“সুখ আমাৰ সৃষ্টি”
আমি আমাৰ বিচাৰধাৰাত যি বিশ্বাস পদ্ধতি গঢ়ি তুলিছো, সেই অনুসৰি আমি গোটেই দিন ভৱিষ্যতত সুখৰ সন্ধান কৰি আহিছো । আমি কওঁ যে- যদি এনেকুৱা হয় তেতিয়া মই সুখী হম। আজি আমি অতিতলৈ ঘূৰি চাই কওঁ যে- ছাত্ৰ জীৱনটোৱেই শ্ৰেষ্ঠ জীৱন, কিন্তু যেতিয়া ছাত্ৰ-ছাত্ৰী জীৱন থাকে; তেতিয়া কওঁ যে- যেতিয়া স্কুল শেষ হ’ব, যেতিয়া মই কলেজলৈ যাম বা চাকৰি এটা পাম, তেতিয়া মই সুখী হ’ম ৷ আমাৰ পঢ়া-শুনাও শেষ হ’ল, আমি চাকৰিতো সোমালোঁ । তাৰ পিছত আমি ভাবিলোঁ জীৱনত এজন সংগী আহিব আৰু তেতিয়া মই সুখী হ’ম। পিছত সেই সম্পৰ্কটো হ’ল, তাৰ পিছত আকৌ আমি ভাবিলোঁ, যেতিয়া আমাৰ পৰিয়াল হ’ব, তেতিয়া মই সুখী হ’ম । যেতিয়াই আমি কওঁ যে- এনেকুৱা হ’লে মই সুখী হ’ম, তেনেকুৱা হ’লে মই সুখী হ’ম, অৰ্থাৎ আমি এতিয়াও সুখী নহয়। এনকৈ আমি প্ৰতিবাৰেই আমাৰ সুখ স্থগিত কৰি ৰাখিছোঁ, পিছে আমি সুখী কেতিয়া হ’ম ?
‘আমি কওঁ যে- সেই দিনবোৰ বৰ ভাল আছিল’। আমি বৰ্তমানত আছোঁ আৰু যি হ’বলৈ ওলাইছে বা যি হৈ আছে তাতে আমি সুখ বিচাৰিব যাওঁ। বৰ্তমানত জীয়াই থাকি আমি প্ৰতিটো মুহূৰ্ততে হয় অতীতৰ কথা চিন্তা কৰি আছোঁ নতুবা আগন্তুক মুহূৰ্তটোৰ কথা চিন্তা কৰিছোঁ । এদিন আপুনি আপোনাৰ চিন্তাবোৰ পৰীক্ষা কৰি চাব, সেইবোৰ অতীতৰ লগত জড়িত নে ভৱিষ্যতৰ লগত জড়িত। আমি সুখৰ বাবে নিৰ্ভৰশীল হৈ পৰো যে নতুন কিবা এটা হ’ব তেতিয়া মই সুখ হ’ম, এই প্ৰক্ৰিয়াৰে আমি প্ৰতিটো মুহূৰ্ত পাৰ কৰি আছোঁ । এনে সুখ; আমাৰ কিছুমান প্ৰাপ্তিৰ ওপৰত বা আমি যি কাম কৰিছো তাৰ ওপৰত বা মানুহৰ আচৰণৰ ওপৰত বা কোনো বস্তুৰ ওপৰত নিৰ্ভৰশীল। আমি যেতিয়া কিবা এটাৰ ওপৰত নিৰ্ভৰশীল হৈ থাকোঁ তেতিয়া আমি কেনেকৈ সুখী হ’ম ?
ভয় আৰু সুখ একেলগে থাকিব নোৱাৰে। যদি আমি ভয়ত আছোঁ,তেতিয়া আমি সুখী হ’ব নোৱাৰো। ধৰি লওক; মোৰ সুখ আপোনাৰ ওপৰত নিৰ্ভৰশীল, তেতিয়া মই সদায় ভয়ত থাকিম যে- তেওঁ মোৰ ওপৰত খং তো কৰা নাই! তেওঁ সুখী নে! তেওঁ সন্তুষ্ট নে! তেওঁক সুখী কৰি ৰাখিবলৈ মই কি কৰিব লাগিব! গতিকে এয়া ভয়, নিৰাপত্তাহীনতা। য’ত নিৰ্ভৰশীলতা থাকে তাত নিৰাপত্তাহীনতাৰ অনুভূতি হোৱাটো নিশ্চিত। যদি মোৰ সুখ কোনো বস্তু বা ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰে, তেন্তে আমি গোটেই দিনটো সেইবোৰৰ কথায়ে ভাবি থাকিম।
ইমান কষ্ট কৰাৰ পিছতো আমি সুখী নহয়, ইয়াৰ এটাই কাৰণ ‘নিৰ্ভৰশীলতা’, আমি নিজকে পৰিস্থিতিৰ ওপৰত, বস্তুৰ ওপৰত, ব্যক্তিৰ ওপৰত নিৰ্ভৰশীল কৰি ৰাখিছো। যেতিয়া আমি ইমানবোৰ কথাৰ ওপৰত নিৰ্ভৰশীল হৈ থাকোঁ, তেতিয়া সুখী কেনেকৈ হ’ম ?
এটা আছে যিটো আমি বাহ্যিক দিশত কৰ্ম কৰো আৰু এটা হ’ল আমি কৰ্ম কৰি থাকোঁতে ভিতৰত যি অনুভৱ কৰো। উদাহৰণ, আমি কোনোবাৰ বাবে ভাল খাদ্য ৰান্ধিছো কিন্তু ভিতৰি ভিতৰি ভয় লাগিছে, তেতিয়া খাদ্য কেনেকুৱা হ’ব ? কোনোবা আলহি আহিছে, খাবলৈ দহ প্ৰকাৰৰ খাদ্য বস্তু বনাইছোঁ, কিন্তু তেতিয়া ভিতৰত কি শক্তিৰ সৃষ্টি হৈছে বা কি ভাবি আছোঁ, সেয়া বহুত গুৰুত্বপূৰ্ণ । যেতিয়া ভিতৰত ইতিবাচক শক্তিৰ সৃষ্টি হয়, তেতিয়া কৰ্ম ভুল নহ’ব। এতিয়া এনেকুৱা হয়; মই আপোনাৰ ওপৰত নিৰ্ভৰশীল বা মই আপোনাক বেছিকৈ সন্তুষ্ট কৰিবলৈ চেষ্টা কৰো, তাৰ পিছত যদি আপুনি অলপ দুখ দিয়ে বা আপুনি মোৰ ওপৰত সুখী নহয় তেন্তে মই লগে লগে প্ৰতিক্ৰিয়া কৰি তেওঁৰ পৰা আতৰি আহো ।
আমি যেতিয়া ভিতৰি ভাবে বেদনাৰ অনুভব কৰোঁ, ভয়ত থাকোঁ, তেতিয়া আমি ভালকৈ ক’বলৈ, ভাল কাম কৰিবলৈ বহুত কষ্ট কৰিবলগীয়া হয়। আমি আনক সুখী কৰাৰ বিপৰিতে নিজে সুখী হৈ থাকো,এয়া চিন্তা ৰাখিব লাগিব । যদি আমি সুখী; তেতিয়া আমাৰ কৰ্ম সঠিক হ’ব, কাৰণ আমাৰ কথাৰ বীজ, আমাৰ কৰ্মৰ বীজ আমাৰ চিন্তাধাৰাত আছে । আমি আমাৰ চিন্তাধাৰা সলনি কৰিব লাগিব । আমি যিকোনো কৰ্ম কৰা অৱস্থাত আমাৰ মনত ইতিবাচক চিন্তা ৰাখিব লাগিব । ইতিবাচক চিন্তাই মনক শান্ত,সুস্থ কৰি ৰাখিব । আৰু যেতিয়া মন শান্ত, সুস্থিৰ, তেন্তে আমাৰ সুখ আমাৰ হাতত ।
ব্ৰহ্মাকুমাৰ আকাশ সাহা
সৰভোগ,বৰপেটা জিলা