সুধাকণ্ঠলৈ…..
বিশ্বজিৎ বৈশ্য
বংশৰ ( শুৱালকুছি)
৮ চেপ্তেম্বৰ, ১৯২৬ চনত শদিয়াত জন্মলাভ কৰা ভাৰতৰত্ন ড° ভূপেন হাজৰিকা নামে যাৰ পৰিচয়। অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ, আৰু সঙ্গীত পৰিচালক আছিল। তদুপৰি তেখেত চিত্রকৰ, লেখক, চলচ্চিত্র পৰিচালক আছিল। সুধাকন্ঠ নামেৰে পৰিচিত ড° ভূপেন হাজৰিকাই তেখেতৰ কৰ্মৰাজিৰে অসমৰ কলা-সংস্কৃতি জগতৰ উন্নয়ন সাধনৰ লগতে অসম তথা ভাৰতক বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰতো বহুতো অৱদান আগবঢ়াই আহিছে। ১৯৩৭ চনত ১১ বছৰ বয়সতে সুধাকন্ঠ ই প্ৰথমটো গীত ৰচনা কৰে। গীত টো হল–
“কুসুম্বৰ পুত্র শ্ৰীশঙ্কৰ গুৰুৱে
ধৰিছিল নামৰে তান
নামৰে সুৰতে আনন্দত নাচিছিল
পৱিত্ৰ বৰদোৱা থান”….
মানৱ জাতিৰ প্ৰেৰণাৰ উৎস ড° ভূপেন হাজৰিকাই আমাক দি গ’ল বহুতো বাৰ্তা, দি গ’ল গভীৰ অনুভৱেৰে সজোৱা সুৰৰ কৰণি।তেখেতে দেশে- বিদেশে অৰ্ধশতাধিক বঁটা- সন্মান লাভ কৰিছিল। সুধাকন্ঠৰ সৃষ্টিৰাজি আমাৰ এক অমূল্য সম্পদ। ২০১১ চনৰ ৫ নৱেম্বৰ তাৰিখে তেখেতে ইহ সংসাৰৰ পৰা আমাক এৰি থৈ যায়। তেওঁৰ সমগ্ৰ সৃষ্টিৰাজি,বাণীবদ্ধ কন্ঠ আৰু সুৰে আজিও তেওঁক আমাৰ মাজত জীয়াই ৰাখিছে। এইদৰে চিনাকী সুৰ বোৰৰ মাজতে চিৰকাললৈ জীয়াই থাকিব সকলোৰে হিয়াৰ আমঠু ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাক।