সুৰজিৎ একাডেমীৰ “বিশেষ অভিযান ৪.০” ৰ “স্বচ্ছতা প্ৰতিষ্ঠানবদ্ধ কৰা আৰু পেণ্ডেণ্সি হ্ৰাস কৰা” বিষয়ক নাট “বিত্তীয় সাক্ষৰতা আৰু স্বচ্ছতা” ৰ সফল মঞ্চায়ন

সুৰজিৎ একাডেমীৰ “বিশেষ অভিযান ৪.০” ৰ “স্বচ্ছতা প্ৰতিষ্ঠানবদ্ধ কৰা আৰু পেণ্ডেণ্সি হ্ৰাস কৰা” বিষয়ক নাট “বিত্তীয় সাক্ষৰতা আৰু স্বচ্ছতা” ৰ সফল মঞ্চায়ন

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ আগশাৰীৰ সাংস্কৃতিক প্ৰতিষ্ঠান সুৰজিৎ একাডেমীয়ে যোৱা ২৭ বছৰ ধৰি বিভিন্ন ধৰণৰ সাংস্কৃতিক ক্ষেত্ৰত এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে। তাৰেই এক সুন্দৰ প্ৰতিফলন দেখা গ’ল নাবাৰ্ডৰ সহযোগত অসম গ্ৰামীণ বিকাশ বেংকৰ দ্বাৰা আয়োজিত “বিশেষ অভিযান ৪.০” ৰ “স্বচ্ছতা প্ৰতিষ্ঠানবদ্ধ কৰা আৰু পেণ্ডেণ্সি হ্ৰাস কৰা” বাটৰ নাট “বিত্তীয় সাক্ষৰতা আৰু স্বচ্ছতা” নাটৰ জৰিয়তে। নাটখনৰ ৰচনা আৰু পৰিচালনা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ছিনিয়ৰ স্কলাৰশ্বিপপ্ৰাপ্ত সীমান্ত শৰ্মাৰ আৰু নাটৰ সহযোগী ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰাপ্ত বিনীতা দেৱীৰ ।মিৰ্জাৰ ঝাড়োবৰী অঞ্চল আৰু কামৰূপৰ ৰাণীৰ কাঁহাৰপাৰা অঞ্চলত অনুষ্ঠিত হোৱা এই বাটৰ নাটে দৰ্শকক যথেষ্ট আমোদ দিয়া পৰিলক্ষিত হয়। স্বচ্ছতা, বিত্তীয় সাক্ষৰতা আৰু বেংকৰ বিভিন্ন সুবিধাসমূহ তথা আঁচনিসমূহ ৰাইজৰ ওচৰলৈ স্পষ্টকৈ কঢ়িয়াই নিবলৈ নিবলৈ সক্ষম হৈছে নাটখনত অভিনয় কৰা প্ৰতিজন অভিনেতা- অভিনেত্ৰীয়ে। নাটখনত অভিনয় কৰে ধ্ৰুৱজ্যোতি কলিতা, প্ৰণৱ জ্যোতি ৰাভা, কৰিশ্মিতা তালুকদাৰ, দেৱপ্ৰতীম গোস্বামী, গণেশ বড়ো। নাট খনত সহযোগিতা আগবঢ়ায় কৃতাৰ্থ শৰ্মা, অনিতা দেৱী, দীপা মহন্ত, হিমাংশু দাসে । অসম গ্ৰামীণ বিকাশ বেংকৰ বিভিন্ন আঁচনিসমূহ কিছু কিছু ক্ষেত্ৰত এতিয়াও দৰ্শকৰ মাজলৈ সম্পূৰ্ণকৈ যাবলৈ বহুত বাকী তদুপৰি বৰ্তমান সময়ত ফোনকলৰ জৰিয়তে মানুহৰ জমাধন দুষ্ট চক্ৰই চাইবাৰ ক্রাইমৰ জৰিয়তে ধন লুতি নিয়া আৰু ভাৰত চৰকাৰৰ দুৰ্নীতি বিৰোধী অভিযানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত নাটখনে এক সুন্দৰ নিদৰ্শন কঢ়িয়াইছে । এইক্ষেত্ৰত নাটখনৰ পৰিচালক আৰু অভিনেতা- অভিনেত্ৰীসকল প্ৰশংসাৰ পাত্ৰ। আৰম্ভণিৰ পৰা শেষলৈ সকলো সময়তে আমোদজনক সংলাপ আৰু হাস্যৰসৰ মাজেৰে সুন্দৰকৈ নাটখনৰ মূল বাৰ্তা ৰাইজৰ মাজলৈ যোৱা সক্ষম হৈছে । অভিনয়ত ধ্ৰুৱ জ্যোতি কলিতা, কৰিস্মিতা তালুকদাৰ, প্ৰণৱ জ্যোতি ৰাভা আৰু দেৱ প্ৰতীম গোস্বামীৰ অভিনয়ে দৰ্শকক আমোদ দিব পাৰিছিল। অভিনয়ত কোনো ধৰণৰ জড়তা নাছিল। প্ৰায় পাঁচ শতাধিক দৰ্শকৰ সমাগম দেখিবলৈ পোৱা গৈছিল। নাটৰ শেষত নাবাৰ্ডৰ সহকাৰী সঞ্চালক আৰু গ্ৰামীণ বিকাশ বেংকৰ বিষয়া আৰু নাটৰ পৰিচালকে বেংকৰ আঁচনি সমুহৰ বিষয়ে দৰ্শকৰ ওচৰলৈ গৈ বুজাই দিয়ে। এইক্ষেত্ৰত মিৰ্জাৰ ৰাইজ যথেষ্ট উপকৃত হয় এই সুন্দৰ পদক্ষেপৰ বাবে সকলোৱে নাবাৰ্ড, অসম গ্ৰামীণ বিকাশ বেংক আৰু সুৰজিৎ একাডেমীৰ পৰিচালক সহিতে কলা-কুশলীক প্ৰশংসা কৰে।