সুখ আৰু দুখ – অনামিকা কলিতা

PC - Freepik

সুখ আৰু দুখ

অনামিকা কলিতা

যাত্ৰা কৰি দিও সুখৰ সন্ধানত,
তেতিয়াই দুখবোৰে আহি কয়
মোকো লৈ যোৱা তোমাৰ লগত।
দুখৰ অবিহনে জানো তুমি
সুখৰ অনুভৱ কৰিব পাৰিবা?
জীৱনে আমাক দুপাহ ফুল দিয়ে,
এপাহি দুখ আৰু আনপাহি সুখ।
দুখৰ ফুলপাহ ফুলিব খুজিলেই
সুখে অইন বাটলৈ যায়।
দুখ কিন্তু এনেকুৱা নহয়,
সুখৰ সময়তো দুখৰ স্মৃতিয়ে
আমাৰ বুকুখনিত খুন্দিয়াই থাকে।
আচৰিত এই দুখ যি আমি
সুখৰ স্থিতিতো দুখক সুৱৰাও।
অহোৰাত্ৰি, আবৰণ যেন
সুখ আৰু দুখ সদায় লগৰী
আমাৰ জীৱনত।