সুধাকণ্ঠৰ স্মৃতিত ১০০ টকীয়া ৰূপৰ স্মাৰক মুদ্ৰা মুকলি কৰে প্ৰধানমন্ত্ৰীয়ে

সুধাকণ্ঠৰ স্মৃতিত ১০০ টকীয়া ৰূপৰ স্মাৰক মুদ্ৰা মুকলি কৰে প্ৰধানমন্ত্ৰীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত সুধাকণ্ঠৰ চিত্ৰসম্বলিত ১০০ টকীয়া ৰূপৰ বিশেষ স্মাৰক মুদ্রা উন্মোচন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উল্লেখ্য যে ৰাজ্য চৰকাৰৰ প্ৰস্তাৱমৰ্মে কেন্দ্ৰীয় চৰকাৰে বিশ্ববৰেণ্য শিল্পীগৰাকীৰ স্মৃতিত এই বিশেষ মুদ্রা প্রস্তুত কৰাৰ সিদ্ধান্ত লৈছিল। সেইমৰ্মে ভাৰতীয় ৰিজার্ভ বেংকে প্রস্তুত কৰা বিশেষ এই মুদ্রাটো আনুষ্ঠানিকভাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে। উল্লেখ্য যে ২০২৪ চনত কেন্দ্ৰীয় চৰকাৰে প্ৰসিদ্ধ শিল্পী মহম্মদ ৰফিৰ জন্ম শতবৰ্ষত মুকলি কৰিছিল এক বিশেষ স্মাৰক মুদ্রা। তাৰ পিছতে আজি প্রধানমন্ত্রী মোদীয়ে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ স্মৃতিত ৰূপৰ এই বিশেষ স্মাৰক মুদ্ৰাটো মুকলি কৰে। মন কৰিবলগীয়া যে সুধাকণ্ঠৰ জন্ম শতবর্ষ উপলক্ষে মুকলি কৰা এই মুদ্ৰাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী আৰু প্ৰখ্যাত শিল্পী মহম্মদ ৰফিৰ পাছতে দেশৰ দ্বিতীয়গৰাকী শিল্পী হিচাপে স্মাৰক মুদ্রাত স্থান লাভ কৰা শিল্পীৰূপে পৰিগণিত হৈছে অসমীয়াৰ হিয়াৰ আমঠু বিশ্ববৰেণ্য শিল্পী, ভাৰতৰত্ন ড° ভূপেন হাজৰিকা। তদুপৰি আজিৰ অনুষ্ঠানটোতে সাহিত্য অকাডেমি বঁটাপ্রাপক বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীয়ে লিখা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জীৱনীমূলক গ্রন্থ ‘ভাৰতৰত্ন ভূপেন হাজৰিকা, গীতৰ চিত্ৰকৰ, সুৰৰ ভাস্কৰ’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰে। অসমীয়া ভাষাত লিখা সুধাকণ্ঠৰ এই গ্ৰন্থখন ২১টা ভাৰতীয় ভাষালৈ অনুবাদ কৰা হৈছে। প্রধানমন্ত্রী মোদীয়ে আনুষ্ঠানিকভাৱে মূল অসমীয়া সংস্কৰণটোৰ লগতে গ্ৰন্থখনৰ আন ২১টা ভাষাৰ অনূদিত সংস্কৰণকেইটাও উন্মোচন কৰে।