সুধাকণ্ঠৰ জন্ম শতবৰ্ষত কমল কটকীক অনাৰেৰি ডক্টৰেট দিয়া উচিত – ড° বুলজিৎ বুঢ়াগোহাঁই

Pc Guwahati News

সুধাকণ্ঠৰ জন্ম শতবৰ্ষত কমল কটকীক অনাৰেৰি ডক্টৰেট দিয়া উচিত

ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়

সুধাকণ্ঠ ড°  ভূপেন হাজৰিকা (ভূপেন দা)ৰ জন্ম শতবার্ষিকী উপলক্ষে বছৰজোৰা উদযাপন কাৰ্যসূচী ৮ ছেপ্টেম্বৰ, ২০২৫ তাৰিখৰ পৰা আৰম্ভ কৰা হৈছে। এই ঐতিহাসিক সময়ছোৱা কেৱল স্মৰণ আৰু উদযাপনৰ সোণালী সুযোগ নহয়, ভূপেন দাৰ কলাত্মক চিন্তা, দৰ্শন আৰু সৃষ্টিশীল অৱদানক গভীৰভাৱে শলাগ লোৱা আৰু স্বীকৃতি দিয়াৰ এক সোণালী সুযোগ। এই প্ৰসংগত  ভূপেন দাৰ দীৰ্ঘদিনৰ ঘনিষ্ঠ সহযোগী, বিশিষ্ট শিল্পী আৰু চিন্তাশীল বুদ্ধিজীৱী কমল কটকীদেৱক অসমৰ কোনো বিশ্ববিদ্যালয়ে “অনাৰেৰি ডক্টৰেট ডিগ্ৰী (Honorary Doctorate Degree)” প্ৰদান কৰা বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰা উচিত বুলি আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ।

কমল কটকীদেৱে ভূপেন দাৰ সৈতে দীৰ্ঘ সময় ধৰি সংগীত আৰু সাংস্কৃতিক সৃষ্টিৰ ক্ষেত্ৰত একেলগে কাম কৰিছিল। সেই অভিজ্ঞতাৰ জৰিয়তে তেখেতে ভূপেন দাৰ বহু কালজয়ী গীতৰ সৃষ্টিৰ পটভূমি, চিন্তা, সংগীত চেতনা আৰু সামাজিক দৰ্শনৰ গভীৰ আৰু প্ৰত্যক্ষ জ্ঞান লাভ কৰিছে।এই জ্ঞান কেৱল ব্যক্তিগত স্মৃতিতে সীমাবদ্ধ নহয়, বৰঞ্চ বিভিন্ন প্ৰবন্ধ, আলোচনা চক্ৰ, সাংস্কৃতিক মঞ্চ আদিত গৱেষণাৰ দৃষ্টিকোণৰ পৰা উপস্থাপন কৰি আহিছে।

ভূপেনদাৰ গীতৰ সাহিত্যিক মূল্য, সংগীতৰ গাঁথনি আৰু সামাজিক অৰ্থবোধ সম্পৰ্কে কমল কটকী দেৱে কৰা বিশ্লেষণ যিকোনো আনুষ্ঠানিক বিশ্ববিদ্যালয়ৰ গৱেষকৰ কামৰ সৈতে তুলনাযোগ্য বুলি ক’লেও অতিৰঞ্জিত নহয়। বৰঞ্চ, জীৱন্ত অভিজ্ঞতা আৰু প্ৰত্যক্ষ অংশগ্ৰহণৰ ফলস্বৰূপে তেখেতৰ বিশ্লেষণসমূহ অধিক প্ৰামাণিক আৰু সমৃদ্ধ ৰূপে প্ৰতিষ্ঠা লাভ কৰিছে।

আমাৰ বিশ্ববিদ্যালয়সমূহে সাধাৰণতে “অনাৰেৰি ডক্টৰেট ডিগ্ৰী” প্ৰদানৰ জৰিয়তে সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিসকলক সন্মান জনায়। সেই দৃষ্টিৰে চাবলৈ গ’লে কমল কটকীদেৱৰ অৱদান কেৱল এজন শিল্পীৰেই নহয়, ভূপেন হাজৰিকাৰ চিন্তা আৰু কৰ্মৰাজি বুজিবলৈ সহায় কৰা গৱেষক-চিন্তাবিদ হিচাপেও গুৰুত্বপূৰ্ণ। সেয়েহে, সুধাকণ্ঠ ড°  ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ এই গৌৰৱময় বছৰত অসমৰ কোনো বিশ্ববিদ্যালয়ে কমল কটকীদেৱক “অনাৰেৰি ডক্টৰেট ডিগ্ৰী” প্ৰদান কৰিলে সেয়া কেৱল এজন ব্যক্তিক সন্মান জনোৱাই নহ’ব, বৰঞ্চ ভূপেন হাজৰিকাৰ শিল্প-ঐতিহ্যক সংৰক্ষণ আৰু মূল্যায়নৰ দিশত এক অৰ্থবহ আৰু দীৰ্ঘস্থায়ী পদক্ষেপ হিচাপেও চিহ্নিত হ’ব।