সুখৰ সংজ্ঞা- দেৱাশীষ গোস্বামী

Pc MII Publication

সুখৰ সংজ্ঞা

দেৱাশীষ গোস্বামী
গোঁসাই গাঁও,নগাঁও

সুখৰ পিছত আমি সকলোবোৰ পাৰো মানে দৌৰি ফুৰো । জন্মগত অভ্যাস নহয়নে বাৰু ? তাৰ মাজতো এচাম কিন্তু সদায় ব্যতিক্ৰম । নিজতকৈ আনৰ সুখৰ প্ৰতি জোখতকৈ বেচি সচেতন । আনৰ সুখ মূখ্য, নিজৰ সুখ গৌণ । আজি শুণিলেই হৃদয় জুৰোৱা এটি শব্দ ‘সুখ’ তাৰ ওপৰত অকণমান আলোকপাত কৰিবলৈ আগবাঢ়িছো । কথাবোৰ ব্যক্তিগত ভাৱে যেন কোনেও নলয় । সম্পূৰ্ণ ব্যক্তিগত অনুভৱহে প্ৰকাশ কৰিছো । কাৰোৰেই মনত আঘাট দিয়াটো মোৰ উদ্দেশ্য নহয় ।
১) পৰিয়ালৰ প্ৰতিজন সদস্যৰ মাজত নিৰ্ভেজাল সম্বন্ধৰ এডাল অনাজৰী এটা পৰিয়ালৰ সুখৰ মূল উৎস ।
২)পুৱাতে বিচনা ত্যাগ কৰি ইজনে সিজনক এক নিৰ্মল হৃদয়ৰ সম্ভাসনত বুজাব নোৱাৰা সুখ নিহিত হৈ থাকে ।
৩) পুৱা চকু মেলিয়েই ইষ্ট দেৱতাক চিন্তোতে আত্মকেন্দ্ৰিক নহৈ সকলোৰে মঙ্গলৰ হকে অন্তৰৰ পৰা প্ৰাৰ্থনা কৰাতোও সুখৰ এক অনাবিল উৎস ।
৪)ধনাত্মক চিন্তা তথা আচৰণেৰে খোৱাপাটিত বহি একেলগে আহাৰ গ্ৰহণ কৰাতোও সুখৰ আন এক সংজ্ঞা ।
৫) আন্তৰিকতাৰে আনৰ সুখত সুখী তথা আনৰ দুখত দুখী হোৱাটো সুখৰ আন এক প্ৰধান লক্ষণ ।
৬) যিমান খিনি প্ৰয়োজন সেই অনুপাতে অভাৱ মৰিষণ সুখৰ অন্যতম উৎস ।
৭)প্ৰয়োজনৰ অতিৰিক্ত খিনি সমাজৰ অভাৱগ্ৰস্ত সকলৰ মাজত সাধ্যানুসৰি বিলাই দিব পৰাপৰাটোতে অনাবিল সুখ নিহিত হৈ থাকে ।
৮)অহংকাৰ মাথো ক্ষণতেকীয়া সুখৰ বাৰ্তা বাহক ।
৯)এখন নিৰ্মল হৃদয়হে প্ৰকৃত সুখৰ গৰাকী ।
১০)এটা টকাও ধাৰ নথকাতো প্ৰকৃত সুখৰ চানেকী ।
১১)প্ৰয়োজনাধিক ঐশ্বয্য বিভূতি প্ৰকৃত সুখৰ উপৰিঞ্চি।
১২)অকল প্ৰয়োজনীয় খিনিৰেহে ক্ষুধা নিবাৰণ কৰি অতিৰিক্ত খিনিৰে ক্ষুধাতুৰৰ ক্ষুধা নিবাৰণ সুখৰ অদ্বিতীয় উৎস ।
১৩)সৎ কৰ্ম, সৎ চিন্তাৰে সমাজত মূৰ দাঙি ঘূৰা ফিৰা কৰিব পৰাতো প্ৰকৃত ,সুখৰ আন এক উৎস ।
১৪)যি কোনো প্ৰতিকূল পৰিস্থিতিৰ হাঁহি হাঁহি ধনাত্মক দৃষ্টিভংগীৰে মোকাবিলা কৰাও সুখৰ অন্যতম কাৰক ।
১৫) নিজৰ লগতে সমাজৰ উৎকৰ্ষ সাধনৰ অৰ্থে কৰা যি কোনো কৰ্মই সুখৰ উৎস।
১৬) জীয়াই থাকিবলৈ সকলোৱে কৰ্ম কৰিব লাগিব । কৰ্মক্ষেত্ৰত উদ্ভৱ হোৱা যি কোনো পৰিস্থিতি হাস্যবদনে তথা শীতল মস্তিষ্কৰে পাৰ হৈ যাব পৰাতো সুখৰ আন এটা নীতি ।
১৭) মানুহ মাত্ৰেই ভূল । সকলো ভূল ক্ৰতি শান্ত পৰিবেশত শুধৰাই তাৰ পুনৰাবৃত্তি নহবলৈ লোৱা ধনাত্মক পদক্ষেপত সুখ অন্তৰ্নিহিত হৈ থাকে ।
১৮) সামাজিক প্ৰাণী হিচাপে সমাজৰ সকলোকে যথোচিত সন্মানেৰে, সুন্দৰ বুজা পৰাৰে জীৱন নাটত আগুৱাই যাব পৰাটোও প্ৰকৃত সুখৰেই এক সংজ্ঞা ।
১৯)সকলো মানৱীয় গুণেৰে দেশৰ এজন প্ৰকৃত নাগৰিক হৈ , দহৰ আদৰ্শহৈ, হাতে হাতে ধৰি সফলতাৰ দিশে খোজত খোজ মিলাই যাব পৰাটোও প্ৰকৃত সুখৰ উদাহৰণ ।
শেষত ইয়াকে ক’ব খোজো যে সুখ সুখ বুলি যিমানেই হাবাথুৰি নাখাও কিয়, সুখ কিন্তু আমাৰ মাজতে লুকাই থাকে । প্ৰয়োজন মাথো তাক বিচাৰি উলিয়াই আন্তৰিকতাৰে আকোৱালি লোৱা ।
২০)সমাজৰ প্ৰত্যেকজন ব্যক্তিয়েই নিজস্ব নীতি আদৰ্শৰে পৰিচালিত । সকলোৰে নীতি আদৰ্শৰ সমন্বয়েৰে সমাজৰ তথা দেশৰ ভেটি সুদৃঢ় কৰিব পৰাটোও এক বৃহত্তৰ অৰ্থত সুখৰ সংজ্ঞা ।