সুধাকণ্ঠ ড° ভূপেন হাজৰিকা
ছেলিমা বেগম
হে প্ৰাণৰ ভূপেন দা ! আজি ক’ত হেৰাই আছা
আকৌ এবাৰ আহি অসমৰ জনতাৰ
হিয়াৰ আমোঠু হৈ সংগীত জগতত
চহকী কৰি দিয়া প্ৰণাম তোমাক ৷
বুঢ়া লুইতৰ পাৰ ৰিঙিয়াই মাতিছে
বুঢ়া লুইতক গালি দিবলৈ নাই তুমি
তুমিবিহীন লুইতৰ পাৰ সুধা সুধা লাগিছে
আন্ধাৰৰ ভেটা ভাঙিবলৈ নাই ভূপেন দা ৷
লুইতৰ ডেকা গাভৰু তোমাৰ স্মৃতিত
হিয়া ভাঙি কান্দি শত শত বন্তি জ্বলাই
জিলিকাই তোমাৰ আত্মাৰ শান্তি বিচাৰিছে
যতে আছা সুকলমে থাকা ভূপেন দা ৷
সাগৰ সাতুঁৰি ক্লান্ত হবলৈ নাই তুমি
নৱ নৱ সৃষ্টি কৰিবলৈ আকৌ এবাৰ আহা
পুৱাৰ সুৰুয়ে চুমা খোৱা দেশ তোমাৰ
অৰুণাচল কিয় এৰিলা ?
অগ্নিযুগৰ ফিৰিঙতি তোমাৰ অসম
কিয় এৰি গুচি গ’লা অচিন দেশলৈ
হৰিজন পাহাৰী হিন্দু,মুছলিম ,বড়ো,
কোচ ,চুটিয়া কাছাৰী ,আহোম এৰিলা ৷