লগতে গীতৰ সংগীত ব্যৱস্থাপনা কৰিছে অসমৰ আগ শাৰীৰ মেণ্ডোলিন শিল্পী নিৰ্মল দাসে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত উন্মোচিত গীতৰ অনুষ্ঠানত উপস্থিত থাকে গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ সম্পাদক ৰঞ্জন বড়ো,স্বেচ্ছাসেৱী সংস্থা ‘জনসেৱা’ৰ সভাপতি কুমুদ শৰ্মা,বিশিষ্ট বাদ্যশিল্পী নিৰ্মল দাস,সুৰেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ পৰিচালন সঞ্চালক সোনেশ্বৰ দাসকে আদি কৰি সমাজৰ কেইবাগৰাকী ও সন্মানীয় ব্যক্তি৷অনুষ্ঠানটিত উপস্থিত সকলোৱে এই গীতটি এটি উচ্চ মানৰ, সকলোৱে শুনি ভাল পোৱা আধুনিক গীত হ’ব বুলি প্ৰশংসা কৰে। লগতে কণ্ঠশিল্পীগৰাকীয়ে ৰাইজৰ মাজলৈ গীতটি আগবঢ়াই দিয়ে।অনুষ্ঠানত সুৰেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ কেবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে৷
