সুগন্ধি দ্ৰব্য পাৰফিউম
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি
সুগন্ধি ইংৰাজী শব্দ পাৰফিউম ।এই দ্ৰব্য বিধ ৰজা মহাৰজা ,ৰাণী,বাদচাহ -বেগম সকলোৱে ব্যৱহাৰ কৰা বুলি আমি বিভিন্ন গ্ৰন্থত পাইছোঁ । এই সুগন্ধি আতৰ নামেৰে পৰিচিত। আৰব ,গ্ৰীচ,ইজিপ্ট আদি দেশত বিশেষ ভাৱে প্ৰচলিত বুলি তথ্য পাইছোঁ।
মহাভাৰতৰ মহাৰাণী দ্ৰৌপদী পদুম ফুলৰ সুবাসেৰে স্নান কৰিছিল । মোগল সম্ৰাজ্ঞী নুৰজাহানৰ পদুম ফুলৰ সুবাস খুব ভাল পাইছিল।পদুম ফুলৰ তাৰেই আতৰ বনাই ব্যৱহাৰ কৰিছিল ।গতিকে সুগন্ধি/পাৰফিউমৰ ব্যৱহাৰ ঐতিহাসিক যুগৰ পৰা আছিল বৰ্তমান আছে।।
আধুনিক সুগন্ধি পাৰফিউম ফলৰ ৰসৰো তৈয়াৰ হয়। সৰু ল’ৰা ছোৱালী,বৃদ্ধলোক আনকি ৰোগী সকলেও ব্যৱহাৰ কৰে।ইয়াৰ সুবাসে দেহ মনক সজীৱ কৰি তোলে।
পাৰফিউমৰ সুবাস চিনাক্ত কৰিবলৈ হ’লে কেইটামান নিয়ম আছে—-
১| নিজৰ হাতৰ ছালৰ ওপৰত অকণমান লগাই পৰীক্ষা কৰি চাব পাৰে ।কিন্তু পৰীক্ষা কৰোঁতে হাতৰ ওপৰৰ স্কীন /ছালত লগাই দহ মিনিট সময় অপেক্ষা কৰিব লাগিব তেতিয়াহে প্ৰকৃত সুবাস চিনাক্ত কৰিব পাৰে ।
২|সুবাস তিনিবাৰহে পৰীক্ষা কৰিব পাৰে তাতকৈ বেছি প্ৰয়োগ কৰিলে সুগন্ধিৰ কোনো সুবাস বিচাৰি নাপায়
৩|ছালৰ প্ৰকাৰ ভেদেও সুগন্ধি নিৰ্ভৰ কৰে।তেলেতীয়া ছালত বহুত দেৰিলৈ সুগন্ধি সক্ৰিয় হৈ থাকে কিন্তু শুকান ছালত নাথাকে।
গতিকে সকলো বস্তুৰ কিছুমান নিয়ম থাকে তেনেকৈ ব্যৱহাৰ কৰিব লাগে।