সুখী হোৱাৰ বাটেৰে – হীৰক কলিতা

সুখী হোৱাৰ বাটেৰে
 হীৰক কলিতা , স্নাতক পঞ্চম ষাণ্মাসিক,
অসমীয়া বিভাগ , নলবাৰী মহাবিদ্যালয় 
জীৱন মানে খলা – বমা , একা – বেকা পথ । যদি জীৱনত সকলো বস্তু ঠিকে থাকে তেন্তে সুখ – দুখৰ অনুভৱ কোনে বুজিব ? মানুহৰ জীৱন সুখ – দুখৰ সমাহাৰ । প্ৰত্যেকজন মানুহে এবাৰ হ’লেও জীৱনত সুখ – দুখ অনুভৱ কৰে । কিন্তু কিছুমান মানুহৰ জীৱনক লৈ সদায় আপত্তি এই ধৰক আপুনি এখন চাইকেল ল’লে তাৰ পিছত এখন বাইক ল’বৰ মন গ’ল তাৰ পিছত আকৌ এখন চাৰিচকীয়া ল’বৰ মন গ’ল । কিন্তু কেতিয়াবা ভাবি চাইচেনে এখন চাইকেল লৈও কিছুমান মানুহ বহুত সুখী আৰু কিছুমান মানুহ অজস্ৰ সম্পত্তিৰ অধিকাৰী হৈও দুখী । আচলতে আমি আমাৰ লগত থকা বস্তুবোৰক কেতিয়াও গুৰুত্ব নিদি আমাৰ লগত নথকা বস্তুবোৰৰ প্ৰতিহে সদায় আকৰ্ষিত হও । আপুনি আজি যিখিনি পাইছে কিছুমান মানুহে আকৌ সেই খিনি পাবলৈ বহু যুদ্ধ কৰি আছে কিন্তু তেনেস্থলত আপুনি জানো সুখী নহয় ? জীৱনত থকা বস্তুবোৰক লৈ সদায় সুখী হ’ব লাগে কিছুমান বস্তুটো বিচাৰিলে আমাৰ ভাগ্যত নাথাকে । যিখিনি নাই অথবা পোৱা নাই সেই খিনিৰ লগত লাগি থকাতকৈ আপোনাৰ নিজৰ লগত থকা বস্তুবোৰৰ মূল্য বুজিবলৈ চেষ্টা কৰক দেখিব খুব কম সময়ৰ ভিতৰতে আপুনিও এদিন এজন সুখী মানুহ হ’ব ।