সুস্থ মস্তিষ্কৰ মানুহৰ মাজত অসুস্থ আচৰণ কিয় ? – চন্দ্ৰ শেখৰ পৰাজুলী

PC - Getty Images

সুস্থ মস্তিষ্কৰ মানুহৰ মাজত অসুস্থ আচৰণ কিয় ?

 চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

আচলতে আমাৰ জীৱনত এনেধৰণৰ কিছুমান বিষয়-বস্তু থাকে যাক আমি হয়তো পৰাপক্ষত বৰ বেছি বহলাই বাখ্যা নকৰাই ভাল হয়। কিন্তু আমাৰ সমাজৰ সৰ্বসাধাৰণৰ মানুহৰ মন, মস্তিষ্কত মাজত একেবাৰে সামান্যতম কথাবোৰ অন্তৰ্নিহিত নোহোৱাৰ বাবে বৰ দোষত অনুভৱ হয়। ইয়াৰ ফলস্বৰূপে প্ৰতিজন মানুহে নিজে উপলব্ধি কৰিব লগা কিছুমান বিষয়বোৰতো আলোচনা কৰাৰ দৰকাৰ যেন অনুভৱ হয়। সেয়েহে মই আমাৰ বুদ্ধিজীৱী সমাজৰ মানুহক জ্ঞান প্ৰদানৰ উদ্দেশ্যে আগত ৰাখি এইবোৰ কথাৰ বিষয়ে বৰ বেছি বহলাই আলোচনা কৰিবও নালাগে আৰু আনহাতে ময়ো ব্যক্তিগত ৰূপত এতিয়ালৈকে ইমান এটা সামৰ্থ্যৱান মানুহৰ শাৰীত নিজকে অন্তৰ্ভুক্তি কৰিবলৈ সক্ষম হোৱাগৈ নাই বুলি ভাবোঁ। মই মাত্ৰ এই আলোচনাৰ মাধ্যমেৰে নিজৰ মনৰ মাজত উৎপন্ন হোৱা আবেগ সমূহক শব্দৰ আকাৰত লিপিবদ্ধ কৰিব বিচাৰিছোঁ।দৰাচলতে আমাৰ বুদ্ধিজীৱী সমাজত আৰু সুস্থ মস্তিষ্কৰ মানুহৰ মাজত অসুস্থ আচৰণ কৰা ব্যক্তিৰ সংখ্যা এনেই বহু সামান্য নহয় জানো ? যাক আমি উদাহৰণ জৰিয়তে বিতংকৈ আলোচনা কৰাৰ একেবাৰে দৰকাৰ নাই। তথাপিও মোৰ হৃদয় এচুকত বাৰে বাৰে কেতিয়াবা সেই একেটায়ে প্ৰশ্ন উত্থাপন হৈ থাকে সুস্থ মস্তিষ্কৰ মানুহৰ মাজত অসুস্থ আচৰণ কি ? আপোনালোকেও হয়তো পাৰিলে কেতিয়াবা ব্যস্ততাৰ মাজত কনমান সময় উলিয়ায় মোৰ অনুৰোধ মৰ্মে নিজকে নিজে প্ৰশ্ন এটি উত্থাপন কৰিবলৈ নাপাহৰিব। মই যদি এজন সুস্থ ,সবল মস্তিষ্কৰ মানুহ হয় তেন্তে মোৰ বাহ্যিক আৰু আন্তৰিক আচৰণ সমূহ একেবাৰে সুস্থ, সবল মানুহৰ দৰে আছেনে ? যদি মই কোৱাৰ দৰে প্ৰশ্ন উত্থাপন কৰি আপুনি নিজকে ৰূপান্তৰ কৰাৰ পৰিবৰ্তে নিজৰ মনৰ মাজতে নানান আজুহাত দেখাই প্ৰকৃত বিষয়বস্তুৰ পৰা আঁতৰি আহিব বিচাৰিছে তেন্তে প্ৰকৃততে আপুনি সচাকৈ এজন বহু বুদ্ধিজীৱী লোক। কিন্তু কেবল নিজৰ বাবেহে। কাৰণ নিজৰ বাবে বা নিজৰ মনৰ মাজত হয়তো এজন মানসিক ভাবে অসুস্থ ব্যক্তি এগৰাকীয়েও সুস্থ, সবল বুলি জীৱন নিৰ্বাহ কৰি থাকে যেন মোৰ অনুভৱ হয় ।