সিহঁত শিয়ালৰ জাক – বাহাৰুল ইছলাম

সিহঁত শিয়ালৰ জাক 
বাহাৰুল ইছলাম, শিক্ষক
সিহঁত শিয়ালৰ জাক
টেঙৰ সিহঁতৰ প্ৰকৃতি
বুদ্ধিয়েই ইহঁতৰ শকতি
অনবৰতে মচগুল কৌশল ৰচাত
ছলাহী বচনবোৰৰ সিৰাই সিৰাই থাকে
অনেক মিছাৰ ভঁৰাল
সিহঁত যে শিয়ালৰ জাক ।
সিহঁত শিয়ালৰ জাক
স্বাৰ্থান্বেষী এই শিয়াল জাকৰ হিয়াখনি
হিংসাৰ নিলয়
বিচাৰে পৰৰ বিলয়
আভিজাত্যৰ শিখৰত উঠিবলৈ
পাৰি দিছে এশ-একুৰি মন্ত্রজাল
সিহঁত যে শিয়ালৰ জাক।
সিহঁত শিয়ালৰ জাক
নিষ্ঠুৰ স্বপ্নৰ অটব্য ধ্বনিত কঁপে
হোজা প্ৰাণীবোৰৰ নিকা হিয়াখনি
সিহঁতৰ তুমুল খেলত পৰাজিত হয় ঘনে ঘনে
সিহঁত যে শিয়ালৰ জাক।
সিহঁত শিয়ালৰ জাক
গা ধুয়ে তেজেৰে
জোকাই নেজেৰে,
পিন্ধনত শুভ্র বস্ত্র
মিঠা বচনেই অস্ত্র,
জোকহৈ শোষে তেজ হোজা লোকৰ
কিম্বা সোৱাদ লয় অবলা নাৰীৰ
সিহঁত যে শিয়ালৰ জাক।
সিহঁত শিয়ালৰ জাক
গগণফলা ধ্বনিয়ে হৰণ কৰে নিদ্রা
অট্টহাঁহিৰ আঁৰে আঁৰে অংকিত আছে
বাৰেবৰণীয়া ইন্দ্ৰজাল
অতপালি কৰিওঁ সিংহ হৈ ফুৰে ভ্ৰমি
সিহঁত যে সঁচাকৈয়ে শিয়ালৰ জাক