সুখ – উৰ্মি মালা দেৱী

সুখ

উৰ্মি মালা দেৱী
শুৱালকুছি

জীয়াই থকাৰ সমিধান বিছাৰিলে
কল্পিত অতীতটো মুধচেদি পলাই যায়,
স্মৃতি বোৰে খেদি ফুৰিলে হৃদয়ত উদ্ধ্বাসিত হয়
প্ৰাচীৰবোৰ,
শব্দহীন ৰাতিত চকুলোঁ সৰি পৰিছিল !!
বসন্তৰ চোতালত বান্ধি লৈ ফুৰা
নীৰৱ মৰম বোৰ ,
শান্তিৰ বিছনাত শুই পৰিও
সাৰে আছিল ,
স্মৃতিৰ এছমকা কলা ডাৱৰ ।।