সুৰজিৎ একাডেমীত অভিনয় আৰু সাংস্কৃতিক বিষয়ক পাঠ্যক্ৰমৰ নামভৰ্তি

সুৰজিৎ একাডেমীত অভিনয় আৰু সাংস্কৃতিক বিষয়ক পাঠ্যক্ৰমৰ নামভৰ্তি
২ নৱেম্বৰৰ পৰা পাঠ্যক্ৰম সমূহৰ পাঠদান আৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা-  সুৰজিৎ একাডেমীয়ে অসমৰ সাংস্কৃতিক আৰু শৈক্ষিক দিশত বিশেষ অৱদান আগবঢ়ায় আহিছে। যোৱা ২৭ বছৰে বিভিন্ন বিষয়ৰ ওপৰত সাংস্কৃতিক আৰু শৈক্ষিক দিশত পাঠ্যক্ৰম নিয়োজিত কৰি শিশু, যুৱক-যুৱতীক প্ৰশিক্ষন প্ৰদান কৰি আহিছে। উল্লেখনীয় পাঠ্যক্ৰম সমূহৰ ভিতৰত দুবছৰীয়া অভিনয়, পুতলা নাচ, সত্ৰীয়া নৃত্য আৰু খোল বাদন, শাস্ত্ৰীয় সংগীত (লক্ষ্ণৌ ভাতখাণ্ডে সংগীত বিদ্যাপীঠৰ অধীনত), চিত্ৰকলা (ফাইন আৰ্টছ), শাস্ত্ৰীয় নৃত্য(কথক নৃত্য, ভাৰত নাট্যম), আধুনিক নৃত্য, বিহু নৃত্য, লোক সংগীত, স্পকেন ইংলিছ, ফৰেইন লেংগুৱেজ (ফ্ৰেঞ্চ লেংগুৱেজ, জাপানীজ লেংগুৱেজ আদি । এই পাঠ্যক্ৰমত প্ৰশিক্ষণ গ্ৰহণ কৰি অসমৰ সাংস্কৃতিক জগতত প্ৰতিষ্ঠিত হৈছে। বহু জনে কথাছবি পৰিচালক হোৱাৰ লগতে কথাছবিত মূখ্য চৰিত্ৰত অভিনয় কৰি ৰাষ্ট্ৰীয় বঁটা পাইছে । প্ৰশিক্ষন প্ৰাপ্ত শিক্ষাৰ্থী ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় স্কলাৰশ্বিপ, ফেল’শ্বিপ, টেগৰ ৰিচাৰ্ছ ফেল’শ্বিপ পাইছে লগতে সংগীত নাটক অকাডেমী পৰা ওস্তাদ বিছমিল্লা খান যুৱ বঁটাও পাইছে। তাৰোপৰি ভাৰত চৰকাৰৰ অধীনৰ বিভিন্ন সাংস্কৃতিক কাৰ্য্যক্ৰমত শিক্ষাৰ্থী সকলে অসমলৈ সুনাম কঢ়িয়াই আনিছে । পাঠ্যক্ৰম সমূহত অভিজ্ঞ শিক্ষাবিদ, অসমৰ লগতে ভাৰতৰ সাংস্কৃতিক জগতৰ স্বনামধন্য শিল্পী, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় দিল্লীৰ স্নাতক, বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ মনোনীত বিশ্ববিদ্যালয়ত পৰিবেশন কলা আৰু লোক কলা বিষয়ৰ স্নাতকোত্ত ডিগ্ৰীধাৰী সকলে প্ৰশিক্ষণ প্ৰদান কৰি আহিছে । অহা ২ নভেম্বৰৰ পৰা পাঠ্যক্ৰম সমূহৰ শ্ৰেণী সমূহ আৰম্ভ হব। পাঠ্যক্ৰম সমূহৰ নাম ভৰ্তি চলি আছে। বিতং তথ্যৰ বাবে সুৰজিৎ একাডেমী, অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদ, আমাৰ পথ, জালুকবাৰী, গুৱাহাটী-১৩, ইমেইল: simbin2011@gmail.com, মোবাইল: ৯৪৩৫০৪২৩৪৮, ৱেবচাইট:surojitacademy.com ত যোগাযোগ কৰিবলৈ সুৰজিৎ একাডেমীৰ অধ্যক্ষা বিনীতা দেৱীয়ে প্ৰেছ বিজ্ঞতি যোগে জনাইছে।