( সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ জন্ম দিৱস উপলক্ষে)
সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাত বামপন্থী চিন্তাধাৰা : এটি আলোকপাত
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
হীৰেন ভট্টাচাৰ্যৰ কবিতাত তীক্ষ্ণ অনুভূতি, ভাষাৰ সৰলতা, ইতিহাস চেতনাবোধ, সমাজ সচেতন, দেশপ্ৰেম, সুন্দৰৰ সাধনা, ইন্দ্ৰিয় আৰু অতীন্দ্ৰিয় প্ৰেম, বিষাদগ্ৰস্ততা, চিত্ৰধৰ্মীতা আৰু প্ৰতীকৰ ব্যৱহাৰ থকাৰ উপৰিও কবিতাসমূহত অন্তঃপ্ৰবাহ ফল্গুধাৰাৰ দৰে বামপন্থী চিন্তাধাৰা প্ৰবাহিত হৈ এক বৈপ্লৱিক মানসিকতাৰ উদ্গীৰণ হোৱা পৰিলক্ষিত হৈছে।
সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাত বৈপ্লৱিক মানসিকতাৰ উদ্গীৰণ ঘটিছে ; য’ত তেওঁ সমাজখনক আমূল পৰিৱৰ্তনৰ মাজেৰে এখন নতুন সমাজ গঢ়িবলৈ চেষ্টা কৰিছে ; য’ত কোনো অন্যায় অবিচাৰ অত্যাচাৰ শোষণ নিৰ্যাতন আৰু বৈষম্য নাথাকে। কবিয়ে দেশৰ অতন্দ্ৰ প্ৰহৰী হৈ ৰণৰ বাবে সদায় প্ৰস্তুত । কবিয়ে দেশৰ হকে প্ৰাণপণে যুঁজিবলৈ নিজৰ অন্তৰৰ অন্তস্থলীৰ পৰাই এটি আহ্বান অনুভৱ কৰিছে ; কাৰো আদেশলৈ তেওঁ অপেক্ষা কৰা নাই। কবিৰ ভাষাত —
” দেশ বুলি ক’লে আদেশ নালাগে
মোৰ তুম্ ৰালি তেজত টগবগাই উঠে
এহেজাৰ এটা ৰণুৱা ঘোঁৰা। “
অৰ্থাৎ কবিৰ শৰীৰৰ সিৰা-উপসিৰাইদি প্ৰৱাহিত হৈ আছে তেজ উত্তপ্ত কৰি সন্মুখ ৰণত অগ্ৰসৰ হোৱা হাজাৰ হাজাৰ অশ্বাৰোহী ঘোঁৰা। কেৱল সেয়ে নহয়, কবিয়ে উপলব্ধি কৰিছে —
টলমল শব্দৰ উচ্ছ্বসিত তেজৰ প্ৰবাহে প্ৰবাহে। “
বহুত কবিয়ে কবিতাত শব্দ প্ৰয়োগ কৰি হৃদয়ৰ ভাৱ-অনুভূতিক কাব্যিক সৌন্দৰ্যৰ মাজেৰে প্ৰকাশ কৰে। কিন্তু, বামপন্থী চিন্তাধাৰাৰ কবি হীৰেন ভট্টাচাৰ্যই শব্দক অন্যায়,অবিচাৰ অত্যাচাৰ শোষণ নিৰ্যাতন আৰু বৈষম্যৰ বিৰুদ্ধে আন্দোলনৰ হাতিয়াৰ হিচাপে গণ সমাবেশ বা শোভাযাত্ৰা উলিওৱাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে। এই শব্দবোৰ যেন শোষকৰ নিষ্ঠুৰ,কুটিল শোষণক প্ৰতিৰোধ কৰাৰ ৰাতিৰ প্ৰহৰী-স্বৰূপ বা মনৰ প্ৰচণ্ড ক্ষোভত ফাটি পৰা একো একোটা যেন চোকা তৰোৱাল ; কাৰণ কবিৰ তেজৰ প্ৰবাহে প্ৰবাহে শব্দবোৰে এক শক্তিশালী বেগী ৰূপে তগবগ কৰি উঠিছে।
“তৰুণ কবিৰ হাতত” কবিতাটিত কবিয়ে তৰুণ কবিৰ হাতত শব্দবোৰ অৰ্পণ কৰি তীব্ৰ ভাৱে মনৰ ভাৱোচ্ছ্বাস ফুটাই তুলিছে ; তাৰ মাজতো কবিৰ সৃষ্টিকামী খেতিয়কৰ প্ৰতিচ্ছবি ফুটি উঠিছে।
” মোৰ ভিতৰত এটা যেন খেতিয়ক,
মই শব্দবোৰ জিভাত দি চাওঁ কাৰ কি সোৱাদ,
হাতৰ তলুৱাত লৈ চাওঁ কিমান তপত,
মই জানো শব্দ মানুহৰ মহৎ সৃষ্টিৰ তেজঃদীপ্ত সন্তান। “
কবিৰ ভিতৰত একাত্ম হৈ থকা নাঙলৰ সীৰলুত সোণৰ ফচল উৎপাদন কৰা খেতিয়ক জনে যেন শব্দ উৎপাদন কৰি তাৰ সোৱাদ উপলব্ধি কৰে, হাতৰ তলুৱাৰে শব্দৰ তীব্ৰ দাহন শক্তিৰ উমান লয় ; কাৰণ কবিৰ ভাষাত শব্দ হৈছে মানুহৰ আটাইতকৈ শক্তিশালী তেজঃদীপ্ত সন্তান। কবিয়ে ” লখিমী” কবিতাটিত স্বতঃস্ফূৰ্ত ভাৱে প্ৰকাশ কৰিছে —
এইবেলি ল’ৰা এটি হ’লে ভাল হয় বৰ
জানাইতো খেতিয়কৰ ল’ৰাৰ হাত বৰ চিধা। “
কবিৰ মতে খেতিয়কৰ ল’ৰাৰ হাত বৰ চিধা । অৰ্থাৎ কেতিয়াও লক্ষ্য ভ্ৰষ্ট নহয়। তাৰ পিছত কবিয়ে কৈছে –
বৰ অলপতে হাত -ভৰি কঁপে
বন্দুকতো দূৰৰে কথা
ধনু-কাঢ়ো জুৰিব নোৱাৰোঁ। “
অৰ্থাৎ কবি সশস্ত্ৰ সংগ্ৰাম কৰিবলৈ আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰিবলৈ সক্ষম নহয়। সেই কাৰণে, কবিয়ে আশা কৰিছে ,” এইবেলি আইজনীৰ মাকৰ ল’ৰা এটা হ’লে ভাল হয় এথোন।
কবি হীৰেন ভট্টাচাৰ্যই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুত ” ছহিদ” নামৰ কবিতাটিত তেওঁক স্মৰণ কৰিছে, এনেদৰে —
” মোক এই সংকীৰ্ণতাৰ পৰা তুলি ধৰা।
তোমাৰ সতে গাবলৈ দিয়া ধুমুহাৰ গান, বজ্ৰৰ গান।
মৃত্যুৰ এই হীম-শীতল হাতেৰে
ঢাকি থোৱা হৃদয়ক
এচমকা আকাশৰ আশ্বাস দিয়া।
ঘৃণা আৰু অবিশ্বাসে ঘেৰি ধৰা
সংকীৰ্ণ জীৱনলৈ আহকঃ
সাহসৰ দোকোল -টঁকা বান।
চেতনা থৰথৰ অন্ধকাৰ প্ৰহৰ ভাঙি
তোমাৰ গানেৰে কৰোঁ জ্যোতিস্নান! “
” নিৰুত্তাপ এই জীৱন ,
নিৰ্লজ্জ আশাত অন্ধ।
ভগ্ন- হৃদয় অজ্ঞাত ভয়ত আচ্ছন্ন।
তথাপি সময় -শানিত তৰোৱালৰ চিকমিকনিত
এতিয়াও জ্বলিছে এখন পৃথিৱী–
দিকহাৰা হৃদয়ৰ আশ্ৰয়।” ( কবিতাৰ নাম -নাগৰিক)
কবি হীৰেন ভট্টাচাৰ্যই এইবাৰ বিপ্লৱৰ বাবে নিজকে সম্পূৰ্ণ প্ৰস্তুত কৰি বিপ্লৱৰ গান গাইছে —
” এই জুইকুৰা ময়েই জ্বলালো।
জানো আই, এই জুইৰ পোহৰত
তোমাৰ ৰুগ্ন-মুখত উদ্ভাসিত হৈ উঠিব
পৃথিৱীৰ অপৰূপ ৰূপ। “
বিপ্লৱী কবি হীৰেন ভট্টাচাৰ্যই বিপ্লৱৰ জুইকুৰা জ্বলাই চিৰ চেনেহী অসমীয়া আইৰ ৰুগ্নমুখখনত পৃথিৱীৰ অপৰূপ ৰূপ ফুটাই তুলিছে। দেশৰ মুক্তিৰ বাবে তেওঁ বহুতো প্ৰিয় জনে বুকুৰ তেজ ঢালি দিছে। কিন্তু এতিয়া তেওঁৰ সৰ্বশৰীৰ স্বাধীনতাৰ মন্ত্ৰেৰে দীক্ষিত হৈ অজেয় হৈ পৰিছে। কাৰণ,আই মাতৃৰ জন্মৰ ঋণ পৰিশোধ কৰিবলৈ পাই কবি আনন্দত আত্মহাৰা হৈ পৰিছে। সেয়ে, তেওঁয়েই বিদ্ৰোহৰ জুইকুৰা জ্বলাইছে।
কিন্তু, কেতিয়াবা কবি বিব্ৰত অনুভৱ কৰে। হতাশাত ভাগি পৰি কবিৰ মনত প্ৰচণ্ড ক্ষোভৰ উদ্গীৰণ ঘটিছে ” প্ৰস্তাৱনা” কবিতাটিত
কেতিয়াবা ভাবোঁ খুন কৰোঁ, নাইবা
নিজেই নিহত হওঁ সিহঁতৰ হাতত।
মোৰ তেজৰ শিখাত বাৰুদ-ভৰা স্বপ্নৰ যন্ত্ৰণা।
যেতিয়াই ভাবোঁ খুন কৰোঁ সিহঁতক
মোৰ তেজৰ সোঁতত বাজি উঠে অস্ত্ৰৰ
অনিবাৰ্য ঝনঝননি। সমস্ত শক্তিৰে
ছিঙি পেলাওঁ হাতৰ শিকলি। সমুখৰ
শোভাযাত্ৰাত যোগ দিওঁ অথবা
নিশব্দে তুলি লওঁ ছহীদৰ দেহা।
মোৰ তেজৰ শিখাত
বাৰুদ-ভৰা স্বপ্নৰ যন্ত্ৰণা। “
কবিৰ দুহাত বন্দীত্বৰ লোহাৰ শিকলিৰে বন্ধা।কেতিয়াবা কেতিয়াবা তেওঁ নিজে আত্মহননৰ পথ বাচি লবলৈ অস্থিৰ হৈ পৰে। আকৌ তেওঁ যেতিয়া অত্যাচাৰী শোষকসকলক হত্যা কৰিবলৈ উদ্যত হয়, তেতিয়া তেওঁৰ তেজে তেজে বিপ্লৱৰ অস্ত্ৰৰ ঝনঝননি উঠে। তেতিয়া তেওঁ অনুভৱ কৰে,তেওঁৰ সকলো বন্দীত্বৰ লোহাৰ শিকলিডাল ছিঙি মুক্ত হৈ শোষকসকলৰ সকলো শোষণ ৰুদ্ধ কৰিবলৈ অংশগ্ৰহণ কৰিব প্ৰতিবাদী শোভাযাত্ৰাত ; নাইবা প্ৰতিবাদ কৰিবলৈ গৈ তেওঁ স্বইচ্ছাই ছহীদ বৰণ কৰিবলৈ প্ৰস্তুত হৈ থাকিব। কাৰণ, তেওঁৰ তেজত আছে সশস্ত্ৰ সংগ্ৰামৰ ধাৰা।
” আকালৰ চোতাল। শস্যৰ পথাৰ উদং।
কিশোৰৰ হেৰাল স্বপ্ন স্বাধীনতা! গৰ্ভৱতী নাৰী নিদ্ৰাত নিহত।
মূলতঃ কি বিহ? উছন গ’ল গাঁও। নষ্ট নগৰ।
মৃত্যু মলিন ছাঁত, অশ্লীল বণিজ। পাপ মুদ্ৰাৰ পয়োভৰ।
হে সময় , গৰ্জি উঠা, নিয়োজিত কৰা সৰ্বোত্তম প্ৰতিভা। “
কবিয়ে চাৰিওফালে এক অৱক্ষয়ৰ ছবি দেখা পাইছে। চোতালত আকাল, শস্যৰ পথাৰ উদং, কিশোৰৰ স্বপ্ন থানবান হৈ গৈছে। কোনো কামুকৰ বলি হৈ গৰ্ভৱতী নাৰীয়ো অকাল মৃত্যুক আকোঁৱালি লৈছে। কাৰোবাৰ ক’লা হাতোৰাত থকা বিষাক্ত দ্ৰব্যৰ দ্বাৰা আক্ৰান্ত হৈ গাওঁ,চহৰ , নগৰ ধ্বংসপ্ৰাপ্ত হৈছে। চাৰিওপিনে মৃত্যুৰ কৰাল ছাঁ। ব্যৱসায়-বাণিজ্যত পাপৰ পয়োভৰ। সেয়ে, কবিয়ে সময়ক গৰ্জি উঠি সকলো শক্তি প্ৰয়োগ কৰি এই অৱক্ষয়েৰে ভৰা পাপাচাৰ পৃথিৱীখনক আমূল পৰিবৰ্তন ঘটাবলৈ আহ্বান জনাইছে।
কবিতা কোনো পণ্য-সামগ্ৰী নহয়, ই এক অন্য ধাতুৰে নিৰ্মিত ; যাৰ তেজত থাকে প্ৰতিবাদৰ ভাষা, সত্তাত বিপ্লৱৰ শানিত তৰোৱাল। নেৰুদাৰ সকলো প্ৰেমৰ কবিতাত আছে জীৱন-যুদ্ধত হতাশাৰ গানত মূৰ্ত। সেয়ে,ইয়াক ভাঙিবলৈ প্ৰয়োজন হোৱা হাতুৰিখন খুবেই গধুৰ হয়।