সুপ্ৰভাত – বিপ্লব শৰ্মা

Pc- Wallpaper Flare

সুপ্ৰভাত

বিপ্লব শৰ্মা

পুৱাৰ সতেজতা , সূৰ্যোদয় আৰু হেঙুলী আকাশ।
মন প্ৰাণ ভৰাই তোলা এক মধুৰ ক্ষণ ।
এনে প্ৰকৃতিত হেপাহবোৰে দিঙা মেলে ।
সেউজীয়া বোৰ দেখি এনে‌ লাগে যেন
মই মুক্ত এই প্ৰকৃতিৰ বুকুত
আৰু মনটোৱে জঁপিয়াই ফুৰিব বিচাৰে
ঠিক সেউজীয়া ফৰিং টোৰ দৰেই ।
চিপ কৈ নামি অহা বৰষুণৰ টোপালবোৰ
গাড়ীত পৰোতে এনে লাগিল যেন
বাৰিষাই মোক আদৰণি হে জনাইছিল ।
সুপ্ৰভাত