সুৰজিৎ একাডেমীত বিশ্ব নাট্য দিৱস পালন

সুৰজিৎ একাডেমীত বিশ্ব নাট্য দিৱস পালন

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ব নাট্য দিৱস হৈছে ২৭ মাৰ্চত উদযাপন কৰা এক আন্তৰ্জাতিক উৎসৱ পালন। ১৯৬১ চনত আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠান আইটিআইৰ দ্বাৰা বিশ্ব নাট্য দিৱস আৰম্ভ কৰা হৈছিল।আইটিআই কেন্দ্ৰ আৰু আন্তৰ্জাতিক থিয়েটাৰ সম্প্ৰদায়ৰ দ্বাৰা ২৭ মাৰ্চত বাৰ্ষিকভাৱে উদযাপন কৰে। এই উপলক্ষে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় থিয়েটাৰ অনুষ্ঠানে আয়োজন কৰি আহিছে। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে বিশ্ব থিয়েটাৰ দিৱসৰ বাৰ্তাৰ প্ৰচলন যাৰ জৰিয়তে আইটিআইৰ আমন্ত্ৰণত, বিশ্বৰ মৰ্যাদাৰ এক ব্যক্তিয়ে থিয়েটাৰ আৰু শান্তিৰ সংস্কৃতিৰ বিষয়বস্তুৰ ওপৰত প্ৰতিফলন ভাগ বতৰা কৰা। এইবাৰ বিশ্ব নাট্য দিৱস ২০২৪ৰ মুখ্য লক্ষ্য হৈছে “নাট্য আৰু শান্তিৰ সংস্কৃতি। প্ৰতি বছৰে বিশ্ব নাট্য দিৱসৰ বিষয়বস্তু হৈছে “নাট্য আৰু শান্তিৰ সংস্কৃতি”। সুৰজিৎ একাডেমীত একাডেমীৰ প্ৰাংগনত বিশ্ব নাট্য দিৱস পালন কৰে। উক্ত কাৰ্য্যক্ৰমত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ছিনিয়ৰ ফেল’শ্বিপ প্ৰাপ্তক সীমান্ত শৰ্মাই বিশ্ব থিয়েটাৰ দিৱসৰ বিষয়ে আলোকপাত দাঙি ধৰে। একাডেমীয়ে যোৱা ২৫ বছৰে অভিনয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে। থিয়েটাৰ মাধ্যম শিক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা আছে। অসমৰ নাট্যকলা বিশ্বৰ দৰবাৰত মুখ্য স্থান গ্ৰহণ কৰি আহিছে। লগতে সংগীত নাটক অকাডেমীৰ পৰা ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰাপ্ত, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত তথা ভাৰত চৰকাৰৰ এন চি আৰ টি আৰু চি চি আৰ টি, অসম চৰকাৰৰ এছ চি আৰ টি ৰ সমল ব্যক্তি বিনীতা দেৱীয়ে কাৰ্য্যক্ৰমত বিশ্বৰ থিয়েটাৰ কৰা সকলো শিল্পীক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাই আৰু বিশ্ব থিয়েটাৰ দিৱসৰ ওপৰত বক্তব্য দাঙি ধৰে । বিশ্ব থিয়েটাৰ দিৱসত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা জলপানি প্ৰাপ্ত হাৰ্দিক শৰ্মা নিজে ৰচিত নাট “সপোন” অভিনয় কৰে। তাৰোপৰি কৌস্তভ চৌধুৰী, আৰিয়া জিব্ৰান আৰু অঙ্কুৰ দাসে “ভাগৱৎ সিং” নাটৰ কিছু অংশ অভিনয় কৰে । অনুষ্ঠানত জালুকবাৰীৰ সমীপৰ বিভিন্ন অঞ্চলৰ সাংস্কৃতিক প্ৰেমীয়ে বিশ্ব থিয়েটাৰ দিৱস কাৰ্য্যসূচীৰ সাংস্কৃতিক কাৰ্য্যক্ৰম উপভোগ কৰি আপ্লুত হৈ পৰে৷