সুৰজিৎ একাডেমীৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত “হৃদয় নেহেৰুৱাবা” নাট সফল মঞ্চায়ন
ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ মানদণ্ডৰ সাংস্কৃতিক প্ৰশিক্ষণ কেন্দ্ৰ সুৰজিৎ একাডেমীয়ে অসমৰ সাংস্কৃতিক জগতলৈ যথেষ্ট অৰিহণা যোগাই আহিছে। যোৱা সাতাইশ বছৰ ধৰি একাডেমীয়ে অভিনয় আৰু পুতলা নাচৰ দুবছৰীয়া ডিপ্লমা পাঠ্যক্ৰম চলাই আছে । পাঠ্যক্ৰমত উৰ্ত্তীন শিক্ষাৰ্থী অসমৰ সাংস্কৃতিক জগতত প্ৰতিষ্ঠিত হৈছে। সুৰজিৎ একাডেমীৰ শিল্পী সকলৰ জৰিয়তে ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীৰ সহযোগত ৯ জুলাই ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত “হৃদয় নেহেৰুৱাবা” নাট খন পৰিৱেশিত হয়। উক্ত কাৰ্যক্ৰমত মুখ্য অতিথি আছিল মানৱ অধিকাৰ আয়োগৰ চেয়াৰমেন শান্তনু ভৰলী আৰু ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ শিক্ষা বিষয়া প্ৰেমধৰ দাস। নাট খনৰ ৰচনা আৰু পৰিচালনা স্বপন দাসৰ আৰু পৰিকল্পনা আৰু প্ৰযোজনা সীমান্ত শৰ্মাৰ। নাট খনৰ সহকাৰী নিৰ্দেশক হিচাপে আছিল ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰাপ্ত বিনীতা দেৱী। নৃত্য পৰিচালনা ধ্ৰুৱ জ্যোতি কলিতা আৰু প্ৰণৱ জ্যোতি ৰাভা। সংগীতৰ কণ্ঠদান হাৰ্দিক শৰ্মাৰ। মঞ্চ সজ্জা আৰু নাটৰ পৰিৱেশ নক্সা প্ৰণৱ জ্যোতি ৰাভা, ৰাকিবুল আহমেদ, কৰিস্মিতা তালুকদাৰ। নাট খনত শিশু সকলৰ বৰ্তমান শিক্ষা ব্যৱস্থাত পাঠ্যক্ৰমৰ উপৰিও সংগীত, নৃত্য, খেল সমূহত নিয়োজিত কৰাই প্ৰতিযোগিতা মূলক কৰি পুৰস্কাৰ প্ৰতি ব্যতিব্যস্ত কৰাই শিশুৰ মনত হেঁচা প্ৰয়োগ কৰি মানসিক ভাৱে ক্ষতিগ্ৰস্ত হয়। অভিভাৱক সকলো প্ৰতিযোগিতাত পুৰষ্কাৰ পোৱাৰ বাবে সন্তান সকলক হেঁচা প্ৰয়োগ কৰে। সেই হেঁচা শিশু সকলৰ সহ্যৰ সীমা নোহোৱা হৈ পৰে। অভিভাৱক সকলৰ আৰ্থিক অনাটনৰ পিছতো শিক্ষা, সাংস্কৃতিক, খেল আদিত সুবিধা পোৱাৰ আশাত বহু ধন লোৱা বিদ্যালয় সমূহত পঢ়াবো লৈ সেই মাছুল সমুহ পৰিশোধ কৰাত অসুবিধাৰ সন্মুখীন হৈ পৰে। শিশু সকল সেই সকলো মষিমূৰ কৰি হাঁহি ধেমালিৰে অতিবাহিত কৰে। সাংস্কৃতিক ক্ষেত্ৰত সুণাম কৰা সেই শিশু দুৰাৰোগ্য ৰোগত পৰাত শিশু দল হতাশাত ভাগি পৰে। লগৰ সমণীয়াই বন্ধু জনৰ আৰ্থিক সম্বল দুৰ্বল বাবে চিকিৎসাৰ সহায়ৰ বাবে টকা সংগ্রহ কৰিবলৈ ধৰে। দুৰাৰোগ্য ৰোগত ভূগি থাকিও শিশু জনে নিজৰ মনৰ বলত ৰোগলৈ ভ্ৰূক্ষেপ নকৰি সাংস্কৃতিক কাৰ্য্য চলাই গৈছিল। এটি সুন্দৰ কাহিনীৰে নাট খন লিখা হৈছিল। সম্পূৰ্ণ নাট খন সুৰজিৎ একাডেমীৰ শিল্পী সকলে মনৰ ভাৱত লিখা। নাট খনত অভিনয় কৰা কৃষ্টি ৰাজবংশী, তৃষ্ণা ৰাজবংশী, হাৰ্দিক শৰ্মা, লিয়ানা দেৱ, পলক কৈৰী, ধ্ৰুৱ জ্যোতি কলিতা, প্ৰণৱ জ্যোতি ৰাভা, ৰাকিবুল আহমেদ, দেৱ প্ৰতীম গোস্বামী, কৰিস্মিতা তালুকদাৰ, অংশুমন দাস, অংগৰাগ মহন্ত, কৌষ্টভ চৌধুৰী, আদৃতা শইকীয়া আৰু আৰিয়া জিব্ৰানৰ অভিনয় সুন্দৰ হৈছে । বিশেষকৈ দেৱ প্ৰতীম গোস্বামী, হাৰ্দিক শৰ্মা, কৃষ্টি ৰাজবংশী, লিয়ানা দেৱ, অংশুমান দাস, ৰাকিবুল আহমেদৰ অভিনয়ে দৰ্শকৰ হৃদয় স্পৰ্শ কৰিছিল। অভিনয়ত কোনো ধৰনৰ জড়তা দেখা পোৱা নাছিল। বাকী বোৰৰ অভিনয় যথাযথ। হাৰ্দিক শৰ্মাৰ সংগীত সুৰ, কণ্ঠস্বৰ, ব্যবস্থাপনাই দৰ্শকক মুগ্ধ কৰিছিল। নাটখনত মঞ্চ সজ্জা আৰু নাটত ব্যবহৃত সম্পদ বোৰ সুন্দৰ ভাৱে তৈয়াৰ কৰা হৈছে। যেন ব্যবহৃত বস্তু বোৰ বাস্তৱ। নাট কাৰ্য্যক্ৰমৰ লগতে হলিৰাম বৰা বৰৰ পৰিচালনাত সত্ৰীয়া নৃত্য পৰিৱেশিত হব। সত্ৰীয়া নৃত্য পৰিৱেশন কৰিব বৈভবী দাস, আৰিয় জিব্ৰান, মনস্ৰী দাস আৰু হৃতিকা কলিতা। উক্ত কাৰ্যক্ৰমত সুৰজিৎ একাডেমীৰ অভিনয় পাঠ্যক্ৰমৰ ২০২৩-২৪ আৰু ২০২৪-২৫ বৰ্ষত প্ৰথম স্থান প্ৰাপ্ত শিক্ষাৰ্থীক “স্বৰ্গীয় ৰমেশ চন্দ্ৰ শৰ্মা সোঁৱৰণী” বঁটা প্ৰদান কৰা হয়। ৰমেশ চন্দ্ৰ শৰ্মা গুৱাহাটী বিশ্ববিদ্যালয় আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক আছিল। সুৰজিৎ একাডেমীৰ অভিনয় পাঠ্যক্ৰমৰ ২০২৩-২৪ বৰ্ষৰ জেষ্ঠ শাখাত ৰেকিবুল আহমেদ, শিশু শাখাত কৃষ্টি ৰাজবংশী আৰু ২০২৪-২৫ বৰ্ষৰ শিশু শাখাত অংগৰাগ মহন্তই প্ৰথম স্থান পাইছিল।