সুদীর্ঘ ৫০ বছৰৰ পাছত মণিপুৰৰ উখৰুলত উপস্থিত থুইংগালেং মুইভাই
ৰঙিলী বাৰ্ত্তাসেৱা- সুদীর্ঘ ৫০ বছৰৰ মূৰত ২২ অক্টোবৰ ২০২৫ বুধবাৰে জন্মভূমি উখৰুলত উপস্থিত হ’ল উত্তৰ-পূবৰ বিদ্ৰোহী সংগঠনৰ আটাইতকৈ বর্ষীয়ান নেতা থুইংগালেং মুইভা। নগাৰ সাৰ্বভৌমত্বৰ দাবীৰে দীৰ্ঘদশক ধৰি সশস্ত্র সংগ্ৰাম অব্যাহত ৰখাৰ পাছত যুদ্ধবিৰতি চুক্তিৰে আলোচনাৰ মেজলৈ অহা এনএছচিএন-আইএমৰ মুৰব্বী হিচাপে পৰিচিত থুইংগালেং মুইভাৰ এই আগমনত উছৱমুখৰ পৰিৱেশ সৃষ্টি হ’ল উখৰুল আৰু সোমদলত। উল্লেখ্য যে ২০২৩ চনৰ মে’ মাহৰ পৰা গোষ্ঠীগত সংঘর্ষত জুৰুলা হৈ পৰা মণিপুৰৰ উখৰুলত মুইভাৰ এই আগমন বিশেষ উল্লেখযোগ্য ঘটনা হিচাপে পৰিগণিত হৈছে। শতবর্ষ গৰকিবলৈ কিছু বছৰ বাকী থকা মুইভাই এই ভ্রমণকালতে নিজৰ জন্মগাঁও সোমদলত কটাব এসপ্তাহ। ডিমাপুৰৰ পৰা হেলিকপ্টাৰেৰে আহি উখৰুলত উপস্থিত হোৱা থুইংগালেং মুইভাক উষ্ম আদৰণি জনোৱা হয়। প্রায় ৫০ বছৰৰ পিছত প্রিয় নেতাগৰাকীক চাবলৈ উখৰুলৰ টাংখুল লংগ্রাউণ্ড জনাকীর্ণ হৈ পৰে। ৰাজকীয়ভাৱে আদৰণি জনোৱা মুইভাৰ এই আগমনক নেতাৰ প্ৰত্যাৱৰ্তন বুলিয়েই ব্যাখ্যা কৰিছে স্থানীয় বাসিন্দাসকলে। সম্পূৰ্ণ পৰম্পৰাগতভাৱে আদৰণি জনোৱা মুইভাক শিৰত পিন্ধাই দিয়া হ’ল ৰাজকীয় মুকুট। ৯০ বছৰ গৰকা মুইভাৰ শৰীৰ এতিয়া থৰক-বৰক। নগা সশস্ত্র সংগ্রামী ফিজো, শু, খাপলাঙৰ পাছত জীৱিত অৱস্থাত থকা থুইংগালেং মুইভাই হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠনসমূহৰ ভিতৰত আটাইতকৈ বর্ষীয়ান নেতা। এনএছচিএন-আইএম গোটক নেতৃত্ব দি অহা মুইভা হ’ল সংগঠনটোৰ সাধাৰণ সম্পাদক তথা এনএছচিএন (আইএম) ৰ প্ৰস্তাৱিত নাগালিমৰ তেৱেই হ’ল প্রধানমন্ত্রী। জন্মসূত্রে নাগালেণ্ডৰ নগা নহয় যদিও মণিপুৰৰ উখল জিলাৰ সোমদলত ১৯৩৪ চনৰ ১৩ মাৰ্চত জন্মলাভ কৰা মুইভা এজন টাংখুল নগা। লক্ষণীয়ভাবে নাগালেণ্ডৰ ১৪টা স্বীকৃত জনজাতিৰ তালিকাত নাই এই টাংখুল নগা। তথাপি স্বাধীন-সার্বভৌম নাগালিমৰ দাবীৰে সশস্ত্র সংগ্ৰামেৰে ওৰেজীৱন পাৰ কৰিলে মুইভাই। যাৰ বাবে এতিয়াও মুইভা এনএছচিএন-আইএমৰ অবিসম্বাদী নেতা। ১৯৯৭ চনত যুদ্ধবিৰতি ঘোষণা কৰাৰ পাছত ২০১৫ চনত এনএছচিএন-আইএমে স্বাক্ষৰিত কৰে নগা ফ্ৰেমৰ এগ্রিমেন্ট। সেই শান্তি চুক্তিক লৈয়েই ইখনৰ পাছত সিখন আলোচনাত অংশগ্ৰহণ কৰি আহিছে মুইভাই। সশস্ত্র সংগ্ৰামৰ এই কাৰ্যসূচীত ব্যস্ত থকা মুইভাই বিগত ৫০ বছৰেই অহা নাছিল নিজৰ ওপজা ভূমি সোমদললৈ। সেই অপেক্ষাৰ অন্ত পেলাই আজি এনএছচিএন-আইএমৰ লেফটেনেন্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) সামূহিক নেতৃত্বৰ সদস্য আটেম ডিচি আৰু সেনাপ্রধান লেফটেনেন্ট জেনেৰেল এন্টনী নিং খান শিমৰেসহ এনএছচিএনৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ’ল মুইভা। পত্নীৰ সৈতে উপস্থিত হোৱা মুইভাক হাজাৰ হাজাৰ জনতাই বিশাল সমদলেৰে আদৰি আনে মুইভাক। বীৰৰ দৰে মুইভাক আদৰি অনাৰ লগতে টাংখুল নগাসকলৰ প্ৰাচীন বীৰসকলৰ পোছাক পিন্ধাই ৰাজকীয়ভাৱে আদৰণি জনায়।মুইভাই সোমদলত গাঁৱত এসপ্তাহ কটোৱাৰ পাছত ২৯ অক্টোবৰত সেনাপতি জিলা হৈ ডিমাপুৰ ঘৰলৈ উভতি আহিব। উল্লেখযোগ্য যে আজি উখৰুলৰ বিদ্যালয়-মহাবিদ্যালয়সমূহ থুইংগালেঙ মুইভাৰ সন্মানত বন্ধ হৈ পৰে। এই গৃহ যাত্ৰাত সংগ দিয়ে ভি এছ আটেম, আৰ এইচ ৰেইজিং, নিংখান শ্বিমৰে, ৰেভাৰেণ্ড চেক্সিম কাছাৰ, ৰেভাৰেণ্ড পুনি মাওকে ধৰি এন এছ চি এনৰ কেইবাজনো শীৰ্ষ নেতাই ।