সুখৰ পঁজা
দুলুমণি দেৱী
মাকুম
মানুহে যেতিয়া ব্যস্ততাৰে আৱৰা দিন অতিবাহিত কৰিব লগা হয় তেতিয়া দুখ,সুখৰ কথা প্রায় পাহৰিয়ে থকাদৰে হয় ৷কর্মকহে একমাত্র প্রাধান্য দিয়া হয় ৷ কর্মদ্যোমী ব্যক্তি হিচাপে পৰিচিত নন্দেশ্বৰ বৰুৱাই দৈনন্দিন কাম কাজ সামৰি আনদিনাৰ দৰে সেইদিনাও ভাতমুঠি খাই বিচনাত বাগৰ দিলে৷তাৰ উৰুখা পঁজাটো ৰাতি শুৱা সময়খিনিত সোণৰ পঁজাৰ দৰে হৈ পৰে ৷
বাৰিষা বতৰত ৰাতি বিয়লি চিন্তা হয় যদিও কামৰ ভাগৰত নন্দেশ্বৰ প্রায় গভীৰ টোপনিতে থাকে ৷ কিন্তু সেইদিনা শুই থাকোতে সি অনুমান কৰিলে তাৰ উৰুখা পঁজাটো লাহে লাহে সোণৰ পঁজালৈ ৰূপান্তৰিত হৈছে৷তাৰ হাতত কোনোৱাই যেন ফুল চন্দন গুজি দিছে ,মুখত যেন তপ তপকৈ অমৃতৰ ৰস নিগৰি পৰিছে ৷ গোটেই কোঠাটো পোহৰ হৈ গৈছে আৰু চাৰিওফালে মণি মুকুতাৰ শাৰী ৷ সি মণি মুকুতাখিনি তাৰ পত্নী কমলাক দিবলৈ বুলি ইকাটি সিকাটি কৰোতেই তাৰ গাত কোনোবাই হাত দিয়া দৰে লাগিল …সেয়া অন্য কোনো নহয় ,তাৰ পত্নী কমলাহে
তাই বাৰে বাৰে কৈছে ….
উঠকচোন …..বতৰটো চকচোন ,ইমান গাজনি বিজুলি ,গোটেইখন পানী পৰি কি অৱস্থা হৈছে ,আপুনি টোপনিত কি ভোৰভোৰাই আছে ,সোনকালে উঠক ৷
পত্নীৰ কথাকেইটাত সি ঘপহকৈ সাৰ পাই বিচনাৰ পৰা ভৰিকেইটা মাটিত দি দেখে গোটেইখন গছৰ পাত ,পানী আৰু ঘৰৰ মুধচটোৱে আকাশদেখি Iতাৰমানে সি ভাবিবলৈ বাধ্য হ’ল সপোনত দেখা মণি মুকুতাবোৰ আচলতে শিল বতাহ বৰষুণৰ প্রচণ্ড শব্দহে আছিল৷মুখত অমৃত পৰিছিল মানে বৰষুণৰ পানী পৰি তাৰ তুলি লেপ গোটেইবোৰ ভিজি গৈছিল ,আৰু সোণৰ পঁজা দৰে লাগিছিল …মানে চাগে বিজুলিৰ চমকনিত গোটেইখন পোহৰ হৈ পৰিছিল আৰু চাৰিওফালে অপুর্ব হৈ পৰিছিল মানে…. ভৰি দি গম পালে ভিতৰতো নলা নদর্মাৰ পানী সোমাই একাকাৰ হৈ পৰিল
সপোনৰ অর্থ বিশ্লেষণ কৰি নন্দেশ্বৰ পুনৰ বিচনাতে বহি পৰিল ৷ সন্মুখত কমলাক দেখি সি প্রশ্ন কৰিলে আমাৰ পঁজাটো আচলতে কিহৰ? উৰুখা পঁজা নে সুখৰ ?
কমলাই একেষাৰে কলে সুখৰ পঁজা ৷
কিন্ত কিয় ভাবিব পাৰিলা তেনেকৈ ? সি পুনৰ সুধিলে
কাৰণ ইমান গাজনি শিল বৰষুণ দিয়াৰ পাছতো যে আপুনি বিন্দাচ শুব পাৰে ,খাব পাৰে ,যাব পাৰে সেইবাবে ক’লো ৷
শেষত সি উপলব্ধি কৰিলে সুখ বিচাৰিব জানিলে সকলোতে থাকে ৷তাৰ উৰুখা পঁজাটো বতাহ বৰষুণ পৰি লেতেৰা হোৱাৰ পাছতো কষ্ট কৰি চাফ চিকুণ কৰি তাতে সি সুখ বিচাৰি ল’বলৈ চেষ্টা কৰিব লাগিব ৷
