সুখী হোৱাৰটিপচ – সঞ্জীৱ গগৈ

Pc Vietnam Manpower

সুখী হোৱাৰটিপচ

সঞ্জীৱ গগৈ
মেলেংগ্ৰাণ্ট ভোগপুৰ, যোৰহাট 

  • যাৰ পিতৃ-মাতৃ, সহৃদয় বন্ধু, পত্নী আৰু বছ আছে, পৰিয়াল প্ৰতিপালনৰ কাৰণে নিৰ্দিষ্ট আয়ৰ সংস্থান আছে, থাকিবলৈ নিজা ঘৰ আছে, যাৰ পৰিয়াল নিৰোগী তেৱেঁই সুখী।
  • যিজনে নিজকে সুখী বুলি ভাবে, তেৱেঁই সুখী।
  • যিজনে অলপতে সন্তুষ্ট, কাৰো পৰা কোনো প্ৰত্যাশা নকৰে, ঈশ্বৰৰ ওপৰত আস্থা ৰাখে, নিজৰ সম্পৰ্কে কোনো হীনমান্যতা নাই, তেৱেঁই সুখী।
  • কাৰোবাক সুখী কৰিবলৈ হ’লে নিজৰ সুখ কিছু এৰিব লগা হয়, কেতিয়াবা নিজৰ প্ৰিয়পাত্ৰকো এৰিব লগাত পৰে।
  • সুখ পাবলৈ হ’লে নিজৰ সীমা জানিব লাগিব। গোটেই জীৱন সুখৰ সন্ধানত উদভ্ৰান্ত হৈ ফুৰিলে সুখ পোৱা নাযায়।
  • আধিকাৰ নহয়, আত্মত্যাগতেই চিৰস্থায়ী সুখ পোৱা যায়।
  • ভালপোৱাতেই অনাবিল সুখ, ভাল পাওঁক পিতৃ-মাতৃক, স্ত্ৰী-সন্তানক, আত্মীয়-স্বজনক, স্বদেশক।
  • আত্মতৃপ্তিয়েই সুখ। যিটো ভাল বুলি ভাবিব তাকে কৰিব। বিৱেকৰ নিৰ্দেশমতে চলাৰ চেষ্টা কৰিব। কোনে কি ক’লে তাত গুৰুত্ব নিদি নিজৰ মতে চলক। সেইটোৱেই সুখৰ পথ।
  • সৎপথত চলাটোৱেই সুখ। কাৰণ তাত বিৱেকৰ যন্ত্ৰণাত জৰ্জৰিত হ’ব নালাগে। অতীতৰ বাবে দুখ আৰু ভৱিষ্যতৰ কাৰণে ভয়েই সকলো দুখৰ মূল। সুখ পাবলৈ হ’লে বৰ্তমানক লৈয়ে সন্তুষ্ট থাকক। ভৱিষ্যতৰ প্ৰতি আশাবাদী হওঁক আৰু দুঃসময়ৰ প্ৰতি সদায় তৈয়াৰ হৈ থাকক।
  • জীৱনৰ সুখ উপভোগ কৰিবলৈ হ’লে সকলো সময়তে মৃত্যুৰ কাৰণে প্ৰস্তুত থাকিব লাগিব। মৃত্যুক ভয় কৰিলে মৃত্যুৰ পৰা হাত সাৰিব নোৱাৰি।
  • সুখী হ’বলৈ হ’লে দাৰিদ্ৰ্য আৰু প্ৰয়োজনৰ অতিৰিক্ত ধন এই উভয় বিপদৰ পৰাই সৰ্তক থাকক।
  • সৃজনশীল মানুহৰ কাৰণে সৃষ্টিয়েই সুখ। প্ৰতিটো দুখেই সৃষ্টিৰ উৎস আৰু বিষাদেই তেওঁৰ সুখ।
  • যিজনে তৃপ্ত হ’ব নাজানে তেওঁ সুখী হ’বও নাজানে। যিখিনি হাতত পাইছে তাতে তৃপ্ত হৈ তাৰ পিছতহে অধিক পোৱাৰ কাৰণে হাত আগবঢ়াওক।
  • সংঘৰ্ষত সুখ নাই, আত্মসমৰ্পণতেই সুখ। কিন্তু আত্মসমৰ্পণ পৰাজয়ৰ পিছত নহয়, জয়-পৰাজয়ৰ আগতেই। কিন্তু ভাগ্যৰ ওচৰত কেতিয়াও আত্মসমৰ্পণ নকৰিব, কৰিব একমাত্ৰ ঈশ্বৰৰ ওচৰত।
  • সুখৰ কোনো সংজ্ঞা নাই। কেৱল মাত্ৰ অনুভৱহে কৰিব পাৰি।