সুৰাৰ বিপনী খোলা ৰখাৰ সময় বৃদ্ধি আবকাৰী বিভাগৰ

সুৰাৰ বিপনী খোলা ৰখাৰ সময় বৃদ্ধি আবকাৰী বিভাগৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বাৰ আৰু ৱাইন শ্ব’প খোলাৰ ক্ষেত্ৰত অৱকাৰী বিভাগে নতুন নিৰ্দেশনা জাৰি কৰিছে। আবকাৰী বিভাগে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি,এতিয়াৰে পৰা নিশা ১১ বজালৈ খোলা থাকিব সুৰাৰ বিপণী। সেইদৰে গুৱাহাটী পৌৰ নিগম এলেকাত থকা বাৰ, ৰেষ্টুৰেণ্টসমূহ নিশা ১২.৩০ বজালৈ খোলা থাকিব। পূর্বতে বিলাতী সুৰাৰ বিপণী আৰু দেশীয় সুৰাৰ বিপণীসমূহ গুৱাহাটী মহানগৰীত নিশা ১০ বজালৈ খোলা আছিল। আবকাৰী বিভাগৰ নতুন সিদ্ধান্ত অনুসৰি এতিয়া বিলাতী সুৰাৰ বিপণী আৰু দেশীয় সুৰাৰ বিপণী খোলা ৰখাৰ সময় এঘণ্টাকৈ বৃদ্ধি পালে। সেইদৰে মহানগৰীত একাংশ বাৰ, ৰেষ্টুৰেণ্ট নিশা ১২ বজালৈ খোলা ৰখাৰ অনুমতি আছিল যদিও বহু বাৰ খোলা ৰখাৰ নিশা ১০ বজালৈহে খোলা ৰখাৰ অনুমতি আছিল। কিন্তু এতিয়াৰে পৰা মহানগৰীৰ সকলো বাৰ-ৰেষ্টুৰেণ্ট নিশা ১২.৩০ বজালৈ খোলা ৰাখিব পাৰিব। আনহাতে, এতিয়াৰে পৰা দেশীয় সুৰাৰ বিপণীত বিলাতী সুৰা বিক্ৰীৰ বাবে আবকাৰী বিভাগে নতুনকৈ সিদ্ধান্ত গ্রহণ কৰিছে। সেই অনুসৰি বৰ্তমানৰ দেশীয় সুৰাৰ বিপণীসমূহে বিলাতী সুৰা বিক্ৰীৰ বাবে অতিৰিক্তভাৱে প্রয়োজনীয় আবেদন মাচুল জমা দি আবেদন কৰিব লাগিব। তেনেধৰণৰ আবেদন লাভৰ পাছত জিলা প্রশাসনে দেশীয় সুৰাৰ বিপণীসমূহক বিলাতী সুৰা বিক্ৰীৰ অনুমতি প্রদান কৰিব। আনহাতে, আবকাৰী বিভাগে নির্দিষ্ট কেতবোৰ ব্ৰেণ্ডৰ বিয়েৰ, সুৰাৰ দামো হ্রাস কৰিছে। বিদেশৰ পৰা অহা ৬৫০ মিলিলিটাৰৰ বিয়েৰৰ একোটা বটলৰ ক্ষেত্ৰত কমেও ৯ টকা দাম হ্রাস পাব। সেইদৰে বিদেশৰ পৰা অহা সুৰা, যাৰ ৭৫০ মিলিলিটাৰৰ বটল এটাৰ দাম তিনি হাজাৰৰ অধিক টকা, তেনে বটলত ১৭৫ টকা পর্যন্ত হ্রাস পাব। একেদৰে তিনি হাজাৰ টকাৰ পৰা ৫ হাজাৰ টকা দামৰ ৭৫০ মিলিলিটাৰৰ বটল এটাত ১৯০ টকা পর্যন্ত দাম হ্রাস পাব। অনুৰূপ ধৰণে ৫ হাজাৰ টকাৰ অধিক তথা ১০ হাজাৰ টকাৰ কম দামৰ ৭৫০ মিলিলিটাৰৰ বটল এটাৰ ক্ষেত্ৰত দাম ২২০ টকা পর্যন্ত হ্রাস পাব। ১০ হাজাৰ টকাতকৈ অধিক দামৰ ৭৫০ মিলিলিটাৰৰ বটল এটাৰ দাম কমেও ৩২০ টকা হ্রাস পাব। বিদেশৰ পৰা অহা ৱাইনৰ ক্ষেত্ৰত ৭৫০ মিলিলিটাৰৰ বটল এটাৰ দাম ৩৫ টকা পর্যন্ত হ্রাস পাব। অৱশ্যে দামৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰা এই নতুন নিৰিখ অহা ১ মে’ৰ পৰা কাৰ্যকৰী হ’ব বুলি আবকাৰী বিভাগে ৰাজপত্ৰিত জাননীখনত উল্লেখ কৰিছে। আবকাৰী বিভাগৰ এই সিদ্ধান্তৰ ক্ষেত্ৰত ৰাজহুৱা আপত্তি থাকিলে জিলা উপায়ুক্তৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰিব । ১৫ দিনৰ ভিতৰত ওজৰ-আপত্তি উপায়ুক্তৰ ওচৰত দাখিল কৰিব লাগিব । লাভ কৰাৰ ওজৰ-আপত্তিৰ ক্ষেত্ৰত জিলা উপায়ুক্তই তদন্ত কৰিব । অহা ১৫ দিনৰ ভিতৰত যদি কোনো ওজৰ-আপত্তি নাথাকে, তেন্তে এই সিদ্ধান্ত কাৰ্যকৰী হ’ব বুলি জানিব পৰা গৈছে ।