সুধাকণ্ঠ  ড° ভূপেন হাজৰিকা দেৱৰ চৰ্চা  আৰু  নৱ প্ৰজন্মৰ কৰণীয় – নিবেদিতা  হাজৰিকা

সুধাকণ্ঠ  ড° ভূপেন হাজৰিকা দেৱৰ চৰ্চা  আৰু  নৱ প্ৰজন্মৰ কৰণীয়

নিবেদিতা  হাজৰিকা
 লখিমপুৰ

ড° ভূপেন হাজৰিকা দেৱ – যাৰ নামেই পৰিচয়।এইগৰাকী মহান শিল্পী, গায়ক , সুৰকাৰ, গীতিকাৰ তথা সাহিত্যিক সমগ্ৰ বিশ্বতে বন্দিত। কেৱল অসমৰে নহয়, ভাৰতৰ অন্যতম শ্ৰেষ্ঠ শিল্পী ,সাহিত্যিক আৰু সংগীতজ্ঞ হিচাপেও তেখেত আছিল সু-পৰিচিত। এইজনা বহুমুখী প্ৰতিভাৰ অধিকাৰী ড° ভূপেন হাজৰিকা দেৱৰ সৃষ্টিৰাজিয়ে অসমীয়া সংস্কৃতিত যি অবদান আগবঢ়াইছে সেই অবদানৰ কথা কৈ শেষ কৰিব নোৱাৰি। আমি সকলোৱে সেয়ে তেখেতৰ  সেই অমূল্য  সৃষ্টিৰাজিক উপযুক্ত  সন্মান জনাবলৈ শিকা উচিত।

এই জীৱন্ত কিংবদন্তী পুৰুষ জনৰ সৃষ্টিৰাজিৰ প্ৰতি আজিৰ নৱপ্ৰজন্মৰ কিমান উৎসাহ বা আগ্ৰহ ,সি এক ডাঙৰ প্ৰশ্ন। অসমীয়া সংস্কৃতিক সমৃদ্ধ কৰা তেখতৰ সৃষ্টিৰাজিৰ প্ৰতি বা কাম-কাজৰ প্ৰতি নৱ প্ৰজন্ম উৎসাহী আৰু আগ্ৰহী হোৱাটো নিতান্তই প্ৰয়োজন ।এই সমূহৰ প্ৰতি তৰুণ প্ৰজন্মৰ  উদাসীনতা কেৱল এক দুখৰ বিষয়েই নহয়, তেখেতৰ কাম -কাজৰ প্ৰতি উদাসীনতা অসমীয়া  সংস্কৃতিৰ  এক নিৰ্দিষ্ট অংশৰ প্ৰতি উপেক্ষা হিচাপে পৰিগণিত হ’ব।ভূপেন হাজৰিকা দেৱৰ সৃষ্টি আৰু দৰ্শনক নৱ-প্ৰজন্মৰ একাংশই  উপেক্ষা কৰা  বা উদাসীনতা প্ৰদৰ্শন কৰা বিষয়টোৱে এক হতাশজনক পৰিস্থিতিৰ সৃষ্টি কৰাৰ আশংকা নুই কৰিব নোৱাৰি।  নৱ প্ৰজন্মৰ মাজত শিল্পী গৰাকীৰ কৰ্মৰাজিৰ বিষয়ে সঠিক শিক্ষা আৰু তথ্যৰ  অভাৱে তেওঁৰ সৃষ্টিৰ গুৰুত্ব বুজাত বাধাৰ সৃষ্টি কৰিছিল । তেখেতৰ বহু যুগান্তকাৰী ৰচনা বা সৃষ্টিৰাজিৰ বিষয়ে নৱ প্ৰজন্মৰ বহুতেই পৰিচিত নাছিল বা পৰিচিত নহয়।যাৰ ফলত তেখেতৰ সংগীতৰ গভীৰতা তথা অসমীয়া সংস্কৃতিৰ গুৰুত্ব অনুধাৱন কৰিবলৈ একাংশ নৱ প্ৰজন্ম অক্ষম। বিভিন্ন দেশী- বিদেশী সংগীতৰ ধাৰা ,বিশেষকৈ পশ্চিমীয়া আৰু দক্ষিণ ভাৰতীয় সংগীতৰ প্ৰভাৱে অসমীয়া সংগীতৰ ৰুচি সলাই পেলোৱাৰ ফলত অৰ্থাৎ এই সমূহৰ প্ৰতি অত্যধিক আগ্ৰহৰ ফলস্বৰূপে নৱ প্ৰজন্ম এনে এজন মহান শিল্পীৰ সৃষ্টিৰাজিৰ প্ৰতি আগ্ৰহী আৰু আকৰ্ষিত হোৱাত বাধাৰ সৃষ্টি নোহোৱা নহয়।

নৱ প্ৰজন্মৰ  একাংশৰ বাবে এই বিষয়বোৰ অৰ্থহীন যেন অনুভৱ হ’লেও আন একাংশই আকৌ এই সমূহৰ চৰ্চা অব্যাহত ৰাখিছে। শিল্পী গৰাকীৰ গীত, সাহিত্য তথা দৰ্শনে নৱ প্ৰজন্মৰ বাবে এক নতুন চিন্তাৰ পথ দেখুৱাইছে, যাৰ ফলত তেখেতৰ কৰ্মৰাজিৰ এক নতুন দিগন্ত উন্মোচিত হোৱা পৰিলক্ষিত হৈছে।

নৱ প্ৰজন্মই তেখেতৰ গীত সমূহৰ মাধ্যমেৰে অসমীয়া সংস্কৃতিৰ  সৈতে  সংযোগ স্থাপন কৰি তেখেতৰ জীৱনৰ আদৰ্শ , সামাজিক ন্যায়ৰ প্ৰতি থকা দায়বদ্ধতা আৰু  একতা ভাৱক প্ৰচাৰ কৰাৰ বাবে তেখতক শ্ৰদ্ধা কৰে ।নৱ প্ৰজন্মৰ মাজত এই গীত সমূহে সামাজিক  ন্যায় ,মানৱীয়তা তথা একতাৰ ভাৱ প্ৰচাৰ কৰে বাবে তেওঁলোক এই সমূহৰ প্ৰতি আগ্ৰহী আৰু সমাজত এনে ধৰনৰ বাৰ্তা সমূহ বিলাই দিয়াৰ ক্ষেত্ৰত তৎপৰ আৰু সচেতন।

স্বনামধন্য শিল্পী গৰাকীৰ কৰ্মৰাজি নৱ প্ৰজন্মৰ  বাবে এক শক্তিশালী  প্ৰেৰণাৰ উৎস হৈ আছে বা শক্তিশালী উৎস হৈ পৰিছে। শিল্পী গৰাকীৰ গীত সমূহ অসমীয়া সংস্কৃতি তথা সমাজৰো অবিচ্ছেদ্য অংগ স্বৰূপ । নৱ প্ৰজন্মই  এই ঐতিহ্যক নিজৰ কৰ্মৰাজিৰ মাধ্যমেৰে আগুৱাই লৈ যোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে। এই সমূহৰ উপৰিও  সামাজিক মাধ্যমৰ জৰিয়তে তেখেতৰ গীত , তেখেতৰ  জীৱন সম্পৰ্কীয়  তথ্য আদি  নতুন প্ৰজন্মৰ মাজত বিয়পাই দিয়াৰ প্ৰয়াস কৰিছে। নৱ প্ৰজন্মৰ এনে  প্ৰয়াস সঁচাই আদৰণীয় আৰু প্ৰশংসনীয় । শিল্পী গৰাকীৰ সৃষ্টিৰাজি, গীত-মাত আদি  উদ্ধাৰ কাৰ্যত বহু নৱ প্ৰজন্ম নিয়োজিত হৈ আছে।

তেখেতৰ গীতৰ গভীৰ অৰ্থ , সামাজিক ভাষ্য তথা মানৱীয় আবেদনে  নৱ প্ৰজন্মক আকৰ্ষিত কৰে। সামাজিক মাধ্যমৰ সহজলভ্যতাৰ বাবে তেওঁলোকে ইয়াক নতুন ৰূপ দিবলৈও সক্ষম হৈছে আৰু সকলোৱে এই সমূহ আদৰি লৈছে।

তেখেতৰ গীত সমূহ অসমীয়া সংস্কৃতিৰো এক গুৰুত্বপূৰ্ণ অংশ, যাৰ জৰিয়তে নৱ প্ৰজন্মই নিজৰ  ঐতিহ্যৰ সৈতে  সহযোগ স্থাপনৰ সুবিধা লাভ কৰিবলৈ সক্ষম হয়।স্মতব্য যে তেখেতৰ জীৱনৰ প্ৰেৰণাদায়ক দিশ সমূহ নৱ প্ৰজন্মৰ  বাবে সদায়ে আদৰণীয় আৰু আকৰ্ষণৰ বিষয়। নৱ প্ৰজন্মই শিল্পী গৰাকীৰ গীত-মাত বা অন্যান্য  সৃষ্টিৰাজিৰ জৰিয়তে জনজাতীয় ভাষাক  সন্মান জনোৱা, মানৱীয়তা  তথা সামাজিক  ন্যায়ৰ বাৰ্তা জনসাধাৰণলৈ প্ৰেৰণ কৰিব পাৰে বা  গীত  সমূহৰ অৰ্থ বুজি ,সেই সমূহৰ মাধ্যমেৰে জনসাধাৰণক  অনুপ্ৰাণিত কৰাৰ লগতে তেখেতৰ চিন্তা- ভাবনাক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।