সুখ শান্তি ডট কম
কাজি শ্বাহাদত ইছলাম,
দক্ষিণগাঁও,কাহিলীপাৰা
-হেল্লো…মই ডাঃ অৰিন্দম চক্ৰৱৰ্তীয়ে কৈছোঁ ছয় মাইলৰ জি,এন,আৰু,চি হস্পিটেলৰ পৰা। আপুনি য’তেই আছে সোনকালেই আমাৰ হস্পিটেললৈ আহক।
-মানে…….?? হঠাতে দেউতাকৰ ফোনৰ পৰা অহা কলটোত হোৱা কথা বতৰাত তেওঁ হতভম্ব হৈ দিকবিদিক হেৰাই দিলে।
-দাদা,চাই চিতি খোজকাঢ়ক না।এইটো ৰাস্তা নহয় নহয়।
-অহ,ছৰি! আই এম ভেৰি ছৰি।
এৰোপ্লেনখন লেণ্ডিং কৰাত গৌৰাংগই ৰুমলৈ বুলি এয়াৰপোৰ্টৰ বাহিৰলৈ ওলাওঁতে বাৰে বাৰে ভুল গলিয়েদি সোমাব ধৰাত ডিউটিৰত পুলিচজনে উচ্চস্বৰত ক’লে।
নাই… নাই… তেওঁ আকৌ ইণ্ডিয়ালৈ উভতি যোৱাটো সম্ভৱ নহয়। নাযায় তেওঁ…. কোনোপধ্যেই নাযায়….।।
তেওঁ ইণ্ডিয়া গৈছিল আজিৰ পৰা দহদিনমান আগতে।মাক দেউতাকে বাৰে বাৰে কল কৰি থকাত তেওঁ বাধ্য হৈ পৰিছিল ইণ্ডিয়া যাবলৈ। ইফালে অফিচৰ ডিউটি আনফালে পত্নীৰ অগ্ৰাহ্য মনোভাৱ।হেজাৰ মন গ’লেও মাক দেউতাকৰ লগত লগ কৰিবলৈ ইণ্ডিয়া যোৱাটো তেওঁৰ কাৰণে বৰ অসম্ভৱ হৈ পৰিছে। ভিডিঅ’ কলত মাক দেউতাকৰ চকুৰ পানী চাই মাজে মাজে সিন্ধান্ত ল’ব বিচাৰে পুনৰাই স্বদেশত ঘূৰি যাব,স্থায়ীভাৱে বসবাস কৰিব।প্ৰয়োজনত নিবনুৱা হৈ পথাৰত লোকৰ ঘৰত কামলা বেচিব তথাপিও এই নৰকী আমেৰিকাত নাথাকে। কিন্তু বিলাসমেনিয়া পত্নীৰ ৰঙা চকুৰ চাৱনিত সকলো জল্পনা কল্পনা মুহূৰ্ততেই যে ধূলিসাৎ হৈ যায় তেওঁৰ।আকৌ ল’ৰাটোৰ স্কুলৰ কথা,কাৰণ স্কুল সলাই থাকিলে লিখা-পঢ়াত ব্যাঘাত জন্মে।এঘাৰ বছৰীয়া সন্তান ৰক্তিমেও মাকৰ পদাংক অনুসৰণ কৰি চলিছিল। গৌৰাংগৰ টকা-পইচাৰ অভাৱ অকণো নাই,মাহেকৰ মূৰত তিনি লাখ টকা দৰমহা লগতে অতিৰিক্ত মুনাফাতো আছেই। কিন্তু তেওঁৰ সুখৰ বহুত অভাৱ ।জন্মৰে পৰা কিছু সময় হে মাক-দেউতাকৰ লগত একেলগে আছিল তাৰপিছত পঢ়াৰ নামত হোষ্টেল, চাকৰিৰ নামত দেশ বিদেশ…মুঠতে শৈশৱ কৈশোৰৰ অপূৰ্ব মুহূৰ্তবোৰ এনেদৰেই পাৰ কৰিছিল।তেৱোঁৰো মন গৈছিল লগ সমনীয়াৰ স’তে কেঁচা মাটিৰ সংস্পৰ্শত থাকি খেল-ধেমালি কৰিবলৈ,লোকৰ গছৰ আম বগৰী ফৰ্মূটিয়াবলৈ,ভৰ নৈত সাঁতুৰিবলৈ, গধূলি মাকৰ চেকনিৰ কোব খাই অভিমান কৰি আকৌ মাকৰ বুকুৰ উম ল’বলৈ। কিন্তু সেই সকলোবোৰ যেন সাধুত থকা পৰীৰ দৰেই অবাস্তৱ হৈ থাকি গ’ল। ক্ৰমাগতভাৱে জীৱনটো যান্ত্ৰিকতাৰ ধামখুমীয়াত পৰি অশান্তিৰ অটল গহ্বৰত পোত যাব ধৰিলে। গুছি অহাৰ সময়ত মাকে হাতত ধৰি বাৰে বাৰে অনুৰোধ কৰিছিল চিৰতৰে অসমলৈ থাকি যোৱাৰ বাবে, দেউতাকেও চকুলো টুকিছিল যদিও বুজিব পাৰিছিল যে দায়িত্ব কৰ্তব্যই ইতিমধ্যে উভতনিৰ বাটটো পিছল কৰি পেলাইছে।”নেকান্দিব আন্টি আংকেল,ধৈৰ্য ধৰক আপোনালোকে সোনকালেই আৰোগ্য হ’ব।আৰু আপোনালোকৰ ছোৱালীজনী আহি আছেই নহয়।” ডাক্তৰগৰাকীয়ে বাৰে বাৰে অনুপ্ৰাণিত কৰিছিল শুক্লেশ্বৰ নাথ আৰু তেওঁৰ পত্নীক।অথচ্ তেওঁ জানিছিল ইহঁত দুগৰাকী এই পৃথিৱীৰ অতি কম সময়ৰ আলহী।মিষ্টাৰ শুক্লেশ্বৰ নাথ, গুৱাহাটী চহৰৰ এগৰাকী নামজ্বলা মানুহ। ৰে’লৱে ডিপাৰ্টমেন্টৰ চকৰিৰৰ পৰা অৱসৰ লোৱাৰ পিছত সাহিত্যৰ লগতে সামাজিক কাম কাজৰ স’তে জড়িত শুক্লেশ্বৰ সকলোৰে প্ৰিয় পাত্ৰ। স্বভাৱত যদিও কাৰ্পণ্যতাৰ প্ৰভাৱ এটা আছে কিন্তু জীৱনত টকা পইচা দি নহ’লেও বুদ্ধি পৰামৰ্শৰ জড়িয়তে বহুত মানুহৰে উপকাৰী কৰি ফুৰাৰ সুনাম এটা নথকা নহয়। কৃপণতা তেওঁৰ স্বভাৱলৈ এনেই অহা নাই। দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰা মানুহজন ঘাটমাউৰা আছিল। কিন্তু পঢ়াৰ প্ৰতি অত্যাধিক ৰাপ থকাৰ বাবে পৰৰ ঘৰত ৰখীয়া হৈ নিজৰ স্কুলত পঢ়িছিল। তেওঁৰ কলেজীয়া সময়ত ২/৩ দিনকৈ বন্ধ পালেই গুৱাহাটীলৈ আহি ৰিক্সা চলাই অথবা হাজিৰা কৰি পঢ়াৰ খৰচ যোগাৰ কৰিছিল।হয়তো তেনে কষ্টৰ পৰিপ্ৰেক্ষিতত ভগৱানে মুখলৈ চাই ৰে’লেৱেত চাকৰি এটাৰ যোগাৰ কৰি দিছিল। চাকৰিত যোগদান কৰাৰ তৃতীয় বছৰতে সহপাঠী অনন্যা বৰুৱাক বিয়া কৰাই এইখন গুৱাহাটী চহৰত নিগাজীকৈ থাকিবলৈ লৈছিল। বিয়াৰ দুই তিনি বছৰ পিছতেই বামুনীমৈদামত দুকঠা মাটি কিনি চাৰিমহলীয়া বিল্ডিং বনাইছিল। ইতিমধ্যে সিহঁতৰ জীৱনলৈ আহিছিল দুগৰাকী যমজ সন্তান গৌৰাংগ আৰু প্ৰত্যুষা। নিজে পাৰ কৰি অহা জটিল সময়ৰ কথা মনত ৰাখি টকা পইচা খৰচৰ ক্ষেত্ৰত বহুত কৃপণতা কৰিছিল আৰু সন্তানৰ পঢ়া-শুনাৰ ক্ষেত্ৰত বহুত গুৰুত্ব দি সৰুৰে পৰা হোষ্টেলত ৰাখিছিল।আজি তেওঁৰ কি নাই,টকা-পইচা, ধন-সম্পত্তি,নাম-যশ এই সকলোবোৰৰ অধিকাৰী তেওঁ। মাহেকত চাৰি পাঁচ লাখ টকা ভাড়া পায়।ৰিটায়াৰৰ টকাতো আছেই। কিন্তু যি বস্তুৰ বহুত অভাৱ…সেয়া হ’ল সংগ। এই বয়সত টকা পইচা বস্তুটো ইমান গুৰুত্বপূৰ্ণ নহয় কিন্তু ওচৰত আপোন মানুহ থকটো বহুত গুৰুত্বপূৰ্ণ। ঘৰত কাম বন কৰা মানুহৰ অভাৱ নাই যদিও নিজৰ সন্তানৰ পৰা পোৱা মিঠা মাত বা আপোনত্বটো সিহঁতৰ পৰা পোৱা নাযায়। কিন্তু উচ্চ শিক্ষাৰে শিক্ষিত কৰা পুত্ৰ আমেৰিকা আৰু কন্যা মুম্বাইৰ বাসিন্দা।জোৱাই আৰু কন্যা উভয়ে ডাঙৰ চাকৰিয়াল।অনেকবাৰ অনুৰোধ কৰাৰ পিছত ল’ৰাজন আমেৰিকাৰ পৰা লগ কৰিব আহিল যদিও এদিনমান ৰৈ আকৌ গুছি গ’ল। হৃদয়ত এসাগৰ আৱেগ আৰু পৰাজিত হোৱাৰ অনুভৱ।এটা সময়ত দাৰিদ্ৰতাক পৰাজিত কৰিব বিচৰা মানুহজন কৃতকাৰ্যতা লাভ কৰিছিল ঠিকেই কিন্তু আজিৰ দিনটোত এনেকুৱা লাগিছে যেন দাৰিদ্ৰতাতেই যেন নিভাঁজ সুখ নিহিত থাকে।আজি তেওঁৰ ভাৱমুৰ্তি বেলেগ।কাহানিও সুৰাৰ বটলক স্পৰ্শ কৰি নোপোৱা মানুহজন আজি দুপেগ খাইছে।ঘৰত মন লগা নাই।
-ঐ,শুনা না,ব’লা আজি কোনোবা খোলা ঠাইলৈ যাওঁ। য’ত শান্তিৰ বজাৰ বহিছে…. য’ৰ পৰা আকাশ চুব পাৰিম…. য’ত দুখ বন্ধকত থৈ অনাবিল সুখ বুটলিব পাৰিম…..
আজি তেওঁৰ কণ্ঠত বিষাদী কাব্যিকতা। সিহঁত যেন এক উন্মুক্ত সঁজাত বন্দী।সিহঁতে পৰা নাই দুখৰ শিকলিডাল চিঙিব….পৰা নাই জীয়াই থাকিব ….পৰা নাই মৃত্যুৰ আঁচলত শুব…..এয়া এক বিৰাট দোমোজা।
স্বামীৰ অনুৰোধ পত্নী অনন্যাই প্ৰত্যাখ্যান নকৰিলে আজি।দুয়ো ৰাতি সাত বজা মানত ওলালে স্কৰপিঅ’খন লৈ। অনন্যাৰ মনতো বহুত আৱেগ। তেওঁ বুজিছিল যে সমভাৱে গৈ থকা দুটি পথ কেতিয়াবা যদি এক ইঞ্চি ফাঁকে হৈ যায় তেন্তে বহু কিল’মিটাৰৰ অন্তত পথ দুটিৰ লগত কোনো সম্পৰ্ক নাথাকে।যাৰ বাবে তেওঁ বহুবাৰ মানা কৰিছিল সন্তানক বিদেশত পঠিয়াওৱাৰ ক্ষেত্ৰত। কিন্তু স্বামীৰ উচ্চাকাংক্ষী মনৰ ওচৰত প্ৰতিবাৰেই হাৰি গৈছিল তেওঁ।দুয়ো গৈ আছে উদ্দেশ্য বিহীনভাৱে অনিৰ্দিষ্ট এক গন্তব্যস্থললৈ।আজি ড্ৰাইভাৰক মতা নাই কাৰণ দুয়োৰে মাজত তৃতীয়জন বিচৰা নাই তেওঁ। গাড়ীখন খানাপাৰায়েদি সুমুৱাই দিলে। চকুত চকুলো…. মনত নানান ভাৱনাবোৰৰ হেতাওপৰা। গৌৰাংগই পাৰিলেহেঁতেন আৰু কিছুদিন থাকি যাবলৈ…. মাক দেউতাকৰ প্ৰতি অকণো মৰম নাই নে….চাকৰিটো মাক দেউতাকতকৈয়ো ডাঙৰ নে…. কিয় তেওঁ পুতেকক বাহিৰত পঠালে….পঠাব নালাগিছিল….. একো নকৰাকৈয়ো ঘৰত থাকিব পাৰিলেহেঁতেন কাৰণ টকাৰ অভাৱ নাই… কিয় তেওঁ সন্তানক দূৰ কৰিলে….কিয়….কিয়….কিয়. ….??
-আ….আ….আ….আ….মৰিলোঁ ঐ !!
সোণাপুৰৰ পাথৰকুচিত ৰাস্তাৰ বাঁওফালে থিয় হৈ থকা ডাম্পাৰত খুন্দা মাৰি দিয়াত গাড়ীখনৰ লগতে মানুহ দম্পত্তীহাল চূৰমাৰ হৈ গ’ল।
ডাক্তৰে দিয়া আশাত পুত্ৰ-পুত্ৰী অহাৰ অপেক্ষাত ৰৈ ৰৈ অৱশেষত কিছু সময়ৰ ব্যৱধানত দুয়ো গুছি গ’ল পৃথিৱীৰ মোহ এৰি অজান দেশলৈ।
