সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ব্ৰঞ্জৰ মূৰ্তি উন্মোচন মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বজালী জিলাৰ পাটাছাৰকুছিৰ কালদিয়া নৈৰ পাৰত অৱস্থিত সুধাতীৰ্থত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ এটা আটকধুনীয়া আৱক্ষ প্রতিমূর্তি উন্মোচন। পাটাছাৰকুছিৰ অন্যতম স্বেচ্ছাসেৱী সামাজিক অনুষ্ঠান প্রাগজ্যোতি ক্লাবৰ উদ্যোগত তথা ৰাইজৰ সহযোগত ক্লাবৰ বহুমুখী আঁচনি ৰূপায়ণৰ অধীনত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতি ক্লাবৰ তথা অঞ্চলটোৰ ৰাইজৰ শ্ৰদ্ধাৰ স্মাৰক হিচাপে পাটাছাৰকুছি পৰিদৰ্শন বঙলাৰ চৌহদত এক নতুন আর্হিত ১৫ ফুট উচ্চতাৰ আৰু ২৭ ফুট পৰিধিৰ নিৰ্মাণ কৰা ব্ৰঞ্জৰ বিশাল আকাৰৰ আবক্ষ মূৰ্তিটো অসমীয়াৰ প্ৰাণৰ বিশ্ববৰেণ্য শিল্পীগৰাকীৰ জন্ম শতবৰ্ষতে আনুষ্ঠানিকভাবে উন্মোচন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই উপলক্ষে ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই ভাৰত মাতৃৰ মহান সন্তানগৰাকীলৈ অসমবাসীৰ হৈ গভীৰ শ্রদ্ধা নিবেদন কৰি কয় যে ড° ভূপেন হাজৰিকা এজন অমৃত সন্তান। ভূপেনদাৰ গান আছিল একো একোটা আন্দোলন। তেওঁৰ সংগীত আছিল সংস্কৃতিৰ বাহক। চৰকাৰে ড° হাজৰিকাৰ জন্ম শতবার্ষিকী ইতিমধ্যে উদযাপন আৰম্ভ কৰিছে। জন্ম শতবার্ষিকী হিচাপে মেঘালয়, অৰুণাচল আৰু কলিকতাত স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰাৰ উপৰি শংকৰদেৱ কলাক্ষেত্ৰত ড° ভূপেন হাজৰিকাৰ স্মৃতিত এটা সংগ্ৰহালয় স্থাপন কৰিব। গানৰ বাবে কেৱল সুৰৰ প্ৰয়োজন নহয়। গানত থাকিব লাগিব এক উদ্দেশ্যও। ভূপেনদাৰ গানত আছে মানুহৰ যন্ত্রণা আৰু আশা। ভূপেনদাই ১৩ বছৰ বয়সতে ‘অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম…’ শীর্ষক গীতটোৰ জৰিয়তে বিপ্লবী চেতনা জগাই তুলিছিল। তেওঁ গীতেৰে অসম তথা সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিশ্বত জিলিকি উঠিছিল। চলচ্চিত্ৰৰ ক্ষেত্ৰতো ড° ভূপেন হাজৰিকাৰ অৱদান অতুলনীয়। তেওঁৰ গানত প্ৰাণ পাইছিল অসমীয়া জনজাতিৰ প্ৰতিচ্ছবি। অসমৰ বহু ঘটনাই তেওঁৰ গীতত প্ৰাণ পাই উঠিছিল। তেওঁ অসমীয়াৰ অস্তিত্বৰ কথা মর্মে মর্মে উপলব্ধি কৰিছিল। তেওঁ অসমীয়াক বন্দনা কৰি সমগ্ৰ ভাৰতত বিলাই দিছিল। ভাৰত-পাকিস্তানৰ যুদ্ধৰ সময়ত ড° হাজৰিকাই গীতৰ মাজেৰে ভাৰতীয় সেনাক অনুপ্ৰেৰণা যোগাইছিল। ড° ভূপেন হাজৰিকা আমাৰ শতিকাৰ শ্ৰেষ্ঠ পুৰুষ। তেওঁ আছিল এজন শ্রেষ্ঠ অসমীয়াৰ সন্তান। তেওঁৰ অপূর্ব সৃষ্টিৰ তুলনা নাই।’-এই মন্তব্য অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। মূৰ্তিটো উন্মোচন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে দিয়া ভাষণত অনুৰাধা শৰ্মা পূজাৰীয়ে ড° ভূপেন হাজৰিকাৰ জীৱন দর্শন সন্দৰ্ভত লিখা গ্রন্থখন অসমৰ দহ লাখ লোকৰ মাজত বিতৰণ কৰিব বুলিও কয়। আৰু কয় যে পাটাছাৰকুছিতে শিশু কালতে জীৱনৰ প্রথম ৰাজনৈতিক ভাষণ দিছিল আৰু সেই ভাষণৰ জৰিয়তে আজিৰ পৰ্যায় পাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

লগতে পাটাছাৰকুছিত এটা আধুনিক তথা উন্নতমানৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে দুই কোটি টকাৰ অনুদান দিব বুলি ৰাইজক প্রতিশ্রুতি দিয়ে। পাটাছাৰকুছি পৰিদৰ্শন বঙলাৰ চৌহদত অনুষ্ঠিত উন্মোচনী সভাত ইয়াৰ লগত সংগতি ৰাখি প্রকাশ কৰা আমিনুল হক আৰু নিতুল শৰ্মাৰ দ্বাৰা সম্পাদিত স্মৃতি পুস্তিকাখন উন্মোচন কৰি স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্রাগজ্যোতি ক্লাব তথা পাটাছাৰকুছি অঞ্চলৰ ৰাইজৰ শলাগ লয়। আবক্ষ মূৰ্তি উন্মোচনী পৰিচালনা সমিতিৰ সভাপতি নিতুল শৰ্মাই আঁত ধৰা সভাখনত ক্লাবৰ সভাপতি ৰফিকুল হকে আদৰণী ভাষণ দিয়ে আৰু বিশিষ্ট সমাজকর্মী মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে বন্তি প্রজ্বলন কৰে। সভাত বজালী জিলাৰ জিলা আয়ুক্ত মৃদুল কুমাৰ দাস, সুধাকণ্ঠৰ সহযোগী বাদ্যযন্ত্রী কমল কটকী, বিশিষ্ট শিল্পী সদানন্দ গগৈ, শিক্ষাবিদ ড° ৰঞ্জিত ডেকা, সমাজকর্মী ডাঃ পুলিন শৰ্মা, কুলধৰ চৌধুৰী, লাৱণ্য পাটগিৰিয়ে মঞ্চ শুৱনি কৰে। মূৰ্তিটো নিৰ্মাণ কৰা বিশিষ্ট ব্ৰঞ্জ কাষ্টিং শিল্পী মুক্তাৰ মল্লিকক সভাত ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। সভাৰ আৰম্ভ ণিতে এশগৰাকী মহিলাই ‘জিলিকাব লুইতৰে পাৰ’ শীৰ্ষক সমৱেত সংগীত পৰিৱেশন কৰে। মূৰ্তি উন্মোচনৰ পূৰ্বে পুৱা ক্লাবৰ সভাপতি ৰফিকুল হকে ক্লাবৰ পতাকা উত্তোলন কৰাৰ পিছতে বহুকেইগৰাকী বিশিষ্ট লোকৰ দ্বাৰা গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মূর্তি উন্মোচনৰ পিছতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ আবক্ষ মূর্তিত পুষ্পাঞ্জলি অর্পণ কৰে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাঁস, সুধাকণ্ঠৰ সহযোগী বাদ্যযন্ত্রী কমল কটকী, বিশিষ্ট শিল্পী সদানন্দ গগৈ, ক্লাবৰ উপদেষ্টা ড° ৰঞ্জিত ডেকা আৰু ডাঃ পুলিন শর্মাই। সন্ধিয়া সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ অধাপিকা ড° বিনীতা বৰা দেৱচৌধুৰীয়ে। উল্লেখ্য যে এক ব্যয়বহুল বাজেটেৰে ৩,৫০৮ কিলোগ্রাম ব্ৰঞ্জৰে নিৰ্মাণ কৰা ১৫ ফুট উচ্চতাৰ আৰু ২৭ ফুট পৰিধিৰ এই ব্ৰঞ্জৰ বিশাল আবক্ষ মূর্তিটো অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ বৃহৎ আকাৰৰ ব্ৰঞ্জৰ আবক্ষ মূর্তি। তেজপুৰৰ বিশিষ্ট ভাস্কর্য শিল্পী অলকেশ পৰাশৰে প্ৰায় এক বছৰ ধৰি লাগি মডেলিং কৰা আৰু পশ্চিমবংগৰ বোলপুৰ শান্তি নিকেতন নিৱাসী বিশিষ্ট ব্রঞ্জ কাষ্টিং শিল্পী মুক্তাৰ মল্লিকৰ নেতৃত্বত এটা ৭-৮-জনীয়া দলে প্ৰায় ডেৰ বছৰ ধৰি নিৰ্মাণকাৰ্য চলাই মূৰ্তিৰ মডেলটো ব্ৰঞ্জলৈ ৰূপান্তৰ কৰিছে।
