সুজিত দাসৰ ‘আর্ট ভিলেজ’ত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ উপস্থিত

pc-printrest

অনলাইন বাৰ্ত্তা সেৱা- সুজিত দাসৰ ‘আর্ট ভিলেজ’ নামৰ নগাঁৱৰ আর্ট গেলেৰী, মিউজিয়ামত দেওবাৰে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ উপস্থিত হয়। চিত্রশিল্পী সুজিত দাসে সংৰক্ষণ কৰা অসমৰ লগতে দেশৰ ভিন্ন প্রান্তৰ লোকচিত্র, দেশ-বিদেশৰ মূখাশিল্প, প্রাচীন লিপি, মুদ্রা, শিল্পসামগ্রী চাই শিল্পীজনৰ প্রচেষ্টাক আন্তৰিকতাৰে শলাগ লৈ সুদৰ্শন ঠাকুৰে “ৰাজ্যখনৰ ভিতৰতে এই অনুষ্ঠানে দর্শনাৰ্থীৰ বাবে এক অনন্য স্থান লাভ কৰিব বুলি উল্লেখ কৰে। লগতে অসমৰ লোকচিত্রক যিদৰে ‘আর্ট ভিলেজ’ত উপস্থাপন কৰা হৈছে এয়া অতি প্রশংসনীয় বিষয়” বুলি সচিবজনে ব্যক্ত কৰে। শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰক আর্ট ভিলেজৰ তৰফৰ পৰা গামোচা আৰু গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়।