সুদক্ষিণা বাইদেউৰ বিষয়ে থোৰতে
মুন শৰ্মা, লখিমপুৰ
বাইদেউ গ’ল গৈ। উকা হৈ পৰিল অসমীয়া সংগীত জগতৰ সু-মধুৰ কণ্ঠ। কণ্ঠ শিল্পী ৰূপে বহু কেইটা অসমীয়া চিৰ সেউজ গীত গায় অসমীয়া সংগীত জগতত সুকীয়া স্থান অধিকাৰ কৰা ড° ভূপেন হাজৰিকাৰ ভগ্নী নীলকান্ত হাজৰিকাৰ আৰু শান্তিপ্ৰিয়া হাজৰিকা পুত্ৰী আৰু বিখ্যাত অসমীয়া সঙ্গীতকাৰ দিলীপ শৰ্মাৰ পত্নী আছিল তেওঁ।১৮৩৪ চনৰ ৮ আগষ্টত গুৱাহাটী ভৰলুমুখত লাভ কৰা তেখেতে সংগীত নাটক অকাডেমী বঁটা(২০০২) লাভ কৰা এগৰাকী অসমীয়া গায়িকা। এটা সংগীতৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা তেখেতে ১৯৩৯চনত তেজপুৰ মজলীয়া বিদ্যালয়ৰ পৰা শিক্ষা আৰম্ভ কৰি তেওঁ গুৱাহাটী পানবজাৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰি সন্দিকৈ কলেজত উচ্চ শিক্ষাৰ কৰিছিল।শিশু অৱস্থাতে বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ফণী শৰ্মাৰ সংস্পৰ্শ লৈ অহা তেওঁ প্ৰথম বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ তত্বাৱধানত কলিকতাত গ্ৰামফোন ৰেকৰ্ড কৰি কমল নাৰায়ণ চৌধুৰী লগত গাইছিল নাহৰ ফুলে নুশুৱায়, বিশ্বৰে ছন্দে আৰু অ” মইনা গীত তিনিটা। ইয়াৰ উপৰিও তেওঁৰ দেউতাক নীলকান্ত হাজৰিকাৰ, নৱকান্ত বৰুৱা, পুৰুষোত্তম দাস আৰু স্বামী দিলীপ শৰ্মাৰ গীত ও গ্ৰামফোন ৰেকৰ্ড কৰিছিল। তেওঁ অসমীয়া বোলছবি জগতৰ ও অন্যতম জনপ্ৰিয় নাম আছিল তেওঁ কণ্ঠ দিয়া অসমীয়া ছবি বোৰ হ”ল মণিৰাম দেৱান, চিকমিক বিজুলী, পাৰঘাট, অবুজ বেদনা, হেঁপাহ আদি।উল্লেখ্য যে তেখেতৰ জন্মসূত্ৰে নাম আছিল নিৰুপমা হাজৰিকা কিন্তু বৰ্তমানৰ সুদক্ষিণা নামটো দিছিল আৱাহন আলোচনীৰ এটা সময়ৰ সম্পাদক তথা সাহিত্যিক তেওঁৰ শহুৰেক দীননাথ শৰ্মাই। ইয়াৰ উপৰিও জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁক দিছিল কুইনী হাজৰিকা আৰু এই তিনিওটা নামেই আমাৰ মাজৰ চিনাকি নাম ৰূপে প্ৰতিষ্ঠিত হৈ আছে।