সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ সংগীতত বৈপ্লৱিক চিন্তাধাৰা : এটি সমীক্ষা – নাছিৰ আহমেদ

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ সংগীতত বৈপ্লৱিক চিন্তাধাৰা : এটি সমীক্ষা

নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা

সংগীত, সাহিত্য,চিত্ৰ, ভাস্কৰ্য আৰু স্থাপত্য — এই পাঁচবিধক সুকুমাৰ কলা(Fine Arts) বুলি কোৱা হয়।এই সুকুমাৰ কলাৰ জৰিয়তে সমাজত এটি নৱ চিন্তাৰ উদ্ৰেক ঘটে। এই সুকুমাৰ কলাৰ উদ্দেশ্য লৈ দুটি মতবাদ প্ৰচলিত হৈ আছে।কিছুমান সাহিত্য সমালোচকৰ মতে ” Art for art’s sake”কলা কলাৰ বাবে। তেওঁলোকে কলাক কেৱল আনন্দ – বিনোদনৰ সমল বুলি ভাৱে। কিন্তু, ইংৰাজী সাহিত্যৰ সমালোচক মেথিউ আৰ্নল্ডকে আদি কৰি কিছুমান সমালোচকে কৈছে যে, “Art for life’s sake “. কলা আনন্দ -বিনোদনৰ সমল যদিও, কলাই সমাজক প্ৰগতিশীল চিন্তাধাৰাৰ পিনে‌ আগবঢ়াই লৈ গৈ সমাজৰ আমূল পৰিবৰ্তনৰ হাতিয়াৰ হিচাপে কাম কৰে। ডঃ ভূপেন হাজৰিকাই এই দ্বিতীয় ধাৰাৰ দ্বাৰা প্ৰভাৱান্বিত হৈ কবিতা আৰু গীত সৃষ্টি কৰিছিল।সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনত । তেওঁৰ জন্মৰ দুটা দশক আগৰ পৰা আমাৰ দেশে ১৯৪৭ চনত স্বাধীনতা লাভ কৰালৈকে গোটেই ভাৰতবৰ্ষত স্বাধীনতা আন্দোলনৰ এক অগ্নিগৰ্ভা অৱস্থা আছিল। ভাৰতৰ স্বাধীনতা আন্দোলনৰো দুটা ধাৰা আছিল।এটা ধাৰা জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত আপোচকামী, অহিংস নীতিৰ আধাৰত । মহাত্মা গান্ধীৰ এই ধাৰাৰ স্বাধীনতা আন্দোলনৰ সৈতে সক্ৰিয় অংশ গ্ৰহণ কৰিছিল–পণ্ডিত জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল,ৰাজেন্দ্ৰ প্ৰসাদ, ডঃ জাকিৰ হুছেইন, মৌলানা আবুল কালাম আজাদ, অসমৰ নবীন চন্দ্ৰ বৰদলৈ তৰুণৰাম ৰাম ফুকন, গোপীনাথ বৰদলৈ,ছাৰ চৈয়দ মহম্মদ ছাদুল্লা, বিষ্ণু ৰাম মেধি অমিয় কুমাৰ দাস মুহিবুদ্দিন আহমেদ, তৈয়বুল্লা,ফখৰ উদ্দিন আলী আহমেদ প্ৰমুখ্যে।মহাত্মা গান্ধীৰ স্বাধীনতা আন্দোলনৰ আহ্বানত সহাঁৰি দি দেশৰ কোটি কোটি জনতাই স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল। এই অহিংস আন্দোলৰ চিন্তাধাৰাক সাহিত্যত প্ৰতিফলিত কৰিছিল বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ, বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়, হিন্দী সাহিত্যিক মুন্সী প্ৰেম চান্দ, অসমীয়া সাহিত্যৰ স্ৰষ্টা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ বৰুৱা আদিয়ে ।স্বাধীনতা আন্দোলনৰ আপোচহীন সংগ্ৰামী-ভাৱাপন্ন দ্বিতীয় ধাৰাটোৰ নেতৃত্ব দিছিল- সুভাষ চন্দ্ৰ বসু, লালা লাজপত ৰায়, বাল গঙ্গাধৰ তিলক, বিপিন চন্দ্ৰ পাল, মতিলাল নেহৰু আৰু সক্ৰিয় অংশ গ্ৰহণ কৰিছিল ভগৎ সিং, বাঘা যতীন আৰু অসমৰ কুশল কোঁৱৰ, কনকলতা আৰু সাম্যবাদী-কমুনিষ্ট দলৰ নেতাসকল ইত্যাদি। এই বিপ্লৱী ধাৰাক সাহিত্যৰ মাজেৰে বোঁৱাই দিছিল বিদ্ৰোহী কবি কাজি নজৰুল ইছলাম, শৰৎচন্দ্ৰ চট্টোপাধ্যায় আৰু অসমৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, হেমাংগ বিশ্বাস আৰু ডঃ ভূপেন হাজৰিকা আদি।এতিয়া আমি ডঃ ভূপেন হাজৰিকাৰ সংগীতত কেনেকৈ বৈপ্লৱিক চিন্তাধাৰা প্ৰৱাহিত হৈছিল,এই বিষয়ে থুলমূলকৈ আভাস দিবলৈ প্ৰয়াস কৰিম।১৯৪২ চনৰ পৰা ১৯৬২ চনলৈকে ডঃ ভূপেন হাজৰিকাৰ জীৱনৰ প্ৰথম কুৰিটা বছৰ এক অগ্নিযুগত পৰিণত হয়। সাম্ৰাজ্যবাদী বৃটিছ শাসকৰ ঔপনিৱেশ শাসন আৰু ভাৰতৰ পৰাধীন দেশৰ নাগৰিকৰ ওপৰত কৰা শাৰীৰিক, মানসিক নিৰ্যাতন, অন্যায়, অত্যাচাৰ,ব্যাভিচাৰ, হত্যা ,লুট ,ধৰ্ষণ আদি অপকৰ্ম দেখি ডঃ ভূপেন হাজৰিকাৰ অন্তৰাত্মা কঁপি উঠিছিল। যি অগ্নিযুগত বঙ্গদেশৰ বিদ্ৰোহী কবি কাজি নজৰুল ইছলামৰ ” অগ্নিবীণা” ৰ ঝংকাৰ উঠিছিল, ৰূপ কোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ ” লুইতৰ পাৰৰ অগ্নিসুৰ” ত বিদ্ৰোহৰ জুই জ্বলি উঠিছিল, সেই অগ্নিযুগতে স্বদেশ অনুৰাগৰ অগনিৰে ভূপেন হাজৰিকাই ষোল বছৰ বয়সতে ৰচনা কৰিছিল, ” অগ্নিযুগৰ ফিৰিঙতি মই, নতুন অসম গঢ়িম ।” বিপ্লৱী, সুন্দৰ দেহী আৰু কৰ্মপটু বিষ্ণু প্ৰসাদ ৰাভাৰ পৰাই ভূপেন হাজৰিকাই নিষ্পেষিত,পীড়িত,লাঞ্চিত, বঞ্চিত, শোষিত‌ কৃষক-বনুৱাৰ প্ৰতি সহানুভূতিৰে চাবলৈ শিকে।সেয়ে ” অগ্নিযুগৰ ফিৰিঙতি মই” ৰচনা কৰাৰ পিছত তেওঁ আৰু উভতি চোৱা নাছিল।শোষণকাৰীৰ বিৰুদ্ধে, অত্যাচাৰীৰ বিৰুদ্ধে, দমনকাৰীৰ বিৰুদ্ধে, কৃষ্ণক-শ্ৰমিকে ভুগিব লগীয়া হোৱা নিৰ্যাতনৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ মানুহক অনুপ্ৰেৰণা যোগোৱাত ভূপেন হাজৰিকাৰ বিদ্ৰোহী গীতবোৰ আছিল বীৰ লাচিতৰ তৰোৱালতকৈ বেছি চোকা । ” নৰকঙ্কালৰ অস্ত্ৰ সাজি শোষণকাৰীক বধিম” ” হেজাৰ পানৈয়ে চিঞৰি উঠিলে পৃথিৱী উঠিলে কঁপি।” ” সেই মুহূৰ্ত্তলৈ যি মুহূৰ্ত্ততহে মোৰ সীমান্তত সেই শত্ৰু দৈত্যটোৰ নহয় মৰণ ৰণক্লান্ত নহওঁ।” সংগ্ৰাম আন এটি নাম জীৱনৰে ” আদিৰ তেজস্বী প্ৰকাশে সমাজত সহজেই জুই জ্বলাব পাৰে ।ডঃ ভূপেন হাজৰিকাৰ বিদ্ৰোহী প্ৰাণে কৰবাত অন্যায় দেখিলেই জাগি উঠে। সেয়ে, বাংলাদেশৰ মুক্তিযুদ্ধতো ” গংগা আমাৰ মা, পদ্দা আমাৰ মা ” বুলি গাই তেওঁ ইন্ধন যোগাইছিল। বিদ্ৰোহী কবি কাজি নজৰুল ইছলামৰ দৰে ডঃ ভূপেন হাজৰিকাই অনুভৱ কৰিছিল যে, প্ৰচণ্ড ধুমুহাই দিয়ে বিপ্লৱী শক্তি। বিদ্ৰোহৰ ক্ষেত্ৰত তেওঁৰ উদাত্ত কণ্ঠ বজ্ৰ‌ আৰু দৃঢ় হোৱাৰ বাবে তেওঁ গাইছিল,” গীত গাই কঁপাম দিগন্ত।”ডঃ ভূপেন হাজৰিকাৰ সংগীতত সাম্যবাদী অথবা বামপন্থী চিন্তাধাৰাৰে পৰিপুষ্ট বিদ্ৰোহী গীত ” ঝকঝক ৰে’ল চলে। ৰে’ল চলে মোৰ ৰে’ল চলে সাম্য ৰিঙিয়াই শান্তি উঁকিয়াই ৰে’ল চলে।”বা

” দোলা হে দোলা হে দোলা
একাবেঁকা বাটেৰে কঢ়িয়াওঁ
বৰ বৰ মানুহৰ দোলা
যুগে যুগে জাপি দিয়ে মেটমৰা বোজাটি
কান্ধ ভাঙো ভাঙো কৰে হে কৰে
বৰ বৰ মানুহে দোলাত টোপনি যায়,
আমাৰ হে ঘামবোৰ সৰে অ’ সৰে ।”

ভূপেন হাজৰিকাই শ্ৰমিকসকলক উদ্দেশ্য কৰি গোৱা সংগীততো বিপ্লৱৰ বীজ ৰোপন হোৱা দেখা যায়।

” ভাঙ ভাঙ
শিল ভাঙ
তই শিলেৰে ইতিহাস ৰচোঁতা
তই সাম্যৰ সৰগ ৰচোঁতা।”

মুক্তিকামী লক্ষজনক মুক্তিৰ জয়গান গাবলৈ ভূপেন হাজৰিকাই আহ্বান জনাইছে এনেকৈ-

” মুক্তিকামী লক্ষজনৰ
মৌন প্ৰকাশ শুনিছানে নাই ?
জীৱন আকাশত নতুন সাহসৰ
পৰিছে জ্যোতি দেখিছানে নাই?
কালৰাত্ৰিৰ বুকুতে লুকাই
আছেই প্ৰভাত বুজিলা নে নাই?
ৰাইজ সিংহক শৃংখল শৃগালে
সদা কৰে ভয় বুজিলা নে নাই?”

জীৱন যুদ্ধত ভাও ল’বলৈ তেওঁ আহ্বান কৰিছে-

” ৰাইজ আজি ভাৱৰীয়া
দেশেই নাটঘৰ
কোনে কি ভাও লবা আহা
সময় যে তাকৰ ।
সংলাপ নালাগে মিঠা ভাষাৰ
আৰ্তনাদেৰেই কোৱা
দুষ্ট জনকে চেতনাৰে যুঁজি
বীৰৰ যোগ্য হোৱা
তেহে ৰহন চৰিব নাটকৰ
কোনে কি ভাও লবা আহা
সময় যে তাকৰ। “

তলৰ সংগীতৰ মাজেৰে দাৰিদ্ৰ্য-ক্লীষ্ট এটি শিশুৰ কৰুণ চিঃকাৰ ফুটি উঠিছে।

” আই ভোক লাগিছে
আই ভাত দে
আই পিয়াহ লাগিছে
আই গাখীৰ দে
আই মোৰ ডিঙি শুকাই যায়
আই আন্ধাৰ দেখিছোঁ আই। “

অসংখ্য জনতাৰ হাহাকাৰ ধ্বনি শুনি বুঢ়া লুইতে নীৰৱে কিয় বৈ আছে বুলি ডঃ ভূপেন হাজৰিকাই প্ৰশ্ন কৰিছে –

” বিস্তীৰ্ণ পাৰেৰে
অসংখ্য জনৰে
হাহাকাৰ শুনিও
নিঃশব্দে নীৰৱে বুঢ়া লুইত তুমি
বুঢ়া লুইত বোৱা কিয় ?
উন্মত্ত ধৰাৰে
কুৰুক্ষেত্ৰৰে
শৰশয্যাকে
আলিঙ্গন কৰা
ভীষ্মৰূপী
অজস্ৰ বীৰক
জোগাই নোতোলা কিয় ?”

তেওঁ বিপ্লৱী বাণীৰে জনতাক উদ্ধুদ্ধ কৰিছে এই গীতটিৰে-

” আহ ,
আহ
ওলাই আহ
সজাগ জনতা
(শুন) বুভূক্ষু শিশুৰে আৰ্তনাদ
( সেয়ে) তিলতিল মৃত্যুৰ আন সংবাদ
সেই সংবাদ শুনিও বধিৰ কিয়?
তই নকৰিবি কিয় তোৰ শেষ প্ৰতিবাদ?
সংগ্ৰাম আন এটি নাম জীৱনৰে
ইতিহাসে চিঞৰি কয় ” জয় জনতাৰে ”
ত্ৰাস এৰি দানৱক বধো গৈ আহ ।”

কৃষক ৰাইজক ঠগি ধনৰ পাহাৰ গঢ়ি তোলা মহাজনৰ নিষ্ঠুৰ শোষণৰ বিৰুদ্ধে তেওঁ গাইছে –

” ধানো নিদিও
ধনো নলও
সুদ নিদিও আৰু
মহাজনৰ নিঠুৰ বুধি সহো কেলেই বাৰু ?
বহুতো যে ঘাম সৰালো
তেজো বুকুৰ বহু দিলোঁ
কাচিখনত শান দিলোঁ
সাহস ভৰি পৰে ।”

এনেদৰে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ বহু সংগীতত বৈপ্লৱিক চিন্তাধাৰা প্ৰস্ফুটিত হৈছে। এইবোৰ সংগীতৰ দ্বাৰা তেওঁ বিদ্ৰোহী কবি কাজি নজৰুল ইছলাম, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, সুৰ বাহিনীৰ নেতৃত্ব প্ৰদান কৰা হেমাংগ বিশ্বাসৰ প্ৰগতিশীল সাম্যবাদী আদৰ্শৰ দ্বাৰা প্ৰভাৱান্বিত হৈ সমাজৰ প্ৰতিক্ৰিয়াশীল শোষক শ্ৰেণীটোৱে শোষিত শ্ৰেণীৰ ওপৰত কৰা শোষণ, নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদী সংগীতেৰে প্ৰতিবাদ কৰা দেখা যায়।অসমৰ পল ৰবচন-স্বৰূপ কবি, সাহিত্যক, গায়ক, গীতিকাৰ, সুৰকাৰ, বোলছবি নিৰ্মাতা, সংগীত পৰিচালক, স্বপ্নদ্ৰষ্টা, আধুনিক চিন্তানায়ক, সাম্যবাদী আদৰ্শৰ পথপ্ৰদৰ্শক, বৈপ্লৱিক চিন্তাধাৰাৰে পৰিপুষ্ট, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা দেৱক শ্ৰদ্ধাৰে সুঁৱৰিছো।