সুখী জীৱন – ৰশ্মি ৰেখা দুৱৰা

সুখী জীৱন

ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড়

নহ’ব পাৰোঁ ধনৱন্ত
নকৰোঁ কোনো অট্টালিকাত বাস
নাই কোনো গাড়ী-মটৰ
নিবিচাৰোঁ দামী-দামী উপহাৰ
দুই-ভৰি,দুই-হাততেই জীৱনৰ অস্ত্ৰ।
সহজে নবগাওঁ শিখৰত
ধীৰ স্থিৰে জখলাৰে খুপি খুপি
আজুৰিম এধানি সুখ
নেদেখাজনৰ কৃপাতেই লাভ কৰোঁ সৰ্বস্ব।
বাৰিষাৰ বানৰ বোকাপানীত সাঁতুৰি
আঁকিছো সুখী জীৱনৰ প্ৰতিচ্ছবি
ৰং তুলিকাৰে সজাই তুলিছোঁ
চুুম্বন কৰি খোপনি লৈছে মাটিৰ বেৰত।
কিজানিবা কিহবাই মোচৰি পেলাই
দুখনি মৰমৰ পাখিক,
জোৰকৈ পাখি মেলি উৰিবলৈ অনিচ্ছাকৃত
ধীৰ গতিতেই সুখৰ বাৰিষা
মৰমৰ আবিৰত আৱদ্ধ সকলো সুখ।