সুধাকণ্ঠ ভূপেন হাজৰিকাৰ স্মৃতিত মুকলি হ’ব ১০০ টকীয়া মুদ্রা
ৰঙিলী বাৰ্ত্তাসেৱা- সুধাকণ্ঠৰ জন্ম শতবার্ষিকী উপলক্ষে কেন্দ্ৰীয় চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । ড° ভূপেন হাজৰিকাৰ স্মৃতিত মুকলি কৰা হ’ব ১০০ টকীয়া স্মৃতি মুদ্রা। এই সন্দর্ভত কেন্দ্রীয় বিত্ত মন্ত্রালয়ে অধিসূচনা জাৰি কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপৰ বাবে সামাজিক মাধ্যমত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কৃতজ্ঞতা জ্ঞাপন কৰি লিখিছে-ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ বাবে এক কালজয়ী সন্মান। আপোনালোকক অৱগত কৰিবলৈ পাই সঁচাকৈ আনন্দিত হৈছোঁ যে বিশ্ববৰেণ্য শিল্পীগৰাকীৰ জন্ম শতবার্ষিকী বিশেষ উপলক্ষত কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে সুধাকণ্ঠৰ স্মৃতিত ১০০ টকীয়া এটা মুদ্রা প্রস্তুতৰ বাবে ৰাজপত্ৰিত গেজেট অধিসূচনা জাৰি কৰিছে। লুইতৰ পাৰৰ বৰেণ্য শিল্পীগৰাকীক সদায়ে প্রাপ্য স্বীকৃতি দি অহা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক শতবার্ষিকী উদ্যাপনৰ এই বিৰল মুহূৰ্তক অধিক বিশেষ কৰি তোলা বাবে অসমবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।