সুদীৰ্ঘ ১১ মাহৰ অন্তত জালত পৰিল এমট্ৰনৰ গাণনিক অজিত চেতিয়াৰ হত্যাকাৰী

সুদীৰ্ঘ ১১ মাহৰ অন্তত জালত পৰিল এমট্ৰনৰ গাণনিক অজিত চেতিয়াৰ হত্যাকাৰী

ৰঙিলী বাৰ্ত্তাসেৱা- জালত পৰিল বৰাগাঁৱৰ তেতেলীয়াৰ বাসিন্দা তথা এমট্ৰানৰ বিষয়া অজিত চেতিয়াৰ হত্যাকাৰী ৷যোৱা ৯ এপ্ৰিলৰ মাজনিশা অচিনাক্ত দুর্বৃত্তই ঘৰত শুই থকা অৱস্থাত হত্যা কৰিছিল চেতিয়াক। হত্যাকাণ্ডটো সংঘটিত হোৱাৰ তিনি মাহ পর্যন্ত আৰক্ষীয়ে তীব্র অনুসন্ধান চলায়ো হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল যদিও নাটকীয়ভাৱে অৱশেষত গ্ৰেপ্তাৰ হ’ল হত্যাকাণ্ডটোৰ ৫জনকৈ অভিযুক্ত। ডকাইতৰ দলৰ পৰিকল্পিত আক্ৰমণৰ পৰিণতিতেই দুর্ভাগ্যজনকভাৱে মৃত্যুক সাবটিবলগীয়া হৈছিল চেতিয়াই আৰক্ষী আয়ুক্ত দিগম্ভ বৰাৰ নেতৃত্বত মহানগৰ আৰক্ষীয়ে হত্যাকাণ্ডটোৰ পুনৰ তদম্ভ আৰম্ভ কৰি যোৱা ২৫ ফেব্ৰুৱাৰীত হত্যাকাণ্ডটোৰ মূল অভিযুক্ত ছাইদুৰ ৰহমান ওৰফে গেলাক বাংগালুৰুৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পাছতেই উন্মোচিত হৈ পৰিল দীৰ্ঘদিনে অভেদ্য হৈ থকা এই ৰহস্যৰ। ছাইদুৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে ফটাশিল আমবাৰীৰ পৰা চুৰাট জামাল ওৰফে কালু , দিলবাৰ খানক গ্ৰেপ্তাৰ কৰাৰ পাছতেই কালি সন্ধিয়া বৰপেটাৰ মন্দিয়াৰ পৰা গ্ৰেপ্তাৰ কৰে আব্দুল ৰছিদক। উল্লেখ্য যে হত্যাকাণ্ডটোৰ আন এগৰাকী অভিযুক্ত ৰফিকুল ইছলাম ওৰফে গেন্দা সম্প্রতি ফটাশিল আমবাৰীৰ এটা চুৰি গোচৰত ইতিমধ্যে কাৰাৰুদ্ধ হৈ থকাৰ পাছত চোৰটোক পুনৰ গ্ৰেপ্তাৰ কৰাৰ কথা আজি সদৰী কৰিছে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই। অতি পৰিকল্পিতভাৱেই পাঁচজনে মিলি এমট্ৰ’নৰ বিষয়া অজিত চেতিয়াক হত্যা কৰি পাছত ঘৰৰ সকলো ধন-সোণ লুটপাত কৰি নিৰ্বিঘ্নে ওলাই গৈছিল।