সুনীতা উইলিয়ামছ : এগৰাকী স্বনামধন্য মহীয়সী নাৰী
নাছিৰ আহমেদ, শিমলাবাৰী ,গোৱালপাৰা
যুগে যুগে বহুতো স্বনামধন্য মহীয়সী নাৰীয়ে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত শ্ৰেষ্ঠ কৰ্ম দক্ষতা আৰু উজ্জ্বল আদৰ্শ দাঙি ধৰি পৃথিৱীৰ ইতিহাসত স্বৰ্ণাক্ষৰে নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হোৱাৰ অসংখ্য উদাহৰণ আছে। কিন্তু, ভাৰতীয় বংশোদ্ভূত মাৰ্কিন অধিবাসী মহাকাশচাৰী সুনীতা উইলিয়ামছৰ দৰে স্বনামধন্য মহীয়সী নাৰীয়ে যেন অতীতৰ সকলো স্বনামধন্য মহীয়সী নাৰীয়ে স্থাপন কৰা সকলো ৰেকৰ্ড ভংগ কৰি এক অভিনৱ শ্ৰেষ্ঠতম উপহাৰ পৃথিৱীবাসীক দি মানৱ সভ্যতাক মহীয়ান কৰি তুলিলে ; নাৰী জাতিক দিলে সকলো কৰ্ম-ক্ষেত্ৰতে দিগ্বিজয় কৰিবলৈ অসীম প্ৰেৰণা।
এই মহাকাশচাৰী সুনীতা উইলিয়ামছৰ জীৱন-আলেখ্য ৰোমাঞ্চকৰ ; থ্ৰিলাৰ উপন্যাসতকৈও বেছি উত্তেজনাপূৰ্ণ।
সুনীতা উইলিয়ামছৰ আচল নাম সুনীতা লিন পাণ্ডিয়া। ছোনিকা আৰু ছোংকা নামেৰেও জনা যায়। তেওঁ ১৯৬৫ চনৰ ১৯ ছেপ্টেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অহিঅ’ত জন্ম গ্ৰহণ কৰিছিল। পিতৃ দীপক পাণ্ডিয়াৰ ঘৰ আছিল গুজৰাটৰ মেহাচানাত। কৰ্মসূত্ৰে নিউৰ’নাটমিষ্ট দীপক পাণ্ডিয়াই আমেৰিকাৰ স্থায়ী বাসিন্দা হিচাপে থাকিবলৈ লৈছিল। মাতৃ উৰ্চুলিন বনি এগৰাকী শ্লোভিয়ান মূলৰ আমেৰিকান মহিলা। স্বামীৰ নাম মাইকেল জে উইলিয়ামছ।
সুনীতা উইলিয়ামছ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰি আভিযান্ত্ৰিক ব্যৱস্থাপনাত অধ্যয়ন কৰিছিল।তাৰ পিছত তেওঁ ১৯৯৮ চনৰ আগষ্টত নাছাৰ জনছন স্পেছ চেন্টাৰত যোগদান কৰিছিল। এই চেন্টাৰৰ পৰাই সুনীতা উইলিয়ামছৰ আৰম্ভ হ’ল মহাকাশ অভিযান কৰাৰ কুচ-কাৱাজ। তেওঁ ২০০৬ চনৰ ৯ ডিচেম্বৰত প্ৰথম বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিছিল। তাৰ পিছত আৰু দুবাৰ সুনীতাই মহাকাশ অভিযানত অংশগ্ৰহণ কৰিছিল। কিন্তু, যোৱা ২০২৪ চনৰ জুন মাহৰ ৫ তাৰিখে মহাকাশ অভিযানে সুনীতা উইলিয়ামছক গোটেই বিশ্বজুৰি এগৰাকী প্ৰখ্যাত সাহসী নাৰী হিচাপে পৰিচয় কৰাই দিলে। মাত্ৰ আঠ দিনৰ বাবে সহকৰ্মী বুচ উইলমৰ সৈতে ভাৰতীয় বংশোদ্ভূত মাৰ্কিন অধিবাসী মহাকাশচাৰী সুনীতা উইলিয়ামছে ভ্ৰমণ কৰিবলৈ গৈ উভতি অহাৰ যানৰ যান্ত্ৰিক বিজুতিৰ বাবে সৰ্বমুঠ আড়াইশ দিন অৰ্থাৎ প্ৰায় ৯ মাহ মহাকাশৰ স্টেচনত আৱদ্ধ হৈ থাকিবলৈ বাধ্য হ’ল। এই সুদীৰ্ঘ প্ৰায় ৯ মাহ তেওঁ থমকি নাথাকি বিভিন্ন গৱেষণা কাৰ্যত জড়িত হৈ পৰিল। তেওঁ গৱেষণা কৰি দেখুৱাইছে যে, মাইক্ৰ গ্ৰাভিটিত কি কি ফচল উৎপাদন কৰিব পাৰি। কোন কোন ধৰণৰ ফুল ফুলাব পাৰি। কোন জীৱাণু এনে প্ৰতিকূল পৰিবেশত দুৰ্বল হৈ পৰে। তেওঁৰ উদ্ভিদ বিজ্ঞান সংক্ৰান্ত গৱেষণাৰ বিষয়বস্তু আছিল ভেজি। সুনীতা উইলিয়ামছে তেওঁৰ প্ৰিয় জিনিয়া ফুল মহাকাশত ফুলাবলৈ সক্ষম হৈছিল। তেওঁ জনাইছিল যে, তাতেই লিটুচ,গাজৰ আদি উৎপাদন কৰা সম্ভৱ। এগৰাকী মহাকাশচাৰী শাৰীৰ-বৃত্তিয় নানা পৰিবৰ্তনৰ মাজেৰে চলিব লগা হয়।হাৰ্ট, কিডনী কিভাবে প্ৰভাবিত হয় বা ক্ৰিয়া কৰে , তাকো তেওঁ গৱেষণা চলাই গৈছিল।সুনীতা উইলিয়ামছে স্বপ্ন দেখিছিল যে, এদিন মানুহে মঙ্গল গ্ৰহত গৈ উপস্থিত হ’ব, লোটা-কম্বল লৈ চন্দ্ৰত গৈ বাস কৰিব।
যেতিয়া ভাৰতীয় উপমহাদেশৰ নাৰী সকলে অলপ সময়ৰ বাবে লিফটত আটক হৈ থাকিলে বা অন্ধকাৰাচ্ছন্ন ঘৰত আৱদ্ধ হৈ থাকিলে দম বন্ধ হোৱাৰ উপক্ৰম হয়, তেনে ক্ষেত্ৰত এই উপমহাদেশৰেই বংশোদ্ভূত মাৰ্কিন অধিবাসী সুনীতা উইলিয়ামছে মানুহৰ দ্বাৰা সৃষ্ট মহাকাশ যানত উঠি সাধাৰণ কাপোৰ পৰিধান কৰি অক্সিজেন পান কৰি সুদীৰ্ঘ ৯মাহ মহাকাশত থাকি যি ধৈৰ্য,সাহস আৰু বুদ্ধিমত্তাৰ সৈতে কৰ্তব্যনিষ্ঠা প্ৰদৰ্শন কৰি সফলতাৰে এই ২০২৫ চনৰ মাৰ্চ মাহৰ ১৮ তাৰিখে ইলন মাস্কৰ প্ৰতিষ্ঠান স্পেছ এস্ক’ৰে প্ৰেৰণ কৰা ড্ৰাগনৰ সহায়ত ভোৰ ৰাতিপুৱা ৩.৩০ বজাত আটলান্টিক মহাসাগৰৰ ফ্লোৰিডা উপকুলত উপস্থিত হোৱাৰ লগে লগেই যেন এক অন্তহীন শ্বাসৰুদ্ধকৰ অভিযানৰ অন্ত পৰিল। বিজ্ঞানৰ কি অবিশ্বাস্য জয়যাত্ৰা!
এপৰ্যন্ত মহাকাশচাৰী সুনীতা উইলিয়ামছে মুঠ তিনিবাৰ মহাকাশ অভিযানত সৰ্বমুঠ ৫১৭ দিন মহাকাশত থাকি বিশ্ব ৰেকৰ্ড গঢ়ি তুলিছে। তদুপৰি তেওঁ মুঠ ৫১ ঘন্টা মহাকাশত খোজ কাঢ়ি বিশ্ব ৰেকৰ্ড গঢ়ি তুলিবলৈও সক্ষম হৈছে।
এগৰাকী মহাকাশচাৰী হিচাপে সুনীতা উইলিয়ামছৰ কৰ্ম-দক্ষতা,সাহস আৰু অদম্য ইচ্ছাশক্তিৰ ভূয়সী প্ৰশংসা কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে তেওঁক বঁটা-বাহনেৰে বিভূষিত কৰিছে। সেইবোৰ হ’ল ক্ৰমে–
Padma Bhushan ,2008
Humanitarian Service Medal
Navy and Marine Corps Commendation Medal
Achievement Medal
Legion of Merit,DSSM( twice)
আমি পুৰুষ-প্ৰধান সমাজে যেতিয়া ধৰ্মৰ শাস্ত্ৰ , হদীছ, সামাজিক ৰীতি-নীতি আৰু নীতি -নৈতিকতাৰ দোহাই দি এই ভাৰত উপ মহাদেশৰ নাৰী সকলক ঘৰত আৱদ্ধ কৰি ৰখাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছোঁ, নাৰী দুৰ্বল বুলি ভাবি” নাৰী পথে বিবৰ্জিতা” বুলি বাণী আওৰাই নাৰীৰ ভিতৰত লুকাই থকা বহু গুণ-সম্পন্ন ক্ষমতা আৰু প্ৰতিভাক দমন কৰি আছোঁ, তেনে ক্ষেত্ৰত সুনীতা উইলিয়ামছে এনে সমাজ-ব্যৱস্থাক বৃদ্ধাংগুষ্ঠ দেখুৱাই প্ৰমাণ কৰি দিলে যে, নাৰীৰ মাজতো আছে অসীম শক্তি!
বিশেষকৈ, ইছলাম ধৰ্মৰ মৌলবাদী সকলেও ইছলামিক সংস্কৃতিৰ দোহাই দি আৰবীয় পোছাক বোৰ্খা আৰু হিজাব পৰিধান কৰিবলৈ বাধ্য কৰাই মুছলমান নাৰী সকলক যেনেকৈ ঘৰৰ চাৰি সীমাৰ ভিতৰত আৱদ্ধ কৰি ৰখাৰ ষড়যন্ত্ৰত লিপ্ত হৈ পৰিছে বা কিছুমান মুছলমান নাৰীয়ো এই মন্ত্ৰ-মুগ্ধকৰ মায়াজালত বন্দী হৈ নিজৰ স্বকীয় স্বাধীনতাক বিসৰ্জন দি আত্মসন্তষ্টি লাভ কৰে, তেওঁলোকৰ বাবেও এই গৰাকী স্বনামধন্য মহীয়সী নাৰীয়ে ধ্ৰুব তৰাৰ দৰে অন্ধবিশ্বাস আৰু ধৰ্মীয় গোড়ামীৰ অন্ধকাৰ পথৰ আলোক-বৰ্তিকা হিচাপে পৰিগণিত হৈছে।
অভিনন্দন সুনীতা উইলিয়ামছ ! আপোনাক চাই মানুহে বহুত শিকিব লগা আছে, শিকিব লগা আছে যে, মানুহে সঠিক ভাৱে ঐতিহাসিক-প্ৰসূত, জ্ঞান-বিজ্ঞান-সন্মত যুক্তি প্ৰয়োগ কৰি প্ৰমাণ কৰি দিব পাৰে যে, মানুহৰ মাজতেই সীমাহীন জ্ঞানৰ ভাণ্ডাৰ লুকাই আছে। মানুহে প্ৰচেষ্টা কৰিলে এই পৃথিৱীখনকে ভূ-স্বৰ্গলৈ পৰিণত কৰিব পাৰে।
মহাকাশচাৰী সুনীতা উইলিয়ামছে মহাকাশৰ পৰা পৃথিৱীলৈ ওভোতাৰ সময়ত মন্তব্য কৰিছিল, ” এই ৰহস্যময় মহাকাশক প্ৰতি মুহূৰ্ত্তত সুঁৱৰিম। “
এয়াও ঠিক, মহাকাশো প্ৰতি মুহূৰ্ত্তত সুনীতা উইলিয়ামছক সুঁৱৰিব। নিঃসন্দেহে,এনে এগৰাকী স্বনামধন্য মহীয়সী নাৰীক গোটেই বিশ্ববাসী প্ৰতি মুহূৰ্ত্তত সুঁৱৰিব।