সুব্রত কাপৰ খিতাপ জয় কৰি ইতিহাস গঢ়িলে অসমৰ ছোৱালী দলে
ৰঙিলী বাৰ্ত্তাসেৱা- ৬৪সংখ্যক সুব্রত কাপ আন্তর্জাতিক স্কুল ফুটবল প্রতিযোগিতাত খিতাপ জয় কৰিছে গুৱাহাটীৰ বেতকুছি হাইস্কুলৰ ছোৱালী দলে। ভাৰতীয় বায়ু সেনাই আয়োজন কৰা জুনিয়ৰ ছোৱালীৰ ঐতিহাসিক প্রতিযোগিতাখনৰ ফাইনেলত অসম জননীৰ কন্যাই বিপক্ষ বংগৰ দলটোক ৩-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। উল্লেখ্য যে এয়া অসমৰ ছোৱালী দলৰ প্ৰথমবাৰৰ বাবে ঐতিহাসিক সুব্রত কাপ আন্তর্জাতিক স্কুল ফুটবল প্রতিযোগিতাৰ খিতাপ জয়ৰ সফলতা। ইয়াৰ পূৰ্বে ২০১৪ চনত অসমে প্ৰথমবাৰৰ বাবে ফাইনেল খেলিছিল যদিও ৰানাৰ্ছআপ হৈছিল। কিন্তু গুৱাহাটীৰ বেতকুছি হাইস্কুলৰ ছোৱালী দলে প্ৰথমবাৰৰ বাবে ফাইনেল খেলিয়েই চেম্পিয়ন ট্রফী জয় কৰি ইতিহাস গঢ়িবলৈ সক্ষম হ’ল। নতুন দিল্লীৰ ড° আম্বেদকাৰ ষ্টেডিয়ামত অনুষ্ঠিত ১৭ বছৰ অনূর্ধ্ব প্রতিযোগিতাখনৰ ৬০ মিনিটৰ অসমৰ নিয়ন্ত্রণত থকা ফাইনেল মেচখনত চাৰিওটা গ’লে প্রথমার্ধৰ ৩০ মিনিটত হয়। মেচত প্ৰথমে অগ্রগতি লয় বেতকুছি হাইস্কুলে। খেলৰ ১২ মিনিটত ছায়াশ্রীয়ে প্রথমটো গ’ল কৰি অসমক অগ্রগতি দিয়ে। কিন্তু বংগক প্রতিনিধিত্ব কৰা নন্দঝাৰ আদিবাসী টাপাচিলি হাইস্কুলে ২১ মিনিটত নেহাৰ গ’লেৰে মেচত সমতা স্থাপন কৰিবলৈ সক্ষম হয়। ২৪ মিনিটত অসমৰ মিলিনা ব্ৰহ্মই দ্বিতীয়টো গ’ল কৰি পুনৰ অগ্রগতি লয়। আনহাতে, ২৯ মিনিটত মেৰী মেচে গ’ল কৰি বিৰতিলৈ বেতকুছিক দৃঢ় স্থিতিত ৰাখে। দ্বিতীয়ার্ধত বংগই গ’ল কৰাৰ চেষ্টা কৰে যদিও অসমৰ ৰক্ষণ বিভাগৰ দৃঢ়তাপূর্ণ খেলৰ বাবে সকলো চেষ্টা ব্যর্থ হয়। উল্লেখ্য যে প্ৰতিযোগিতাত অসমে ৬খন মেচত মুঠ ৩১টা গ’ল কৰি আন এক অভিলেখ গঢ়িছে।