সুকীয়া কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত “বি-জে-পি হাটাও

সুকীয়া কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত “বি-জে-পি হাটাও”,”কোঁচ-ৰাজবংশী বাচাও”,উত্তাল ধ্বনীৰে আক্ৰাছু আৰু কোঁচ-ৰাজবংশী জাতীয় পৰিষদৰ তিনি ঘণ্টাৰ অৱস্থান ধৰ্মঘট আন্দোলন পালন
প্ৰধান মন্ত্ৰী ,গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক চৰম পত্ৰ প্ৰেৰণ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম , পশ্চিম বংগ,বিহাৰ আৰু বাংলাদেশ আদি ৰাজ্য আৰু ৰাষ্ট্ৰৰ একাংশকলৈ দীৰ্ঘ দিন ধৰি সংগ্ৰাম কৰি অহাৰ পিছত কেন্দ্ৰ ৰাজ্য চৰকাৰে বিভিন্ন প্ৰকাৰে ঠগ-প্রবঞ্চনা কৰাৰ অন্তত এইবাৰ পুনৰ কোঁচ-ৰাজবংশী জনগোষ্ঠীটোৰ জাতীয় সংগঠন সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ নেতৃত্বত সুকীয়া কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতীকৰণ আদিৰ দাবীত বঙাইগাঁও, চিৰাং,কোকৰাঝাৰ, ধুবুৰী আৰু গোৱালপাৰা জিলাত তিনি ঘন্টাৰ অৱস্থান ধৰ্মঘট আন্দোলন পালন কৰি পৰিস্থিতি উত্তাল কৰি তোলে । প্ৰাপ্ত তথ্য মতে বঙাইগাঁও জিলা সদৰ চহৰত ৰাতিপুৱা ১১বজাত শ-শ আক্ৰাছুৰ বিভিন্ন গোটৰ নেতা -সদস্য , মহিলা নেত্ৰী আৰু সমৰ্থক আদিয়ে উপস্থিত হৈ “ন এছ -টি ন ৰেচ”, ন কমতাপুৰ ন ৰেচ “,আক্ৰাছু লং লিভ’ আদি শ্লো-গান দি পৰিস্থিতি উত্তাল কৰি ৩ ঘণ্টাৰ অৱস্থান ধর্মঘট আন্দোলন পালন কৰে।আৰু জিলা আয়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী,গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ একোখন স্মাৰক চৰমপত্ৰ প্ৰেৰণ কৰে । একেদৰে চিৰাং জিলা বিজনী মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ সন্মুখত আৰু ধুবুৰী জিলাৰ বিলাসীপাৰাত মহকুমাধিপতি কাৰ্য্যালয়ৰ সন্মুখত এই অৱস্থান ধর্মঘট আন্দোলনৰ পালন কৰি একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।সেইমতে বঙাইগাঁও আৰু চিৰাং জিলাত আক্ৰাছু আৰু কোঁচ ৰাজবংশী জাতীয় পৰিষদৰ শীৰ্ষনেতা ক্ষীতিশ বৰ্মন, বলোৰামে বৰ্মন,বিশ্বজিৎ ৰায়,মনোজ ৰায় ,জগন্নাথ ৰায় ,ভূপেন ৰায় কৰো নিৰ্মল কুমাৰ চৌধুৰী আদিয়ে অংশগ্ৰহণ কৰে বুলি বাটৰিটোত প্ৰকাশ।