সুৰা-এক সামাজিক ব্যাধি
হৃদয়বিদাৰক বুজাব নোৱাৰা এক মৰ্মান্তিক ঘটনা।একেলগে কালৰ বুকুত হেৰাই গ’ল সাতজনকৈ প্ৰতিভাৱান ছাত্ৰ।পুত্ৰ শোকত ম্ৰিয়মান হ’ল পিতৃ-মাতৃ।কেনেকৈ হ’বলৈ পালে এনে মৰ্মান্তিক ঘটনা?ইয়াৰ বাবে প্ৰথমেই দায়ী হোষ্টেল কতৃপক্ষ।ঘটনাটো অত্যাধিক সুৰাপান সেৱনৰ বাবে হোৱা কথাটো বৰ লজ্জাজনক।অভিভাৱকসকলে নিজৰ সন্তানক কিমান বিশ্বাসত নিজৰ পৰা আঁতৰাই হোষ্টেলত ৰাখে।কিন্তু হোষ্টেলৰ কতপক্ষৰ এনে কাৰ্যকলাপ দেখি সচাকৈ স্তম্ভিত হৈ গৈছো।কিমান যুঁজ বাগৰ কৰিব লগা হয় হোষ্টেলৰ চিট এটাৰ বাবে।কাৰণ হোষ্টেলত নিজৰ সন্তান কেইজনক ৰাখিব পাৰিলে অভিভাৱক সকল অলপ পৰিমানে হ’লেও নিচিন্ত হৈ থাকিব পাৰে।কিন্তু কাৰ্য্যক্ষেত্ৰত তাৰ ওলোটা ছবিহে দেখা গ’ল।উদং খালে তেওঁলোকৰ ফোপোলা স্বৰূপ।তেওঁলোকৰ যেন কোনো দায়িত্বই নাই সেই সকলৰ ছাত্ৰৰ ওপৰত।সুৰা সংস্কৃতি যেন কেৱল গুৱাহাটী অভিযান্ত্ৰিক মহাবিদ্যালয়তহে আছে এনে নহয়।শ্ৰৱন অভিজ্ঞতাৰ পৰা জানিব পাৰিছো যে আজিকালি এই সুৰাসংস্কৃতি হোষ্টেল বিলাকত উপলব্ধ। এতিয়াই হোষ্টেল বিলাকত নাকী নল’গালে আমাৰ বিপদ ঘণ্টা অনিবাৰ্য।ইয়াৰোপৰি আমাৰ সন্তানসকলে পিতৃ-মাতৃসকলক বুজি পাব লাগিব।এই পৃথিৱীত মাক দেউতাকতকৈ ডাঙৰ সম্বন্ধ আৰু একো সমন্ধই হ ‘ব নোৱাৰে।নিজে ভোকত থাকিও সন্তানক খুৱায় তেনে এটি সম্বন্ধক আমি কেতিয়াও মিছা কথা ক’ব নাপায়। সেই কথা সন্তান সকলে উপলব্ধি কৰিব পাৰিব লাগিব আৰু এই যে মদ,ভাং,চিগাৰেট খোৱাৰ যি মৰ্ডাং কালচাৰ ছাত্ৰ সমাজৰ মাজত গঢ়ি উঠিছে এই কালচাৰটো যে এটা অপসংস্কৃতি তথা বিভিন্ন ধ্বংসৰ কাৰক এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিব লাগিব।
স্বাগতা বৰুৱা গোস্বামী