সুদীর্ঘ প্রতীক্ষাৰ অন্তত আমি বিশ্ববিজয়ী

সুদীর্ঘ প্রতীক্ষাৰ অন্তত আমি বিশ্ববিজয়ী

ৰঙিলী বাৰ্ত্তাসেৱা- সুদীর্ঘ প্রতীক্ষাৰ অন্তত ৱেষ্ট ইণ্ডিজৰ বাৰ্বাডোজৰ কেনছিংটন অ’ভেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিলে ভাৰতে। ১৭ বছৰৰ পিছত টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিলে  টীম ইণ্ডিয়াই। ২০০৭ চনত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত টীম ইণ্ডিয়াই জয় কৰিছিল প্রথম টি-২০ বিশ্বকাপ ক্রিকেট। ৰোহিত শৰ্মাৰ নেতৃত্বত টি-২০ বিশ্বকাপত পুনৰ চেম্পিয়ন হ’ল ভাৰতীয় দলটো।  বার্বাডোজৰ কেনছিংটন অ’ভেলত গান্ধী-মেণ্ডেলাৰ দেশৰ মাজত অনুষ্ঠিত ফাইনেল মেচখনত ভাৰতে দক্ষিণ আফ্রিকাক ৭ ৰানত পৰাস্ত কৰে।  খিতাপ যুঁজৰ মেচখনত জিৰোৰ পৰা হিৰোলৈ পর্যবসিত হয় বিৰাট কোহলি। প্রতিযোগিতাখনত ধাৰাবাহিক ব্যৰ্থতাৰ অন্তত  এক দায়িত্বশীল বেটিঙেৰে ভাৰতীয় দলটোক চেম্পিয়ন কৰোৱাত গুৰুদায়িত্ব লয় কোহলিয়ে। কোহলিৰ লগতে ভাৰতীয় দলটোৰ এই বিশ্বজয়ত অগ্রণী ভূমিকা পালন কৰে দলৰ নিৰ্ভৰযোগ্য অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াৰ লগতে অক্ষৰ পেটেলেও। ইফালে ইতিহাস ৰচিও স্বপ্ন পূৰণত ব্যৰ্থ হ’ল দক্ষিণ আফ্রিকা। আজিৰ ফাইনেল মেচখনৰ প্ৰতিটো অভাৰতে নাটকৰ দৰে সলনি হৈছিল দৃশ্যপট। ভাৰতীয় দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ১৭৭ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি প্রটিয়াছ বাহিনীয়ে নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৬৯ ৰান সংগ্ৰহ কৰে। প্ৰথম অৱস্থাত মেচখন ভাৰতৰ পক্ষত আছিল যদিও কুইন্টন ডি ক’ক আৰু হেনৰিচ ক্লাছেনে মাৰমুখি বেটিঙেৰে দলটোক জয়ৰ মুখলৈ লৈ গৈছিল। কিন্তু অশদ্বীপ সিঙে ডি ক’কক আৰু পাণ্ডিয়াই ক্লাছেনক আউট কৰি দলটোৰ পৰা জয় কাঢ়ি আনে। ক্লাছেনে ২৭টা বলত ৫২ ৰান কৰাৰ বিপৰীতে ডি ক’কে ৩৯ ৰানৰ অৱদান আগবঢ়ায়। ইফালে ডেভিদ মিলাৰে দলটোক পুনৰ জয়ৰ মুখলৈ নিছিল যদিও ব্যক্তিগত ২১ ৰানত আউট হোৱাৰ লগে লগে প্রটিয়াজ বাহিনীৰ বিশ্বজয়ৰ স্বপ্ন ধূলিসাৎ হয়। অ’পেনাৰ হেনড্রিকছ আৰু অধিনায়ক মাৰ্কৰাম উভয়ে ৪ ৰানৰ অৱদান আগবঢ়ায়। ভাৰতৰ হৈ হার্দিক পাণ্ডিয়াই ৩টা, অর্শদ্বীপ সিং আৰু যশপ্রীত বুমৰাহ উভয়ে ২টাকৈ আৰু অক্ষৰ পেটেলে ১টা উইকেট লাভ কৰে। প্রতিযোগিতাখনত বুমৰাহে শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে। ইয়াৰ পূর্বে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ আহি বিৰাট কোহলিৰ ৭৬ আৰু অক্ষৰ পেটেলৰ গুৰুত্বপূৰ্ণ ৪৭ ৰানৰ সহায়ত ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৭৬ ৰান সংগ্ৰহ কৰে। ইনিংছ আৰম্ভণি সুখকৰ নাছিল ৰোহিত বাহিনীৰ। দলীয় স্ক’ৰ ৩৪ ৰানতে তিনিজনকৈ আগশাৰীৰ বেটাৰক হেৰুৱাই শ’লঠেকত পৰে। অধিনায়ক ৰোহিত শৰ্মাৰ ৰূপত ভাৰতে প্রথমটো উইকেট হেৰুৱায়। ব্যক্তিগত ৯ ৰান কৰি বিদায় লৈ ৰোহিত শৰ্মাই। ৰোহিত আউট হোৱাৰ ক্ষন্তেক পিছতে ঋষভ পন্টেও বিদায় লয়। উইকেটকীপাৰ বেটাৰগৰাকীয়ে দুটা বল খেলি কোনো ৰান নকৰাকৈ পেভিলিয়নমুখী হয়। সেই সময়ত ভাৰতীয় দলটোৰ স্ক’ৰ আছিল ২ উইকেটত ২৩ ৰান। অৱশ্যে উইকেটৰ আনটো দিশত থকা বিৰাট কোহলিয়ে সূর্য কুমাৰ যাদৱৰ সৈতে লগ লাগি দলৰ বিপৰ্যয় ৰোধ কৰাৰ চেষ্টা চলায় যদিও ব্যর্থ হয়। দলীয় স্ক’ৰ ৩৪ ৰানত সূর্য কুমাৰে ব্যক্তিগত ৩ ৰানত বিদায় লয়। ৫৯টা বলত ৬টা চাৰি আৰু ২টা ছয়েৰে ৭৬ ৰান কৰা কোহলিয়ে অক্ষৰ পেটেলৰ সৈতে চতুর্থ উইকেটত ৭২ ৰান সংগ্ৰহ কৰি ভাৰতীয় দলটোক এক সন্মানজনক স্থিতিত উপনীত কৰায়। অক্ষৰে ৩১টা বলত ১টা চাৰি আৰু ৪টা ছয়েৰে ৪৭ ৰানৰ গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়ায়। ইফালে শিৱম ডুবেই ১৬টা বলত ৩টা চাৰি আৰু ১টা ছয়েৰে ২৭ ৰানৰ অৱদান আগবঢ়ায়। হার্দিক পাণ্ডিয়াই ২টা বলত ৫ ৰান কৰি অপৰাজিত হৈ থাকে যদিও ৰবীন্দ্র জাদেজাই ২ ৰান কৰি আউট হয়। দক্ষিণ আফ্রিকাৰ হৈ কেশৱ মহাৰাজ আৰু এনৰিচ নর্টজে উভয়ে ২টাকৈ উইকেট লাভ কৰাৰ লগতে মার্কো জানছেন আৰু কাগিছ’ ৰাবাডা উভয়ে এটাকৈ উইকেট লাভ কৰে। উল্লেখ্য যে ১৯৮৩ চনত কপিল দেৱৰ নেতৃত্বত ভাৰতে ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি প্ৰথমবাৰলৈ এদিনীয়া বিশ্বকাপৰ সোৱাদ লাভ কৰাৰ বিপৰীতে ২০১১ চনত মহেন্দ্র সিং ধোনী বাহিনীয়ে অনুৰূপ সন্মান দেশলৈ কঢ়িয়াই আনিছিল। ইয়াৰ পূৰ্বে ২০০৭ চনত ধোনীৰ নেতৃত্বতে প্ৰথমবাৰলৈ টি-২০ বিশ্বকাপ অৰ্জন কৰিছিল টীম ইণ্ডিয়াই। সুদীর্ঘ ১৭ বছৰৰ অন্তত ৰোহিত শৰ্মাৰ নেতৃত্বত বহু প্রতীক্ষিত সন্মান ভাৰতীয় ক্রিকেট দলে লাভ কৰিবলৈ সক্ষম হয়।