সুৰেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ ‘প্ৰতিধব্নি’ শীৰ্ষক প্ৰতিযোগিতা
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ গণেশপাৰাস্থিত সুৰেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ উদ্যোগত আৰু মেমৰী ক্ৰাফটৰ সহযোগত অহা ২৫, ২৬ আৰু ২৭ জুলাইত ‘প্ৰতিধ্বনি ২০২৫’ শীৰ্ষক সদৌ অসম ভিত্তিত আধুনিক গীত, লঘূ শাস্ত্ৰীয় নৃত্য আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ অনুষ্ঠান অনুষ্ঠিত হ’ব৷উক্ত প্ৰতিযোগিতাসমূহ লক্ষ্মীৰাম বৰুৱা সদন , দীঘলীপুখুৰী আৰু উজানবজাৰস্হিত শ্বহীদ ন্যসত অনুষ্ঠিত হ’ব৷ সামৰণি অনুষ্ঠান তথা বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ’ব কুমাৰ ভাস্কৰ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত৷ইচ্ছ্যুক প্ৰতিযোগীয়ে ৭৫৭৫৯০৮৭৮৭, ৮৬৩৮৪৫৬৯০১নম্বৰত যোগাযোগ কৰিব পাৰে৷