সুখত আছা জানো তুমি ?
শুৱলা দাস, যোৰহাট
কেৱল যান্ত্ৰিকতা,
অহেতুক দৌৰা দৌৰি ,
কাৰোবাক চেৰ পেলোৱাৰ
বিৰামহীন প্ৰতিযোগিতাত !!
সুখেৰে আছানে তুমি ?
নিজৰ অৰ্থ-প্ৰাচুৰ্যক
কাৰোবাক দেখুৱাবলৈ
চলি থকা অহৰহ প্ৰচেষ্টাত
আৰু
আনৰ চাবলৈ একেবাৰেই অনিহাত।
সুখেৰে আছানে তুমি !!
অন্তৰংগতাৰ হয় জানো কৰ্ষণ তাত?
দেখা জানো যায়
তৰা ভৰা নীলাভ আকাশ??
উদাস নকৰেনে প্ৰাণ?
সেউজীয়া পথাৰ আৰ জীপাল গাওঁখনে ?
কংক্ৰীটৰ কঠোৱা আবেষ্টনীয়ে!(?)
সুখেৰে আছানে তুমি ?আমনি নকৰনে?
ককা -আইতাৰ-দাইটি-পেহিটিৰ
তামোলীয়া ওঁঠে !!
নকৰেনে হাহাকাৰ ভাওনা-সবাহৰ ৰাগে !!
কেতিয়াবা নোতোলেনে হদয়ত অনুৰণ
আইনাম-বিয়ানামে ?
কেতিয়াবা লাগেনে অকলশৰীয়া
কোলাহ’লৰো মাজে,
যেন চাপি আহক আই মোৰ
একেবাৰে আজলী
মূৰত হাত ফুৰাই
মুখে লৈ এধাৰি নিচুকনি…
সুখেৰে আছানে তুমি ?
যান্ত্ৰিক প্ৰতিযোগিতাই
ধৰাশায়ী কৰিছে নেকি জীৱন?
আৰু যদি হয়, আহাহে সুহৃদ
অতীতত হেৰুৱা মধুৰতম
দিনৰ সোঁৱৰণত
অম্বেষণ কৰোঁ সেউজীয়া দিনৰ
বিচাৰি লওঁ আমাৰ শৈশৱ,
আমাৰ গাওঁ, আমাৰ আকাশ
আমাৰ সমন্ধ, আমাৰ মৰম !!